WHO IS BADRUDDIN বুলি কোৱাৰ বাবেই উজনিত হাৰিছিলোঃ তৰুণ গগৈ
নিয়মীয়া বাৰ্তা, ১৪ মাৰ্চঃ ৰাজনীতিত সকলো সম্ভৱ এই কথা প্ৰমাণ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ। পূৰ্বতে AIUDFৰ লগত কেতিয়াও মিত্ৰতা নকৰো বুলি কোৱা তৰুণ গগৈৰ এতিয়াৰ ভাষ্য সলনি হ’ল।
আজি সাংবাদিকৰ আগত তৰুণ গগৈয়ে ক’লে কংগ্ৰেছ-AIUDFৰ মিত্ৰতা পূৰ্বৰ পৰাই আছিল। এসময়ত WHO IS BADRUDDIN বুলি কোৱা তৰুণ গগৈয়ে ক’লে WHO IS BADRUDDIN বুলি কোৱাৰ বাবেই ২০০৬চনত উজনিত হাৰিছিলো আৰু ক’বলৈ বাদ দিয়াৰ পিছতহে আকৌ জিকিছো। তেওঁ লগতে কয় কংগ্ৰেছ-AIUDFৰ সম্বন্ধ আজিৰ নহয়, ২০ বছৰ পুৰণি দুয়োটা দলৰ সম্পৰ্ক। ২০০১ৰ নিৰ্বাচনত কংগ্ৰেছক সহায় কৰিছিল AIUDF-এ। বিজেপিয়ে ‘Sacrifice’ কৰাৰ দৰে ২০২১ৰ নিৰ্বাচনত কংগ্ৰেছ-AIUDF-এ কিছু কিছু ক্ষেত্ৰত ‘Sacrifice’ কৰিব লাগিব বুলি মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ।