চুডানত বিমান দুৰ্ঘটনাগ্ৰস্ত, নিৰীহ লোকসহ কমেও ৪৬জনৰ মৃত্যু
নিউজ ডেস্ক, ২৬ ফেব্ৰুৱাৰীঃ ওমদুৰমান চহৰত দুৰ্ঘটনাগ্ৰস্ত হয় চুডানৰ সামৰিক বিমান। পিটিআইয়ে শ্বেয়াৰ কৰা শেহতীয়া তথ্য অনুসৰি এই দুৰ্ঘটনাত কমেও ৪৬জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ইয়াৰ পূৰ্বে সামৰিক আৰু স্বাস্থ্য বিষয়াসকলে এই কথা দিছিল। তথ্য অনুসৰি সেনাই প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে এই দুৰ্ঘটনাত সামৰিক জোৱান আৰু সাধাৰণ নাগৰিকৰ মৃত্যু হৈছে। দুৰ্ঘটনাৰ আঁৰৰ মূল কাৰণ সন্দৰ্ভত কোনো তথ্য পোৱা নাই। চুডানী সেনাৰ প্ৰতিবেদন অনুসৰি মঙলবাৰে ওমদুৰমানৰ উত্তৰত অৱস্থিত ৱাডি ছায়েদনা বিমানঘাটিৰ পৰা উৰা মাৰিবলৈ গৈ সেনাবাহিনীৰ এণ্টন’ভ বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। অৱশ্যে ইয়াৰ পূৰ্বে চুডানৰ স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে, দুৰ্ঘটনাত নিহতসকলৰ মৃতদেহ ওমদুৰমানৰ নাউ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। ইয়াৰ লগতে ৫জন সাধাৰণ নাগৰিকো আহত হৈছে, যিসকলৰ চিকিৎসা চলি আছে। ২০২৩ চনৰ পৰাই চুডানত গৃহযুদ্ধৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু দেশখনৰ সামৰিক বাহিনী আৰু কুখ্যাত অৰ্ধসামৰিক গোট ৰেপিড চাপৰ্ট ফৰ্চেছ (আৰ এছ এফ)ৰ মাজত উত্তেজনা বৃদ্ধি পাই যুদ্ধলৈ পৰিণত হয়। এই সংঘৰ্ষই নগৰ অঞ্চল বিশেষকৈ দাৰফুৰ অঞ্চলক বিধ্বস্ত কৰি তুলিছে আৰু জাতিগত হিংসা আৰু গণ ধৰ্ষণৰ দৰে ভয়ানক ঘটনাৰ জন্ম দিছে। ৰাষ্ট্ৰসংঘ আৰু আন্তঃৰাষ্ট্ৰীয় অধিকাৰ সংস্থাসমূহে এই ঘটনাসমূহক মানৱতাৰ বিৰুদ্ধে অপৰাধ আৰু যুদ্ধাপৰাধ বুলি অভিহিত কৰিছে। যোৱা কেইমাহমানৰ পৰা খাৰ্টুম আৰু অন্যান্য অঞ্চলত আৰ এছ এফৰ বিৰুদ্ধে সেনাই নিজৰ কাৰ্যকলাপ তীব্ৰতৰ কৰি তুলিছে। পশ্চিম দাৰফুৰৰ বেছিভাগ অংশ নিয়ন্ত্ৰণ কৰা আৰ এছ এফ। সোমবাৰে দক্ষিণ দাৰফুৰ প্ৰদেশৰ ৰাজধানী ন্যালাত চুডানৰ এখন সামৰিক বিমান গুলীয়াই পেলোৱাৰ দাবী কৰে। এনে ঘটনাই চুডানৰ সংকট আৰু অধিক জটিল কৰি তুলিছে আৰু সাধাৰণ নাগৰিকৰ সুৰক্ষা আৰু শান্তিৰ প্ৰতি গুৰুতৰ ভাবুকি কঢ়িয়াই আনিছে।