নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰশংসিত নলবাৰীৰ শিশু বিজ্ঞানী অস্মিতা

বিশেষ বাৰ্তা, ১৬ জানুৱাৰীঃ ৰাষ্ট্ৰীয়  পৰ্যায়ত প্ৰশংসিত হৈছে নলবাৰীৰ এটি শিশু বিজ্ঞানী।নলবাৰী জিলাৰ পাইকাৰকুছি গাঁৱৰ অখিল বৰ্মন আৰু চন্দনা বৰ্মনৰ কন্যা অস্মিতা বৰ্মনে যোৱা ৩ জানুৱাৰীৰ পৰা ৬ জানুৱাৰীলৈ ভূপালত অনুষ্ঠিত ৩১তম্ ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত অসম দলৰ হৈ প্ৰতিনিধিত্ব কৰি নিজৰ প্ৰকল্প সুন্দৰভাৱে উপস্থিত কৰে। মুঠ ২৩জনীয়া অসম দলৰ লগত নলবাৰী জিলাৰ পৰা একমাত্ৰ সদস্য হিচাপে প্ৰতিনিধিত্ব কৰা অস্মিতাৰ প্ৰকল্পটোৱে ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা অহা বিভিন্ন লোকৰ মাজত সমাদৰ লাভ কৰে।ৰাজকদমতল বালিকা বিদ্যাপীঠৰ সপ্তমমান শ্ৰেনীৰ ছাত্ৰী অস্মিতাই যোৱা বছৰ হাফলঙত অনুষ্ঠিত শিশু বিজ্ঞান সমাৰোহত নলবাৰী জিলাক প্ৰতিনিধিত্ব কৰি পিছত অসম দলৰ হৈ প্ৰতিনিধিত্ব কৰিবলৈ নিৰ্বাচিত হৈছিল। বিশেষভাৱে সক্ষম অস্মিতাই সৰুৰে পৰা ঘৰত থাকিয়েই পঢ়া শুনা কৰিছিল। ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰশংসিত অস্মিতাৰ প্ৰকল্প শিৰোনাম আছিল- ‘আমাৰ বাপতি সাহোন ৰঙালী বিহুত গৰু বিহু আৰু মানুহ বিহুৰ লগতে কাতি বিহুৰ লগত জড়িত পৰম্পৰা আৰু লোকাচাৰৰ বৈজ্ঞানিক বিশ্লেষন’। শিশুটিৰ এনে সাফল্যক লৈ সমগ্ৰ অঞ্চলবাসী গৌৰৱান্বিত হৈ পৰিছে।
প্ৰেৰক অৰূপ ৰঞ্জন বৰ্মন
You might also like