🔹 প্ৰেমৰ সম্পৰ্ক সমাধান কৰি দিয়াৰ ছলেৰে দুষ্কৰ্ম
নিয়মীয়া বাৰ্তা, ২০ ফেব্ৰুৱাৰী : কামৰূপ জিলাৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত সোণতলীৰ বৰ আৰিকাটিৰ কিশোৰী ধৰ্ষণকাৰী এটাক যোৱানিশা সোণতলী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ অভিযোগ মতে, সোণতলীৰ বৰ আৰিকাটিৰ লম্পট হালিম উদ্দিনে নিজকে দেৱানী পৰিচয় দি ১৬ বছৰীয়া কিশোৰী এগৰাকীৰ কাষ চাপে৷ পিছত হালিম উদ্দিনে কিশোৰীগৰাকীৰ পূৰ্বৰ প্ৰেমৰ সম্পৰ্ক সমাধান কৰি দিয়াৰ উদ্দেশ্য কিশোৰীগৰাকীক কেইবাদিনো নিজৰ লগত ৰাখে৷ আনকি হালিমে কিশোৰীগৰাকীক বিভিন্ন ঠাইলৈ লৈ গৈ ধৰ্ষণ কৰা বুলি পৰিয়ালক লোকে অভিযোগ উত্থাপন কৰে৷ কিশোৰীগৰাকীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত সোণতলী আৰক্ষীয়ে অভিযান চলাই যোৱানিশা ধৰ্ষণকাৰী হালিম উদ্দিনক গ্ৰেপ্তাৰ কৰি ভাৰতীয় দণ্ডবিধিৰ ৮৭/১৪২/৬৪/৩০৮(২)/৩(৫), বিএনএছ, আৰ/ডব্লিউ শাখা ৪ পকছোৰ অধীনত ৪৮/২০২৫ নম্বৰৰ গোচৰৰ ভিত্তিত আজি সোণতলী আৰক্ষীয়ে আদালতত হাজিৰ কৰোৱাত আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে৷
প্ৰেৰক নয়ান আলী