নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভ্ৰাম্যমান থিয়েটাৰ বন্ধ নকৰিবলৈ কিয় আহ্বান জনালে প্ৰস্তুতি পৰাশৰে?

নিয়মীয়া বাৰ্তা, ১৫ মাৰ্চঃ বিশ্বজুৰি কৰ’ণা ভাইৰাছৰ আতংক। দেশত প্ৰায় এশৰো অধিক লোক আক্ৰান্ত হৈছে কৰ’ণা ভাইৰাছত। অসমত কোনো লোক আক্ৰান্ত হোৱা নাই যদিও সকলোকে সাৱধানতা অবলম্বন কৰিবলৈ আহ্বান। সোমবাৰৰ পৰা বন্ধ ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান, চিনেমা হল, শৰীৰ চৰ্চা কেন্দ্ৰ।

      জনসমাগমৰ পৰা আঁতৰি থকাৰ উপৰিও  উৰা বাতৰিত ৰাইজক বিশ্বাস নকৰিবলৈ আহ্বান চৰকাৰৰ। এনে সময়তে জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ আহ্বান ভ্ৰাম্যমান থিয়েটাৰ বন্ধ নকৰিবলৈ, কিয়নো ভ্ৰাম্যমানত প্ৰায় ডেৰশ লোক জড়িত হৈ থাকে, তেওঁলোকৰ পৰিয়ালৰ চলি আছে ভ্ৰাম্যমানৰ পৰা উপাৰ্জিত ধনৰে।গতিকে তেওঁলোকৰ উপাৰ্জনৰ পথ নোহোৱা হ’ব। যিহেতু ভ্ৰাম্যমান থিয়েটাৰ শেষ হ’বলৈ প্ৰায় ডেৰমাহ আছে গতিকে থিয়েটাৰ বন্ধ নকৰিবলৈ চৰকাৰলৈ আহ্বান প্ৰস্তুতি পৰাশৰৰ।

          তেওঁ লগতে কয় যে ভ্ৰাম্যমানক কেৱল বিনোদনৰ মাধ্যমৰ বুলি গণ্য কৰিলে ভুল কৰা হ’ব। ভ্ৰাম্যমানৰ উদ্যোগতা সকলে এই ভাইৰাছৰ সংক্ৰমণৰ ৰোধ কৰিবলৈ সকলো সাৱধানতা অৱলম্বন কৰিছে। যিহেতু ভ্ৰাম্যমান সম্পূৰ্ণভাৱে থলুৱা আৰু কোনো বিদেশী পৰ্যটকে উপভোগ কৰিবলৈ নাহে গতিকে বেছি ভয়ৰ কাৰণ নাই বুলিও সাংবাদিকৰ আগত প্ৰকাশ কৰে অভিনেত্ৰীগৰাকীয়ে।

You might also like