নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাৰ্বি আংলঙৰ ডকমকাত ট্ৰাকত জব্দ অবৈধ বিলাতী সুৰা

নিয়মীয়া বাৰ্তা, ২ ফেব্ৰুৱাৰী : অৰুণাচলৰ পৰা ইম্ফললৈ সৰবৰাহ হয় অবৈধ সুৰা ! এই দৃশ্য কাৰ্বি আংলঙৰ ডকমকাৰ । ডকমকা আৰক্ষী থানাৰ সন্মুখৰ নাকা তালাচীত দেওবাৰে পুৱা সন্দেহবশত: তালাচী চলোৱাত AS-01 KC-6645 নম্বৰৰ ট্ৰাকখনৰ গোপন চেম্বাৰত ধৰা পৰে মুঠ ২০৫ কাৰ্টন অবৈধ বিলাতী সুৰা । ট্ৰাকখন অৰুণাচলৰ পৰা ইম্ফল অভিমুখে গৈ আছিল বুলি ধৃত ট্ৰাকচালক ইব্ৰাহিম আলীয়ে প্ৰকাশ কৰিছে । অধিক তথ্যৰ বাবে চালক ইব্ৰাহিমক আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে ।

প্ৰেৰক ৰাজু কাঠাৰ

You might also like