নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাপাৰকুছি গ্ৰাম্য পুথিভঁৰালৰ প্ৰতিষ্ঠা-শিল্পী দিৱস উদযাপন

বিশেষ বাৰ্তা, ১৭ জানুৱাৰী : নলবাৰী জিলাৰ জাপাৰকুছি গ্ৰাম্য পুথিভঁৰালৰ সপ্তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু শিল্পী দিৱসটি আজি উদযাপন কৰা হয়।  কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে জাপাৰকুছি গ্ৰাম্য পুথিভঁৰালৰ সভাপতি বিনন্দ চন্দ্ৰ হাজৰিকাই, শ্বহীদ তৰ্পণ কৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী চহৰ সমিতিৰ সভাপতি কংকণ দত্তই। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে ডাঃ গজেন ডেকাই। তাৰ পিছত চিত্ৰাংকন প্ৰতিযোগিতা আৰু কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত কৰে। প্ৰতিযোগিতাত নলবাৰীৰ বিভিন্ন প্ৰান্তৰ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। তাৰ পিছত জাপাৰকুছি গ্ৰাম্য পুথিভঁৰালৰ সভাপতি বিনন্দ চন্দ্ৰ হাজৰিকাৰ সভাপতিত্বত বঁটা বিতাৰণী সভা অনুষ্ঠিত হয় । সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে পুথিভঁৰালৰ সাধাৰণ সম্পাদক কৌশিক বৰ্মনে। সভাত অতিথি হিচাপে উপস্থিত থাকে জাপাৰকুছি গাঁও উন্নয়ন সমিতিৰ সভাপতি গৌৰীকান্ত বৰ্মন, বিশিষ্ট চিকিৎসক ডাঃ গজেন্দ্ৰ ডেকা, বিশিষ্ট সমাজকৰ্মী সত্যজিৎ তালুকদাৰ। সভাত জাপাৰকুছি গ্ৰাম্য পুথিভঁৰালৰ বাৰ্ষিক স্মৰণিকা “জ্ঞানতীৰ্থ” উন্মোচন কৰে জাপাৰকুছি জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি ৰজনী বৰ্মনে। উক্ত অনুষ্ঠানত জাপাৰকুছি গ্ৰাম্য পুথিভঁৰালৰ লগতে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনী আৰু সৃষ্টিৰাজি সম্পৰ্কে বক্তব্য আগবঢ়ায়।

You might also like