ইংলেণ্ডৰে টি–২০ শৃংখলালৈ ভাৰতীয় দল ঘোষণা
🔹 ১৪ মাহৰ অন্তত দললৈ প্রত্যাৱর্তন ছামিৰ : বাদ পৰিল অসম-সন্তান ৰিয়ান
নিউজ ডেস্ক, ১২ জানুৱাৰী : সুদীর্ঘ ১৪ মাহৰ অন্তত ভাৰতীয় ক্রিকেট দললৈ প্রত্যাৱর্তন ঘটিল তাৰকা পেচ বলাৰ মহম্মদ ছামিৰ৷ আলহী দল ইংলেণ্ডৰ বিপক্ষে খেলিবলগীয়া আগন্তুক পাঁচখনীয়া টি–২০ মেচৰ শৃংখলাটোৰ বাবে ঘোষণা কৰা ভাৰতীয় দলটোত স্থান লাভ কৰিলে ছামিয়ে৷ মন কৰিবলগীয়া যে ২০২৩ চনত ভাৰতত অনুষ্ঠিত এদিনীয়া বিশ্বকাপৰ ফাইনেল মেচৰ পিছৰে পৰা আঘাতৰ বাবে জাতীয় দলৰ বাহিৰত আছিল মহম্মদ ছামি৷ শেহতীয়াকৈ ৩৪ বছৰীয়া পেচ বলাৰগৰাকীয়ে ৰঞ্জি ট্রফী, চৈয়দ মুস্তাক আলী আৰু বিজয় হাজাৰে ট্রফীত অংশগ্রহণ কৰি উন্নত প্রদর্শন দাঙি ধৰাৰ সুবাদতে ভাৰতীয় দলটোত স্থান লাভ কৰিবলৈ সক্ষম হয়৷ ইফালে, ২২ জানুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া টি–২০ মেচৰ শৃংখলাটোত স্থান লাভৰ পৰা বঞ্চিত হয় অসম-সন্তান ৰিয়ান পৰাগ৷ আঘাতৰ পৰা সম্পূর্ণ আৰোগ্য লাভ নকৰাৰ বাবেই ৰিয়ানক উক্ত শৃংখলাটোৰ বাবে বিবেচনা কৰা নহ’ল৷ ঘোষিত দলটোত ঋষভ পণ্টকো অন্তর্ভুক্ত কৰাৰ পৰা বিৰত থাকে নির্বাচক মণ্ডলী৷ দলটোত সঞ্জু ছেমছন আৰু ধ্রুৱ জুৰেলৰ লগতে নীতিশ কুমাৰ ৰেড্ডীক অন্তর্ভুক্ত কৰা হৈছে৷ নীতিশক ৰমণদ্বীপ সিঙৰ স্থানত অন্তর্ভুক্ত কৰা হয়৷ ইফালে, ঘোষিত দলটোৰ পৰা বাদ পৰিছে শিৱম ডুবে আৰু অভিষেক শর্মা৷ অভিষেকৰ স্থানত যশস্বী জয়ছোৱালক অন্তর্ভুক্ত কৰা হয়৷ আনহাতে, সম্প্রতি আঘাতত ভুগি থকা তাৰকা পেচ বলাৰ যশপ্রীত বুমৰাহৰ লগতে মহম্মদ ছিৰাজকো ইংলেণ্ডৰে খেলিবলগীয়া ঘৰুৱা টি–২০ শৃংখলাটোত বিশ্রাম দিয়া হৈছে৷ ইফালে, ইংলেণ্ডৰে খেলিবলগীয়া তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাটোৰ লগতে আইচিচি চেম্পিয়ন ট্রফীৰ বাবে ভাৰতীয় দলটো ঘোষণা কৰাৰ পৰা বিৰত থাকে নির্বাচক মণ্ডলী৷ চেম্পিয়ন ট্রফীলৈ দল ঘোষণা কৰাৰ বাবে আজি অন্তিম দিন যদিও ইয়াৰ সময়সীমা বৃদ্ধি কৰাৰ বাবে বিচিচিআয়ে আইচিচিক অনুৰোধ জনাব৷ ইংলেণ্ডৰে খেলিবলগীয়া টি–২০ মেচৰ শৃংখলাটোৰ বাবে ঘোষণা কৰা ভাৰতীয় দলটো হ’ল– সূর্যকুমাৰ যাদৱ, সঞ্জু ছেমছন, যশস্বী জয়ছোৱাল, তিলক বার্মা, নীতিশ কুমাৰ ৰেড্ডী, মহম্মদ ছামি, অর্শদীপ সিং, হর্ষিত ৰাণা, ধ্রুৱ জুৰেল, ৰিংকু সিং, হার্দিক পাণ্ডিয়া, অক্ষৰ পেটেল, ৰবী বিষ্ণই, বৰুণ চক্রৱর্তী আৰু ৱাশ্বিংটন সুন্দৰ৷