নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত স্কুল পৰিদৰ্শন কৰিবলৈ গৈ ৰান্ধনীৰ ৰূপত মন্ত্ৰী ৰঞ্জিত দাস

নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰীঃ বিদ্যালয়সমূহৰ শৈক্ষিক মান উন্নীতকৰণৰ হেতু ৰাজ্যজুৰি চলি থকা “গুণোৎসৱ-২০২৫” উপলক্ষে আজি ধুবুৰী জিলাৰ গৌৰীপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত ধুবুৰী চহৰিস্থ পিএম শ্ৰী বি. চি. মেমোৰিয়েল ছোৱালী এম ই স্কুল পৰিদৰ্শন কৰে অসম চৰকাৰ কেবিনেট মন্ত্ৰী তথা জিলাখনৰ অভিভাবক মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে। মন্ত্ৰীগৰাকীয়ে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী সকলৰ সৈতে মত বিনিময় কৰে। বিদ্যালয়খনৰ প্ৰতিটো শ্ৰেণীকোঠাত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতেও কথা পাতে তেওঁ। আনকি, মন্ত্ৰী দাসে ৰান্ধনীশালত ৰান্ধনীৰ ৰূপত ৰন্ধা-বঢ়া কৰা দেখা যায়। বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ৰন্ধা মধ্যাহ্ন ভোজনৰো জুঁতি লয় তেওঁ। আনহাতে জৰুৱা চৰ পাব্লিক হাইস্কুলৰ প্ৰধান শিক্ষক আয়ুব আলীয়ে নিয়মিত ভাবে বিদ্যালয়ত পাঠদান নকৰা তথা প্ৰায়েই অনুপস্থিত থাকে বুলি অৱগত হৈ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে উপস্থিত সংবাদাকিৰ সন্মুখতে প্ৰধান শিক্ষকগৰাকীক তাৎক্ষণিক ভাবে নিলম্বন কৰাৰ বাবে ধুবুৰী জিলাৰ বিদ্যালয় পৰিদৰ্শক গৰাকীক নিৰ্দেশ দিযে। ইপিনে পঞ্চায়ত নিৰ্বাচনৰ বিষয়টো লৈ সাংবাদিকে কৰা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে, “কংগ্ৰেছৰ বাবেই নিৰ্বাচন অনুষ্ঠিত কৰাত পলম হৈছে যদিওঁ পৰীক্ষাত কৈ পঞ্চায়ত নিৰ্বাচন ডাঙৰ নহয়, সেয়ে মেট্ৰিক আৰু উচ্চ মাধ্যমিক পৰীক্ষাৰ পাছতে ৰাজ্যত পঞ্চায়ত নিৰ্বাচন হব।” আজি ধুবুৰী চহৰৰ মাজমজিয়াৰ নবনির্মিত শ্ৰীমন্ত শংকৰদেৱ শিশু উদ্যানত নতুনকৈ নিৰ্মাণ হ’বলগীয়া এখন চুইমিং পুলৰ নিৰ্মাণ কাৰ্যৰো আনুষ্ঠানিক শুভ উদ্বোধন কৰে তেওঁ। পিছত ধুবুৰী জিলা আয়ুক্ত দিবাকৰ নাথ প্ৰমুখ্যে জিলা প্ৰশাসনৰ শীৰ্ষ আমোলা-বিষয়াৰ উপস্থিতিত এক গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকত অংশ লয় মন্ত্ৰীগৰাকীয়ে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like