নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পেৰিছ যাত্ৰাৰ সময়ত পাকিস্তানত ৪৬ মিনিট প্ৰধানমন্ত্ৰী মোদীৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১২ ফেব্ৰুৱাৰীঃ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিমানে পেৰিছ ভ্ৰমণৰ সময়ত পাকিস্তানৰ আকাশমাৰ্গ ব্যৱহাৰ কৰিছিল। অসামৰিক বিমান পৰিবহণৰ সূত্ৰৰ উদ্ধৃতি দি এই তথ্য দিছে ARY News য়ে। প্ৰধানমন্ত্ৰী মোদীৰ “ইণ্ডিয়া ১” নামৰ বিমানখনে শ্বেইখুপুৰা, হাফিজাবাদ, চকৱাল আৰু কোহাট অঞ্চলৰ মাজেৰে পাকিস্তানত প্ৰৱেশ কৰি প্ৰায় ৪৬ মিনিট পাকিস্তানৰ সীমান্তৰ ভিতৰতে থাকে। এ আৰ ৱাই নিউজৰ তথ্য অনুসৰি আফগানিস্তানৰ আকাশমাৰ্গ বন্ধ হোৱাৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ বিমানখন পাকিস্তানৰ আকাশমাৰ্গৰ মাজেৰে পাৰ হ’বলৈ দিয়া হৈছিল। নৰেন্দ্ৰ মোদীৰ বিমানে পাকিস্তানৰ আকাশমাৰ্গ ব্যৱহাৰ কৰাটো প্ৰথম নহয়। যোৱা বছৰ ২০২৪ চনৰ আগষ্ট মাহত মোদীৰ বিমানখনেওপোলেণ্ডৰ পৰা দিল্লীলৈ যোৱাৰ সময়ত পাকিস্তানৰ আকাশমাৰ্গ ব্যৱহাৰ কৰিছিল। সেই সময়ত বিমানখনে নিশা ১১ বজাত পাকিস্তান সীমান্তত প্ৰৱেশ কৰি ৪৬ মিনিট তাতেই আছিল। ২০১৯ চনৰ মাৰ্চ মাহত পাকিস্তানে প্ৰায় পাঁচ মাহ ধৰি বন্ধ হৈ থকা অসামৰিক বিমান সেৱাৰ বাবে আকাশমাৰ্গৰ সকলো নিষেধাজ্ঞা উঠাই লয়। জম্মু-কাশ্মীৰৰ পুলৱামাত নিৰাপত্তাৰক্ষীৰ কনভয়ৰ ওপৰত সংঘটিত হোৱা আক্ৰমণৰ ফলত ভাৰত-পাকিস্তানৰ সামৰিক ষ্টেণ্ডঅ’ৰ পিছতে এই সিদ্ধান্ত লোৱা হৈছে, য’ত ৪৪ জন ভাৰতীয় অৰ্ধসামৰিক আৰক্ষী বিষয়া নিহত হৈছিল। ইয়াৰ পিছত ২০১৯ চনৰ আগষ্ট মাহত যেতিয়া নৰেন্দ্ৰ মোদীৰ চৰকাৰে জম্মু-কাশ্মীৰৰ পৰা ৩৭০ আৰু ৩৫এ অনুচ্ছেদ বিলুপ্ত কৰিছিল তেতিয়া পাকিস্তানে ভাৰতৰ সৈতে কূটনৈতিক সম্পৰ্ক হ্ৰাস কৰিছিল। ইয়াৰ উপৰি দুয়োখন দেশৰ মাজত পাৰস্পৰিক দ্বিপাক্ষিক বাণিজ্য স্থগিত ৰখা হৈছিল। তেতিয়াৰ পৰা দুয়োখন দেশৰ মাজত সম্পৰ্ক স্বাভাৱিক নহয়।

You might also like