নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিনিয়োগকাৰীয়ে ভাৰতত মাত্ৰ এদিনতে হেৰুৱালে ৯ লাখ কোটি টকা

নিয়মীয়া বাৰ্তা, ১৩ মাৰ্চঃ ক’ভিড-১৯ ক মহামাৰী ৰূপে ঘোষণা কৰাৰ পাছতেই বিধ্বস্ত ৰূপ লৈছে বিশ্বৰ অৰ্থনীতি । ইয়াৰ নেতিবাচক প্ৰভাৱ পৰিছে ভাৰতীয় অৰ্থনীতিতো । বৃহস্পতিবাৰে বি এছ ই ছেনছেক্স ২৯১৯.২৬ পইণ্ট তথা ৮.১৮ শতাংশ নিম্নগামী হোৱাৰ লগতে এন এছ ই নিফটীৰো ৮৬৮.২৫ পইণ্ট তথা ৮.৩ শতাংশ নিম্নগামী হৈছে৷ এদিনতে ছেনছেক্স আৰু নিফ্টীৰ বৃহত্তম পইণ্ট নিম্নগামী হোৱাৰ পৰিপ্রেক্ষিতত শ্বেয়াৰ বজাৰত বিনিয়োগকাৰীয়ে বৃহৎ লোকচানৰ সন্মুখীন হৈছে৷ তথ্য মতে, ভাৰতৰ বজাৰত বিনিয়োগকাৰীয়ে এদিনতে ৯ লাখ কোটি টকা লোকচানৰ সন্মুখীন হৈছে৷ চলিত বর্ষৰ জানুৱাৰী মাহত বি এছ ই ছেনছেক্সে ৪২,২৭৪ পইণ্টলৈ অভিলেখ ঊর্ধ্বগামী হোৱাৰ পাছত শেহতীয়াভাৱে ক’ৰোনা ভাইৰাছৰ শংকাই ছেনছেক্সত অভাৱনীয় পইণ্ট নিম্নগামী হৈছে৷ আজি বজাৰ আৰম্ভণি হোৱাৰ লগে লগে ছেনছেক্স তিনি হাজাৰতকৈ অধিক পইণ্ট নিম্নগামী হ’লেও পিছলৈ কিছু উন্নত হৈ ২,৯১৯ পইণ্ট নিম্নগামী হৈ বজাৰ সামৰণি পৰে৷ অর্থাৎ ৮.১৮ শতাংশ নিম্নগামী হৈ ৩২,৭৭৮.১৪ত বজাৰ সামৰণি পৰে৷ ইপিনে, এন ই চি নিফ্টীৰো একেই অৱস্থা হয়৷ দিনজোৰা উত্থান–পতনৰ পাছত ৮৬৮.২৫ পইণ্ট তথা ৮.৩ শতাংশ নিম্নগামী হৈ নিফ্টী ৯,৫৯০.১৫ত বজাৰ সামৰণি পৰে৷ লক্ষণীয় যে বি এছ ই ছেনছেক্স নিম্নগামী হোৱাৰ ফলত টাটা ষ্টীল, এক্সিছ বেংক, অ’ এন জি চি, এছ বি আই, মহিন্দ্র এণ্ড মহিন্দ্র আৰু ৰিলায়েন্স ইণ্ডাষ্ট্রিজৰ ষ্টক ১১.২৪ শতাংশ লোকচানৰ সন্মুখীন হয়৷ আনপিনে, এন এছ ই নিফ্টীত ৰাজহুৱা খণ্ডৰ বেংক, মিডিয়া আৰু ৰিয়েলটী বিজিনেছ ৯.৭২ শতাংশ নিম্নগামী হয়৷ আঢ়ৈ বছৰৰ পাছত প্রথমবাৰৰ বাবে নিফ্টীৰ সূচক ১০ হাজাৰৰ অধীনলৈ নামি ৯,৫৯৪ পইণ্টত বজাৰ সামৰণি পৰে৷ শ্বেয়াৰ বজাৰত অঘটন ঘটাৰ লগতে মার্কিন ডলাৰৰ তুলনাত ভাৰতীয় মুদ্রাৰ মূল্যও নিম্নগামী হয়৷ আজি প্রতি মার্কিন ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্রাৰ মূল্য ৮২ পইচা হ্রাস পায়৷ অর্থাৎ মার্কিন ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্রাৰ মূল্য ৭৪.৫০ টকা হয়গৈ৷ ঘৰুৱা বজাৰৰ লগতে বিদেশী পুঁজি বিনিয়োগ হ্রাস পোৱাৰ পৰিপ্রেক্ষিততে টকাৰ অৱমূল্যায়ন ঘটে৷ আনপিনে, একেৰাহে তৃতীয় দিনলৈ সোণ আৰু ৰূপৰ মূল্য হ্রাস পাইছে৷ ভাৰতীয় টকাৰ অৱমূল্যায়ন ঘটাৰ ফলত সোণৰ প্রতি ১০ গ্রামৰ মূল্য আজি ১২৮ টকা হ্রাস পাইছে৷ কালি সোণৰ মূল্য প্রতি ১০ গ্রামত ৪৪,৬১৮ টকা আছিল যদিও আজি সেই সোণৰ মূল্য ৪৪,৪৯০ টকা হয়৷ আনহাতে, ৰূপৰ মূল্যও আজি হ্রাস পাইছে৷ প্রতি কিলোগ্রামত ৩০২ টকা হ্রাস পাই বজাৰত প্রতি কিলোগ্রাম ৰূপৰ মূল্য হৈছে ৪৪,৮৬৮ টকা৷

You might also like