নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ ফেব্ৰুৱাৰীঃ অসমীয়া মহিলাক কেন্দ্র কৰি সামাজিক মাধ্যমযোগে আপত্তিজনক মন্তব্য কৰা ইউটিউবাৰ অভিষেক কৰক চিআইডিয়ে উলুবাৰীৰ কার্যালয়ত জেৰা চলায়৷ উল্লেখ্য যে ইউটিউবাৰজনে এটা পডকাষ্টৰ জৰিয়তে অসমৰ মায়ঙৰ মহিলাই ইয়ালৈ অহা সকলো পুৰুষক ছাগলী অথবা অন্যান্য জন্তুলৈ যাদুৰ জৰিয়তে ৰূপান্তৰ কৰে বুলি মন্তব্য কৰিছিল৷ অসমীয়া মহিলাৰ বিৰুদ্ধে এনেধৰণৰ আপত্তিজনক মন্তব্য আগবঢ়োৱা ইউটিউবাৰজনৰ এই কাণ্ডক লৈ ৰাজ্যজুৰি ব্যাপক প্রতিক্রিয়া হোৱাৰ সময়তে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মায়ো বিষয়টোৰ গুৰুত্ব উপলব্ধি কৰি অসম আৰক্ষীৰ সঞ্চালকপ্রধানক অসমৰ বিৰুদ্ধে মিছা তথ্য বিয়পোৱাৰ বাবে ইউটিউবাৰজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণৰ নির্দেশ দিছিল৷ সেইমর্মে অসম আৰক্ষীৰ চিআইডিয়ে ১/২৫ নম্বৰত এটা গোচৰ ৰুজু কৰি ইউটিউবাৰজনৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে৷ চিআইডিয়ে দিয়া চমন মর্মে উলুবাৰীৰ মুখ্য কার্যালয়ত উপস্থিত হোৱা ইউটিউবাৰজনক কেইবা ঘণ্টাজুৰি চিআইডিয়ে জেৰা চলায়৷ আৰক্ষী সূত্রই সদৰী কৰা মতে কি কাৰণত এনেধৰণৰ বিতর্কিত মন্তব্য অসমীয়া মহিলাক লৈ ইউটিউবাৰজনে কৰিছিল সেই সন্দর্ভত তন্ন তন্নকৈ তেওঁক জেৰা চলোৱা হয়৷ কাইলৈও ইউটিউবাৰজনক পুনৰ জেৰা চলোৱা হ’ব বুলি সূত্রটোৱে লগতে কয়৷ পৰৱর্তী সময়ত ইউটিউবাৰজনৰ বিৰুদ্ধে অধিক কঠোৰ ব্যৱস্থা লোৱাৰো সম্ভাৱনা নথকা নহয় বুলি সূত্রটোৱে লগতে উল্লেখ কৰে৷
৫জন ইউটিউবাৰৰ বিৰুদ্ধে অপৰাধ শাখাৰ গোচৰ ৰুজু
অনলাইন শ্ব’ ইণ্ডিয়াজ গট টেলেণ্টত যৌনতা আৰু অশ্লীল আলোচনা ৰাজহুৱাকৈ কৰা ৫জন ইউটিউবাৰৰ বিৰুদ্ধে গুৱাহাটী অপৰাধ শাখাই চাইবাৰ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰিছিল৷ উল্লেখ্য যে নয়নপুৰৰ আলোক বৰুৱা নামৰ লোকজনে অনলাইন প্লেটফর্মত অশ্লীল মন্তব্য আগবঢ়োৱা ইউটিউবাৰ পাঁচজনৰ বিৰুদ্ধে এটা অভিযোগ অপৰাধ শাখাত দাখিল কৰিছিল৷ উক্ত ইউটিউবাৰকেইজন হৈছে ক্রমে আশিস ছানশ্লানি, যশপ্রীত সিং, অপূর্বা মাখিজা, ৰণবীৰ এলাহবাদিয়া আৰু সময় ৰাইনা৷ অটাইকেইজনৰ বিৰুদ্ধে অপৰাধ শাখাই ৩/২৫ নম্বৰৰ গোচৰটো ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷