নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইতিহাস ৰচি তৃতীয়বাৰলৈ খিতাপ অর্জন কৰিলে এ টি কে এফ চি দলে

নিয়মীয়া বাৰ্তা, ১৫ মাৰ্চঃ ইতিহাস ৰচি এ টি কে এফ চি দলে তৃতীয়বাৰলৈ ইণ্ডিয়ান ছুপাৰ লীগৰ খিতাপ দখল কৰিছে৷ শনিবাৰে গোৱাৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত ষষ্ঠ হিৰো ইণ্ডিয়ান ছুপাৰ লীগৰ ফাইনেল মেচখনত এ টি কেই দুবাৰৰ চেম্পিয়ন চেন্নাইন এফ চিক ৩–১ গ’লত পৰাস্ত কৰে৷

উল্লেখ্য যে ইয়াৰ পূর্বে এ টি কেই ২০১৪ আৰু ২০১৬ চনত প্রতিযোগিতাখনৰ খিতাপ জয় কৰিছিল৷ তৃতীয়বাৰ ফাইনেল খেলি পুনৰ চেম্পিয়ন ট্রফী হাতত লৈ গৌৰৱ অর্জন কৰিলে কলকাতাৰ দলটোৱে৷ বিপৰীতে চেন্নাইনে তৃতীয়বাৰলৈ ফাইনেলত ভাগ লয় যদিও প্রথমবাৰৰ বাবে আজি খিতাপৰ যুঁজত ব্যর্থ হয়৷ ইয়াৰ পূর্বে দলটোৱে ২০১৫ আৰু ২০১৭ চনত প্রতিযোগিতাখনৰ খিতাপ জয় কৰিছিল৷ ষ্টেডিয়ামত দর্শক নাথাকিলেও আক্রমণ–প্রত্যাক্রম আৰম্ভ হয় হাই ভ’ল্টেজ ফাইনেল মেচখন৷ এ টি কেই আৰম্ভণিতে আক্রমণ কৰি ৰণনীতি স্পষ্ট কৰে৷ খেলৰ ১০ মিনিটত জেভিয়াৰ হার্নাণ্ডেজে গ’ল কৰি দলক ১–০ত অগ্রগতি প্রদান কৰাৰ পাছত ৪৮ মিনিটত এডু গার্ছিয়াই পুনৰ গ’ল কৰি দলটোক ২–০ গ’লত অগ্রগতি দিয়ে৷ অৱশ্যে ৬৯ মিনিটত চেন্নাইনৰ বালস্কিছে গ’ল কৰাত ব্যৱধান ২–১লৈ হ্রাস হয়৷ কিন্তু দ্বিতীয়ার্ধৰ ইনজুৰি সময়ত জেভিয়াৰে পুনৰ গ’ল কৰি এ টি কেক ৩–১ত জয়ৰ সোৱাদ দিয়ে৷

You might also like