নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাকাশত ইতিহাস গঢ়িব বায়ুসেনাৰ গ্ৰুপ কেপ্টেইন শুক্লাই

🔹 আন্তর্জাতিক মহাকাশ কেন্দ্রৰ অভিযানত প্রথম ভাৰতীয় মহাকাশচাৰী
🔹 ৰাকেশ শর্মাৰ পিছত দ্বিতীয়জন মহাকাশচাৰী সুভাংশু শুক্লা

নিউজ ডেস্ক, ১ ফেব্ৰুৱাৰী : আন্তর্জাতিক মহাকাশ কেন্দ্র চমুকৈ আইএছএছ অভিযানত প্রথম ভাৰতীয় মহাকাশচাৰী হিচাপে ইতিহাস গঢ়িব বায়ুসেনাৰ গ্রুপ কেপ্টেইন সুভাংশু শুক্লাই৷ মহাকাশচাৰী ৰাকেশ শর্মাৰ পিছত দ্বিতীয়জন ভাৰতীয় হিচাপে মহাকাশলৈ যাব বায়ুসেনাৰ গ্রুপ কেপ্টেইন শুক্লাই৷ ভাৰত আৰু আমেৰিকাৰ আন্তর্জাতিক মহাকাশ ষ্টেচনলৈ অভিযানত গ্রুপ কেপ্টেইন শুক্লাক নির্বাচন কৰা হৈছে৷ চলিত বর্ষৰ শেষৰ ফালে অক্সিয়ম মিছন ৪ (এএক্স–৪) উৎক্ষেপণ কৰা হ’ব৷ উল্লেখ্য যে এই অভিযানত পাইলট হিচাপে আইএছএছলৈ যাবলগীয়া গ্রুপ কেপ্টেইন শুক্লাই মহাকাশত যোগ অনুশীলন কৰিব৷ তদুপৰি শুক্লাই তেওঁৰ সহযোগী মহাকাশচাৰীক দেশীয় খাদ্য পৰিৱেশন কৰিব৷ মন কৰিবলগীয়া যে ইছৰোৱে এই অভিযানৰ বাবে গ্রুপ কেপ্টেইন সুভাংশু শুক্লা আৰু প্রশান্ত বালাকৃষ্ণণ নায়াৰক নির্বাচন কৰিছিল যদিও পিছলৈ প্রথম হিচাপে শুক্লাক নির্বাচন কৰে আৰু নায়াৰক সংৰক্ষিত হিচাপে ৰাখিছে৷ ভাৰতীয় বায়ুসেনা বাহিনীৰ বিশিষ্ট পাইলট শুক্লা হৈছে মহাকাশচাৰী হিচাপে নির্বাচন কৰা কনিষ্ঠতম মহাকাশচাৰী৷ লক্ষণীয় যে গগনযান মানৱসহিত মহাকাশ অভিযানতো চাৰিজন পাইলটৰ ভিতৰত এজন হিচাপে আছে শুক্লা৷ উত্তৰ প্রদেশৰ লক্ষ্ণৌত ১৯৮৫ চনৰ ১০ অক্টোবৰত জন্মগ্রহণ কৰা শুক্লাই ২০০৬ চনৰ জুনত ভাৰতীয় বায়ুসেনা বাহিনীক যুঁজাৰু পাইলট হিচাপে ভর্তি হয়৷ ২০২৪ চনৰ মার্চ মাহত শুক্লাৰ গ্রুপ কেপ্টেইন হিচাপে পদোন্নতি হয়৷ ছুখই–৩০ এমকেআই, মিগ–২১, মিগ–২৯, জাগুৱাৰ, হক, ডর্নিয়াৰ আৰু এএন–৩২ যুঁজাৰু বিমানৰ অভিজ্ঞ পাইলট শুক্লাই ভাৰত–আমেৰিকাৰ আইএছএছ অভিযানত নির্বাচন হোৱাক লৈ তেওঁৰ পিতৃ শম্ভু দয়াল শুক্লাই সন্তুষ্টি ব্যক্ত কৰিছে৷

You might also like