বনজুইৰ বিপর্যয়
- জয়শ্রী বৰা
যোৱা দুটা বছৰত বিশ্বৰ বিভিন্ন ঠাইত অৰণ্য অগ্ণিকাণ্ড সংঘটিত হৈ ভয়ানক প্রাকৃতিক বিপর্যয়ৰ সৃষ্টি কৰিছিল৷ ইয়াৰে প্রথমটো উল্লেখযোগ্য হ’ল ২০১৮ চনৰ কেলিফ’র্নিয়াৰ, ২০১৯ চনৰ আমাজন বর্ষাৰণ্যৰ আৰু অলপতে হোৱা অষ্ট্রেলিয়াৰ অৰণ্যৰ ভয়াৱহ বিপর্যয়৷ বর্তমান এনে অগ্ণিকাণ্ডৰ ক্ষেত্রতBush Fire বা বনজুইৰ ব্যাখ্যা প্রযোজ্য নহয় কোনো কোনোৱে ইয়াকInferno বা জুইৰ ধুমুহা আখ্যা দিছে৷ ইয়াৰ গ্রাসত বর্তমান অষ্ট্রেলিয়াত প্রায় ১১.৫ মিলিয়ন হেক্টৰ অঞ্চলৰ অৰণ্য ধ্বংস হৈছে, যাৰ আয়তন যোৱা বছৰৰ আমাজন বর্ষাৰণ্যত বনজুইত আক্রান্ত অঞ্চলৰ ছয় গুণ আৰু ২০১৮ চনৰ কেলিফ’র্নিয়াৰ আক্রান্ত অঞ্চলৰ তিনি গুণৰো অধিক৷
এনে বিপর্যয়ৰ কাৰণ স্থানভেদে ভিন ভিন যদিও মূলতঃ জলবায়ু পৰিৱর্তনৰ ফলত হোৱা উষ্ণতা বৃদ্ধি আৰু বৰষুণৰ পৰিমাণ হ্রাস হোৱাৰ ফলতেই ক্রমবর্ধমান গতিত বিশ্বৰ বিভিন্ন প্রান্তত এনে সমস্যাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে৷ উদাহৰণস্বৰূপে অষ্ট্রেলিয়াত যোৱা বছৰ দশকটোৰ ভিতৰতে সর্বোচ্চ উষ্ণতা অনুভৱ হোৱাৰ বিপৰীতে বৰষুণৰ পৰিমাণ চল্লিশ শতাংশ হ্রাস হৈছিল৷ ইয়াৰ ফলত স্বাভাৱিকতেই শুকান বতৰে অৰণ্যক অগ্ণি দাহনৰ বাবে সুচল কৰি তুলিছিল৷ এই সম্পর্কত যোৱা বছৰৰ এপ্রিল মাহত অষ্ট্রেলিয়াৰ প্রাকৃতিক বিপর্যয় নিয়ন্ত্রণ বিভাগৰ প্রাক্তন বিষয়া Fire & Rescue Chief)Greg Mullinsৰ দ্বাৰা সতর্ক কৰি দিয়া হৈছিল৷ তেওঁ এই বিষয়ে জনাবলৈ আৰু লগতে অধিকwater Bombers যোগাৰ কৰিবলৈ দেশৰ প্রধানমন্ত্রীক লগ ধৰিব খুজিছিল৷ কিন্তু তেওঁলোকে প্রধানমন্ত্রীক সাক্ষাৎ কৰিবলৈ সক্ষম নহ’ল৷ TOI Report)৷
অভিজ্ঞ বিষয়াসকলৰ লগতে বতৰ বিজ্ঞানী আৰু বিশেষজ্ঞসকলেও বহু বছৰৰ আগৰে পৰা উষ্ণতা বৃদ্ধি, বৰষুণ হ্রাস, খৰাং আৰু বনজুইৰ ভয়াৱহতা সম্পর্কত বিভিন্ন ধৰণে মডেল(Model), আলোচনা, তথ্য আদিৰ দ্বাৰা সকীয়াই আহিছে৷ বতৰ বিজ্ঞানীসকলৰ মতে, ২০১৮–১৯ বছৰটো অষ্ট্রেলিয়াত ৰেকর্ডসংখ্যক উষ্ণতা আৰু খৰাং বতৰৰ বর্ষ আছিল৷ এনে পৰিস্থিতিত সামান্য বিজুলীৰ কার্য বা মানৱসৃষ্ট সৰু বনজুয়ে ভয়াৱহ ৰূপ ধাৰণ কৰে৷ আমাজন বর্ষাৰণ্যত ধনকুবেৰ ব্যৱসায়ী গোষ্ঠীয়ে খনি উদ্যোগৰ বাবে অৰণ্য মুকলি কৰিবলৈ অগ্ণিৰ সহায় লৈছিল বুলি বহুতে সন্দেহ কৰে৷ একোটা সৰু অঞ্চলত এই বনজুয়ে পিছত শুকান বতৰ আৰু বতাহৰ সহায়ত সংহাৰী ৰূপ লয়৷
অষ্ট্রেলিয়াসদৃশ এনে পৰিৱেশ বিশ্বৰ বিভিন্ন প্রান্তত অনুভৱ হৈছে৷ ভাৰতবর্ষতো ২০১৮–১৯ চনত কিছু অঞ্চলত বনজুইৰ বিপর্যয় হৈছিল৷ এইক্ষেত্রত দেশৰ কেন্দ্রীয় আৰু দক্ষিণৰ ৰাজ্যকেইখন অধিক বিপজ্জনক স্থিতিত আছে৷ চৰকাৰী তথ্য অনুসৰি, ভাৰতবর্ষত বনজুইৰ বিপর্যয় ক্রমাৎ বিশেষভাৱে বৃদ্ধি পাইছে (২০১৫ চনত ১৬,০০০টা ঘটনা ২০১৯ চনত ২৯,৫৪৭টা ঘটনা)৷ এইবোৰ বিপর্যয় বিশেষকৈ আমাৰ দেশত খৰাং বতৰ, উষ্ণতা বৃদ্ধি আৰু দুর্যোগ প্রশমন বিভাগৰ সীমিত সুযোগ–সুবিধাৰ বাবে বর্ধিত হাৰত হৈছে৷ যোৱা বছৰ চুবুৰীয়া দেশ ভূটানত এনেকৈ পাহাৰৰ এফাল বনজুয়ে দহি নিয়া দেখিছিলোঁ, যাৰ ফলত কেইবাটাও দুর্লভ পর্বতীয়া মেথোন জাতীয় জন্তু জ্বলি গৈছিল৷
দ্বীপ মহাদেশ অষ্ট্রেলিয়া এখন জৈৱ–বৈচিত্র্যৰে দিশৰ পৰা অতি চহকী আৰু বিশেষত্বপূর্ণ৷ ইয়াৰ উদ্ভিদ আৰু জীৱ–জন্তুৰ দুর্লভ আৰু অনন্য বৈশিষ্ট্যৰ বাবে মহাদেশখনলৈ বাহিৰৰ পৰা কোনো খাদ্য–উদ্ভিদ–জীৱ আদিৰ পৰিবহণ নিষিদ্ধ৷
ডেৰশ দিনতকৈ অধিক সময় নিৰৱচ্ছিন্নভাৱে জ্বলি থকা অষ্ট্রেলিয়া মহাদেশত এই জুইত কেৱল অৰণ্যৰ জীৱ–জন্তু আৰু মানুহেই নহয়, অতি বহুমূলীয়া জৈৱ–বৈচিত্র্য, অমূল্য কীট–পতংগ আৰু অনুজীৱ ধ্বংস হৈছে৷ বিশেষজ্ঞসকলৰ মতে, ইয়াৰ ফলত বহুতো প্রজাতিৰ খাদ্য শৃংখল আৰু বসতি নষ্ট হৈ গৈছে৷ উদাহৰণস্বৰূপে অৰণ্যৰ জুইত অতি ক্ষিপ্রতাৰে দহন হোৱা ইউকেলিপ্ঢাছ গছ কোৱালাৰ খাদ্য যোগানকাৰী৷ এই গছবোৰৰ খোৰোঙত অনেক চৰাই, আপুৰুগীয়া প্রজাতি যেনে–Mursupial gliders, Possums, Cocraloos, ভাটৌ আদিয়ে বাহ সাজে৷ জীৱ বিজ্ঞানীৰ মতে, নতুনকৈ গছ গজি পুনৰ এনে খোৰোং সৃষ্টি হ’বলৈ প্রায় এশ বছৰৰ প্রয়োজন৷ অর্থাৎ বনজুয়ে কেৱল গছেই নহয়, জীৱ–জন্তুৰ খাদ্য, বাসস্থান আৰু লগতে সিহঁতৰ জীৱনলৈকো অন্ধকাৰ নমাই আনিছে৷ সমস্যা আৰু আছে৷ বিশিষ্ট জীৱ বিজ্ঞানীChristopher Dickmanৰ মতে, অৰণ্যৰ অগ্ণিয়ে বহু বছৰলৈ আমাৰ খাদ্য শস্য উৎপাদনতো বিৰূপ প্রভাৱ পেলাব৷ অর্থাৎ আমাৰ কেঁচু, শামুক জাতীয় প্রজাতিবোৰৰ মৃত্যুৱে মাটিৰ উর্বৰতা আৰু আর্দ্রতা হ্রাস কৰি খাদ্য শস্য উৎপাদনত ব্যাঘাত ঘটাব৷
মানৱ জাতিয়ে মহাকাশ বিজয় কৰি আধুনিক প্রযুক্তিবিদ্যাৰ উন্নয়নক লৈ যিমানেই গৌৰৱ নকৰক, প্রকৃতিৰ ওচৰত এতিয়াও তেনেই নগণ্য শক্তি৷ ছুনামি, ঘূর্ণি বতাহ, জলপ্রলয়, অৰণ্যৰ অগ্ণি বিপর্যয় আদিয়ে ইয়াৰ প্রমাণ৷ প্রকৃতিয়ে আমাক নিজৰ প্রয়োজন দূৰ কৰিবৰ বাবেহে অৱদান আগবঢ়ায়, লোভ পূৰণৰ বাবে নহয়৷ গতিকে মানৱ জাতিয়ে যেতিয়াই অত্যধিক ৰূপত প্রকৃতিক শোষণ কৰে, প্রাকৃতিক সম্পদৰ অপব্যৱহাৰ কৰে, জল, বায়ু, পানী, মাটি প্রদূষিত কৰে, তেতিয়াই উষ্ণতা বৃদ্ধি হৈ বানপানী–ধুমুহা হৈ নাইবা অৰণ্যত অগ্ণিকাণ্ড হৈ প্রকৃতিয়ে নিজৰ নিয়মেৰে প্রতিশোধ লয়৷ ইয়াৰ আগতেও আমাৰ মানৱ সভ্যতা অনেক স্থানত জীৱশ্রেষ্ঠৰ অত্যধিক লোভৰ পৰিণামত ধ্বংসপ্রাপ্ত হৈছিল৷ আমি ভাৰতবাসীয়েও বর্তমান অৰণ্য সংকুচিত কৰি জলসম্পদৰ ক্ষতি কৰিছোঁ, জলবায়ু পৰিৱর্তনত অৰিহণা যোগাইছোঁ, বতৰৰ উষ্ণতা আৰু খৰাং বতৰ বৃদ্ধি কৰি আনিছোঁ৷ আমাৰ দেশৰো এক তৃতীয়াংশ অৰণ্য বনজুইৰ দিশৰ পৰা বিপজ্জনক স্থিতিত আছে৷ লগতে আমি স্থানীয় প্রজাতিৰ গছতকৈ ইউকেলিপ্ঢাছ জাতীয় গছ ৰোপণত অধিক গুৰুত্ব দিছোঁ৷ আমাৰ সজাগতাৰ লগতে দুর্যোগ প্রশমন বিভাগৰ সক্রিয়তাও যথেষ্ট সীমিত৷ গতিকে প্রকৃতিৰ লগত সহাৱস্থানৰ লক্ষ্যৰে ধাৰণক্ষম উন্নয়নৰ নীতি নির্ধাৰণ কৰা উচিত হ’ব৷ মানৱ জাতিৰ সুৰক্ষাৰ বাবেই ই প্রয়োজনীয়৷