হিন্দুক চৌদিশে আক্ৰমণ চলিছে : বলেন বৈশ্য
🛑 নলবাৰী জিলা হিন্দু যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিষ্ঠা দিৱস
নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ অসমৰ হিন্দু সমাজখনৰ ওপৰত এতিয়া চাৰিওফালৰ পৰা আক্ৰমণ চলিছে। মুছলমান আৰু খৃষ্টানৰ সমান্তৰালকৈ বাঁওপন্থীসকলেও সনাতনী হিন্দু সমাজক আক্ৰমণৰ লক্ষ্য হিচাপে লৈছে। বাঁওপন্থীসকল মুছলমান আৰু খৃষ্টানতকৈও ভয়ানক। গতিকে সনাতনী হিন্দু সকলে সজাগ হবৰ হল- নলবাৰীৰ নৱোদয় কৃষ্টি বিকাশ কেন্দ্ৰত হিন্দু যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্হিত থাকি সংগঠনটো কেন্দ্ৰীয় মুখ্য উপদেষ্টা বলেন বৈশ্যই এইদৰে তাৎপৰ্যপূৰ্ণ বক্তব্য ৰাখে। লগতে চীনৰ উইঘোৰত মুছলমানসকলক কমিউনিষ্ট চীনা চৰকাৰে কৰা অত্যাচাৰৰ আত ধৰি বৈশ্যই কয় যে অসমত থকা বাঁওপন্থী শিয়ালসমূহৰ পৰা সনাতনী হিন্দুক সুৰক্ষা দিয়া অতিকৈ প্ৰয়োজন হৈছে বুলি উল্লেখ কৰি শত্ৰুৰ হাতৰ পৰা দেশ ৰক্ষা কৰাৰ লক্ষ্য আৰু অসমৰ হিন্দু সমাজক একত্ৰিত কৰাৰ উদ্দেশ্যেতে হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমৰ জন্ম হোৱাৰ প্ৰাসংগীকতাও ভাষনত দোহাৰে। সমাজকৰ্মী ধৰণীধৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত বিশিষ্ট সমাজকৰ্মী জ্যোতিৰ্ময় শৰ্মা, জিলা আহ্বায়ক হিতেন্দ্ৰ চক্ৰৱৰ্তী ভাষন ৰখাৰ লগতে কেন্দ্ৰীয় উপদেষ্টা হৰিচৰণ শৰ্মা,দীপক শৰ্মা,সমাজকৰ্মী অশোক দত্ত,বিশাল বৰ্মন, জিলা বিষয়ববীয়া বিকাশ শৰ্মা,নৱ কুমাৰ শৰ্মা,প্ৰদ্যু শৰ্মা,হেমেন শৰ্মা, নিলাভ শৰ্মা, উদ্দিপ্ত শৰ্মা, দেৱাশিষ শৰ্মা, ভূপেন শৰ্মা, কৌশিক বৰ্মন, নিলোৎপল মজুমদাৰ, গুঞ্জন বৰ্মন, ধীৰাজ চক্ৰৱৰ্তী, মানস ভট্ট, উৎপল বৰ্মন, দিবাকৰ দাস, হিতেশ শৰ্মা, উৎপল শৰ্মাসহ ভালেমান ৰাইজ উপস্হিত থাকে। জিলা ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক অংশুমান শৰ্মাই সামগ্ৰিক পৰিচালনা কৰা অনুষ্ঠানৰ আদিতে পতাকা উত্তোলন কৰে আঞ্চলিকৰ উপদেষ্টা নৱ কুমাৰ মজুমদাৰে, ছহীদ তৰ্পন কৰে বাস্কা জিলাৰ সভাপতি ৰূপম কুমাৰে, বৃক্ষৰোপন কৰে আঞ্চলিকৰ সভাপতি বিকাশ শৰ্মাই, চিত্ৰাংকণ প্ৰতিযোগিতা উদ্বোধন কৰে যুৱ সমাজকৰ্মী প্ৰাণজিৎ ঠাকুৰীয়াই, বিনামূলীয়া স্বাস্হ্য শিবিৰ উদ্বোধন কৰে বাস্কা, তামুলপুৰ জিলাৰ আয়ুস বিষয়া প্ৰণৱ শৰ্মাই।
প্ৰেৰক প্ৰাঞ্জল শৰ্মা