নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩০ এপ্রিললৈকে কেইবাখনো দেশলৈ এয়াৰ ইণ্ডিয়াৰ সেৱা বাতিল

নিয়মীয়া বাৰ্তা, ১৪ মাৰ্চঃ ঘাতক ন’ভেল ক’ৰোনা ভাইৰাছৰ প্রকোপ বৃদ্ধি পোৱাৰ প্রতি লক্ষ্য ৰাখি ইটালী–ফ্রান্সকে ধৰি কেইবাখনো দেশলৈ অহা ৩০ এপ্রিললৈকে এয়াৰ ইণ্ডিয়াৰ সেৱা বাতিল কৰা হৈছে ৷ শুকুৰবাৰে এয়াৰ ইণ্ডিয়াই ইটালী, ফ্রান্স, জার্মানী, স্পেইন, দক্ষিণ কোৰিয়া আৰু শ্রীলংকালৈ সকলো উৰণ সেৱা ৩০ এপ্রিললৈকে বাতিল কৰা হৈছে বুলি ঘোষণা কৰে ৷

You might also like