পাকিস্তানত পানীৰ দৰত বিক্ৰী চেম্পিয়নছ ট্ৰফীৰ টিকট
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৭ জানুৱাৰীঃ ১৯ ফেব্রুৱাৰীৰ পৰা আৰম্ভ হ’ব আইচিচি চেম্পিয়নছ ট্রফী৷ ইতিমধ্যে ঘোষণা কৰা হৈছে সূচী৷ টিকট বিক্রীও আৰম্ভ হৈছে৷ পাকিস্তানৰ লাহোৰ, কৰাচী আৰু ৰাৱালপিণ্ডিৰ লগতে ডুবাইত অনুষ্ঠিত হ’ব প্রতিযোগিতাখনৰ মেচ৷ শেহতীয়াকৈ প্রকাশ পাইছে টিকটৰ মূল্য৷ পাকিস্তানত হ’বলগীয়া মেচৰ টিকটৰ মূল্য ৰাজহুৱা কৰা হৈছে যদিও ডুবাইত হ’বলগীয়া খেলৰ টিকটৰ মূল্য এতিয়াও জানিব পৰা হোৱা নাই৷ পাকিস্তানত পানীৰ দৰত বিক্রী হৈছে চেম্পিয়নছ ট্রফীৰ টিকট৷ পাকিস্তানৰ তিনিওখন ষ্টেডিয়ামৰ টিকটৰ মূল্য ভাৰতীয় মুদ্রাত ৩১০ টকা৷ যাক লৈ বিভিন্ন মহলত চর্চা হৈছে৷ কিয়নো ভাৰতত ১ কিলোগ্রাম পনীৰৰ দামো তাতকৈ কম৷ ভাৰতত ১ কিলো পনীৰৰ গড় মূল্য প্রায় ৪০০ টকা৷ ৰাৱালপিণ্ডিত পাকিস্তান আৰু বাংলাদেশৰ দৰে গুৰুত্বপূর্ণ খেলত টিকটৰ মূল্য ভাৰতীয় মূদ্রাত ৬২০ টকাৰ পৰা আৰম্ভ হয়৷ ছেমিফাইনেলৰ টিকটৰ মূল্য ভাৰতীয় মূদ্রাত ৭৭৬ টকাৰ পৰা আৰম্ভ হয়৷ প্রিমিয়াম দর্শনৰ অভিজ্ঞতা লাভ কৰিবলৈ গ্রুপ পর্যায়ৰ খেলৰ বাবে ভাৰতীয় হিচাপত ৩৭২৬ টকা আৰু ছেমিত ভাৰতীয় হিচাপত ৭৭৬৪ টকাৰ বাবদ ভিভিআইপি টিকট উপলব্ধ হ’ব৷ স্থানৰ ওপৰত নির্ভৰ কৰি প্রিমিয়াৰ ষ্টেণ্ডৰ বাবে টিকটৰ মূল্য ভাৰতীয় মুদ্রাত ১০৮৬–২১৭০ টকালৈকে হ’ব৷