নিয়মীয়া বাৰ্তা, ১৩ ফেব্ৰুৱাৰী : বৈদিক মন্ত্ৰোচ্চাৰণৰ লগতে হৰিনামৰ ধ্বনিৰে মুখৰিত ঐতিহাসিক কাঁহ শিল্প নগৰী সৰ্থেবাৰীৰ আকাশ বতাহ। লোকে লোকাৰণ্য হৈ পৰিল ঐতিহাসিক সৰ্থেবাৰীৰ ১৫৯ সংখ্যক শ্ৰীশ্ৰীজগন্নাথ মহাপ্ৰভূৰ সভা মহোৎসৱ। সভা মহোৎসৱ উপলক্ষ্যত আধ্যাত্মিক আৰু সাংস্কৃতিক সমদলেৰে সৰ্থেবাৰীৰ বিভিন্ন গোঁসাই ঘৰত থকা গোঁসাই বিগ্ৰহ সমূহ উলিয়াই আনি বৰগোঁসাই ঘৰত সংস্থাপিত কৰে। সৰ্থেবাৰীৰ সভা মহোৎসৱত ঘিউৰ চাকি জ্বলাবলৈ সভাৰ খলালৈ লানি নিচিগা সোঁত বয়। জনশ্ৰুতি মতে ঘিউ চাকি জ্বলাই শুদ্ধ মনে চেনি আগবঢ়ালে যিয়ে যি মনে মানস কৰে সেইয়াই সিদ্ধি হয় বুলি জনবিশ্বাস আছে। যাৰ বাবে আজি লাখ লাখ ভক্তপ্ৰাণ লোকে সৰ্থেবাৰীৰ সভাত ভিৰ কৰে।কলি যুগাদ্যা মাঘী পূৰ্ণিমা উপলক্ষ্যত ১০৮ গৰাকী ব্ৰাহ্মণ পণ্ডিতৰ জৰিয়তে বৈদিক মন্ত্ৰোচ্চাৰণৰ মাজেৰে হোম যজ্ঞ কৰি পূৰ্ণাহুতি প্ৰদান কৰা হয়।এফালে হোম যজ্ঞৰ ঘ্ৰাণ আনফালে ভাগৱত পাঠৰ ধ্বনি। সমান্তৰাল কৈ হাজাৰ হাজাৰ ভকতৰ জাউৰি জাউৰিয়ে হাত চাপৰি আৰু ভোৰতালৰ শব্দত আকাশ বতাহ মুখৰিত হৈ পৰে।বৈদিক মন্ত্ৰোচ্চাৰণৰ লগতে হৰিধ্বনিৰে নিনাদিত হৈ পৰে সৰ্থেবাৰীৰ আকাশ বতাহ। উল্লেখ্য যে সভা উপলক্ষ্যত সৰ্থেবাৰীত উপস্থিত হৈ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজোতি গগৈয়ে জগন্নাথ মহাপ্ৰভূৰ আশীষ গ্ৰহণ কৰে। সাংসদ তথা লোকসভাৰ বিৰোধী উপদলপতি গৌৰৱ গগৈ আৰু অসম উকিল সন্থাৰ সাধাৰণ সম্পাদক দিপক দাস সভাত উপস্থিত হৈ জগন্নাথ মহাপ্ৰভূৰ আশীষ গ্ৰহণ কৰে। ইপিনে বিয়লি কৈহাটীৰ কামৰূপীয়া ঢুলীয়া দলে চং আৰু ঢুলীয়া প্ৰদৰ্শন কৰে।সন্ধিয়া ভকতৰ সান্ধ্য প্ৰসঙ্গৰ লগতে দূৰণীবটীয়া যাত্ৰীৰ মাজত সিধা বিতৰণ কৰা হয়।সন্ধিয়া ৭ বজাত হাঠিনাপুৰৰ মথুৰা আতা মহিলা বীৰ নাম দলৰ বীৰ নাম প্ৰদৰ্শন আৰু নিশা কৈহাটীৰ কামৰূপীয়া ঢুলীয়া দলে ঢুলীয়া নাট প্ৰদৰ্শন কৰে। নিশা ১২ বজাত বামাখাটাৰ শঙ্কৰ মাধৱ যাত্ৰিক থিয়েটাৰে যাত্ৰাভিনয় কৰে। আজি পুৱা ভকত ভক্তিৰ নাম প্ৰসঙ্গৰ লগতে পুৱা ১০ বজাত স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। দুপৰীয়া ভকতৰ প্ৰসঙ্গৰ পিছত কৈহাটীৰ কামৰূপীয়া ঢুলীয়া দলে ঢুলীয়া প্ৰদৰ্শন চং প্ৰদৰ্শন কৰিব।ভকতৰ সান্ধ্য প্ৰসঙ্গৰ পিছতে সৰ্থেবাৰীৰ ইউ কেন ডেন্স একাডেমিৰ লগতে চামতাৰ নৃতাযাঞ্জলি এমুঠি সংস্কৃতিৰ দ্বাৰা নৃত্য পৰিৱেশন কৰিব।নিশা কৈহাটীৰ ঢুলীয়াই নাট প্ৰদৰ্শন কৰাৰ লগতে আনন্দ বজাৰৰ ৰামধেনু এমেচাৰৰ দ্বাৰা যাত্ৰাভিনয় কৰা হৱ। চতুৰ্থ দিনা অৰ্থাত ১৪ ফেব্ৰুৱাৰীত নৈমিত্তিক নাম প্ৰসঙ্গ কৰাৰ লগতে মোহখলি কামৰূপীয়া ঢুলীয়াৰ প্ৰদৰ্শনেৰে আৰু সন্ধিয়া তেজপুৰৰ নন্দিতা নাথ কলিতাই নাগাৰা নাম পৰিবেশন কৰিব আৰু পাখী ডেন্স একাডেমিৰ দ্বাৰা নৃত্যানুস্থান প্ৰদৰ্শন কৰা হৱ। নিশা কৈহাটীৰবিষ্ণুজোতি ঢুলীয়া দলে চং প্ৰদৰ্শন কৰিব।নিশা ১২ বজাত উদয়নীল মিনি থিয়েটাৰে যাত্ৰাভিনয় কৰিব। ১৫ ফেব্ৰুৱাৰীত নৈমিত্তিক নাম প্ৰসঙ্গ আৰু মোহখুলি মা স্বৰস্বতি ঢুলীয়া দলৰ ঢূলীয়া প্ৰদৰ্শন কৰাৰ লগতে সন্ধিয়া ৭ বজাত মুকলি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৱ। নিশা ৮ বজাত পাঠশালাৰ বজালী নৰ্তন একাদেমীৰ দ্বাৰা নৃত্যানুস্থান পৰিবেশন কৰিব। নিশা বাৰ বজাত মিৰ্জাৰ কল্পজোতি নাট্য পৰিষদৰ দ্বাৰা যাত্ৰাভিনয় কৰা হৱ। ১৬ ফেব্ৰুৱাৰীত নৈমিত্তিক নাম প্ৰসঙ্গৰ লগতে পুৱা ১০ বজাত সংগীত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৱ। আবেলি ৩ বজাত খেলুৱাৰ জনসেৱা কামৰূপীয়া ঢুলীয়া দলৰ চং,ঢোল বাদন আৰু ঢুলীয়া প্ৰদৰ্শন কৰা হৱ। সন্ধিয়া সাত বজাত অনুপ কুমাৰ পাটোৱাৰী আৰু ভৰত চন্দ্ৰ দাসৰ সংগীতানুষ্ঠান আৰু মুকুট মিউজিক একাডেমিৰ নৃত্যানুস্থান পৰিবেশন কৰা হৱ। নিশা ১২ বজাত সৰ্থেবাৰীৰ ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ দ্বাৰা এই বছৰৰ এখন ব্যাপক চৰ্চিত নাট প্ৰদৰ্শন কৰা হৱ। ১৭ ফেব্ৰুৱাৰীত ভকত ভক্তিৰ নৈমিত্তিক নাম প্ৰসঙ্গ, কামৰূপীয়া ঢুলীয়াৰ চং প্ৰদৰ্শন কৰাৰ লগতে দুপৰীয়া দিহানামৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৱ। নিশা পলাশবাৰীৰ শ্ৰীশ্ৰী বুঢ়াগোঁসাই নাট্য পৰিষদৰ দ্বাৰা নাট্যাভিনয় কৰা হৱ। ১৮ ফেব্ৰুৱাৰী তাৰিখে নৈমিত্তিক নাম প্ৰসঙ্গ কৰাৰ লগতে সন্ধিয়া ব্যাসকুছিৰ সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ সাংস্কৃতিক অনুষ্ঠান আৰু জনপ্ৰিয় সংগীত শিল্পী মৰ্মিতা মিত্ৰ আৰু তপন ত্ৰিদীপৰ সংগীতানুষ্ঠান অনুষ্ঠিত হৱ। সৰ্থেবাৰীৰ সভা মহোৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত হ’ব এখন বিশাল বাণিজ্য মেলা। প্ৰায় তিনি হাজাৰ বিপনীৰে সমৃদ্ধ এই বাণিজ্য মেলাত সকলো সামগ্ৰী উপলব্ধ হোৱাৰ লগতে মনোৰঞ্জনৰ বাবে থাকিব মীনাবজাৰ।
প্ৰেৰক নকুল তালুকদাৰ