নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছে*ক্স পার্টীত বিশ্বৰ ধনকুবেৰৰ উদ্দাম যৌন*তা, হতচকিত বিশ্ব

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৯ জানুৱাৰীঃ ৱর্ল্ড ইক’নমিক ফ’ৰামৰ মঞ্চত যৌনতাৰ পয়োভৰ কোটি কোটি টকাৰ বিনিময়ত শেষ পার্টীত বহিছিল বিশ্বৰ উদ্যোগ জগতৰ ধনকুবেৰসকল৷ আন্তর্জাতিক সংবাদ সংস্থা ডেইলী মেইলৰ এক প্রতিবেদনত পোহৰলৈ আহিছে এই চাঞ্চল্যকৰ তথ্য৷ স্বাভাৱিকতে এই ঘটনাক লৈ সৃষ্টি হৈছে তীব্র বিতর্ক৷ চলিত বর্ষৰ ৱর্ল্ড ইক’নমিক ফ’ৰামৰ সন্মিলন আয়োজন কৰা হৈছে ছুইজাৰলেণ্ডৰ ডাভোছ চহৰত৷ বিশ্বৰ অর্থনৈতিক ব্যৱস্থাৰ উন্নতিৰ লক্ষ্যত ভিভিআইপিৰ এই সন্মিলনত দিনৰ ভাগত গুৰুত্বপূর্ণ বিভিন্ন বিষয়ক লৈ আলোচনা কৰিছিল অতিথিসকলে৷ আলোচনাৰ বিষয়বস্তু আছিল চতুর্থ উদ্যোগ বিপ্লৱ, জলবায়ু পৰিৱর্তন আদি৷ কিন্তু নিশাৰ ভাগত যেন সলনি হৈ গ’ল সকলো৷ ডাভোছ চহৰৰ যৌনকর্মীসকলক বৃহৎ অংকৰ ধনৰ বিনিময়ত এই সন্মিলনলৈ মাতি অনা হ’ল৷ ইয়াতেই আয়োজন কৰা হ’ল ব্যয়বহুল ছেক্স পার্টী৷ ডাভোছৰ এছক’ট সংস্থাবোৰৰ উদ্ধৃতি দি ডেইলী মেইলে সদৰী কৰিছে যে বহু যৌনকর্মী আৰু ট্রেন্স ছেক্সুৱেল মহিলাক ভাৰা কৰা হৈছিল ‘নন ডিছপ’জাৰ চুক্তি’ৰ জৰিয়তে৷ অর্থাৎ গোপন চুক্তিৰ জৰিয়তে যৌনকর্মীসকলক ভিভিআইপিসকলৰ বাবে ভাৰা কৰি অনা হৈছিল৷ ডাভোছত ২০ৰ পৰা ২৪ জানুৱাৰীলৈকে চলা এই সন্মিলনত ব্যৱসায়ী আৰু উদ্যোগ জগতৰ প্রায় তিনি হাজাৰ প্রভাৱশালী ব্যক্তি উপস্থিত আছিল৷ ইয়াৰ উপৰি অভিনেতা, সাংবাদিক আৰু ক্রীড়াবিদসকলেও এই সন্মিলনত অংশগ্রহণ কৰিছিল৷ সংবাদ মাধ্যমৰ প্রতিবেদন অনুসৰি, উদ্যোগপতি তথা ধনকুবেৰসকলৰ আমোদ–প্রমোদৰ বাবে ডাভোছৰ ৩০০ যৌনকর্মীক ভাৰা কৰি অনা হৈছিল এই সন্মিলনলৈ৷ নজিৰবিহীনভাৱে এই ছেক্স পার্টীত ধন খৰচ কৰিলে ৱর্ল্ড ইক’নমিক ফ’ৰামৰ উদ্যোক্তাসকলে৷ বিষয়টোক লৈ এতিয়া বিশ্বজুৰি চলিছে সৰৱ চর্চা৷

You might also like