হামাছ–লস্কৰক সহায় কৰি আছে ইউএছএইডে
🔹 মার্কিন কংগ্রেছৰ নিম্ন সদনৰ কমিটীত বিস্ফোৰক অভিযোগ : সন্ত্রাসবাদক ধন যোগান আমেৰিকাৰ
নিউজ ডেস্ক, ১ মাৰ্চ : প্রাক্তন মার্কিন ৰাষ্ট্রপতি জ’ বাইডেনৰ আমোলত ২০২৩ চনৰ ৭ অক্টোবৰত ইজৰাইলৰ ওপৰত আক্রমণ সংঘটিত হোৱাৰ সময়ৰে পৰাই পেলেষ্টাইনৰ সশস্ত্র সংগঠন হামাছক গোপনে সাহায্য আগবঢ়াই আহিছে মার্কিন আন্তর্জাতিক উন্নয়ন সংস্থা বা ইউএছএইডে! এইবাৰ ইউএছএইড আৰু ফেডাৰেল কর্মীসকলৰ বিৰুদ্ধে আমেৰিকাৰ কংগ্রেছৰ নিম্ন সদন হাউছ অৱ ৰিপ্রেজেণ্টেটিভছৰ কমিটীৰ বৈঠকত এই গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ বিভিন্নজনে দাবী কৰিছে যে বাইডেন প্রশাসনৰ অধীনত যোৱা ডেৰ বছৰত ২০০ কোটি মার্কিন ডলাৰতকৈ অধিক ধন প্রেৰণ কৰা হৈছে হামাছলৈ৷ ভাৰতীয় মুদ্রাৰ হিচাপত ইয়াৰ মূল্য প্রায় ১৭ হাজাৰ কোটি টকা৷ দাবী কৰা হৈছে যে অকল হামাছেই নহয়, ভাৰতবিৰোধী কেইবাটাও সন্ত্রাসবাদী সংগঠনলৈ পৰোক্ষভাৱে সাহায্য আগবঢ়াইছে ইউএছএইডে৷ ইয়াৰ ভিতৰত আছে পাকিস্তানী সন্ত্রাসবাদী সংগঠন লস্কৰ–ই–তৈবাৰ এটা শাখাও৷ লস্কৰৰ এই শাখাটোৰ নাম ফালাহ–ই–ইনছানিয়ট (এফআইএফ)৷ ভাৰতত ২৬/১১ৰ মুম্বাই আক্রমণৰ নেপথ্যত আছিল লস্কৰ–ই–তৈবাৰ হাত৷ এই ঘটনাত প্রাণ হেৰুৱাইছিল ১৬৬গৰাকী লোকে৷ আহত হৈছিল আন ৩০০গৰাকী লোক৷ স্মর্তব্য যে পূর্বেও বিভিন্ন সময়ত ইউএছএইডৰ বিৰুদ্ধে এনে অভিযোগ উত্থাপন হৈছে৷ বর্তমান কংগ্রেছত উত্থাপিত অভিযোগ অনুসৰি পূর্বৰ পৰা এই বিষয় সন্দর্ভত তদন্ত চলি থকা সত্ত্বেও গোপনে সন্ত্রাসবাদী সংগঠনবোৰক সহায় কৰি আহিছে ইউএছএইডে৷ ভাৰত আৰু আমেৰিকাই লক্ষণীয়ভাৱে লস্কৰ–ই–তৈবাকে ধৰি বিভিন্ন সন্ত্রাসবাদী সংগঠনক নিষিদ্ধ ঘোষণা কৰিছে৷ জম্মু–কাশ্মীৰসহ ভাৰতৰ বিভিন্ন স্থানত পাকিস্তানত আশ্রয় লৈ থকা সন্ত্রাসবাদী সংগঠনে ইউএছএইডৰ পৰা সহায় লাভ কৰা বিষয়টোৱে পুনৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷