🔹 কেগৰ প্রতিবেদনত ভয়ংকৰ অনিয়মৰ তথ্য
নিউজ ডেস্ক, ১ মাৰ্চ : অকল আবকাৰী নীতিতেই ২,০০০ কোটি টকাৰ অধিক ৰাজহৰ ক্ষতি নহয়, দিল্লীত আম আদমী পার্টী (আপ)ৰ চৰকাৰৰ আমোলত স্বাস্থ্যসেৱাৰ ভয়াৱহ ছবি পোহৰলৈ আহিছে৷ কম্পট্র’লাৰ এণ্ড অডিটৰ জেনেৰেল অৱ ইণ্ডিয়া (কেগ)ৰ প্রতিবেদনত প্রকাশ পাইছে ভয়ংকৰ তথ্য৷ চলিত মাহত দিল্লী বিধানসভা নির্বাচনত জয়লাভ কৰি ক্ষমতালৈ আহিছে বিজেপি৷ ইয়াৰ পূর্বেই আপ চৰকাৰৰ বিৰুদ্ধে বিভিন্ন দুর্নীতিৰ অভিযোগ তুলিছিল বিজেপিয়ে৷ চলিত সপ্তাহত বিধানসভাত কেগৰ এক প্রতিবেদন দাখিল কৰিছিল মুখ্যমন্ত্রী ৰেখা গুপ্তাৰ চৰকাৰে৷ এই প্রতিবেদনত আছিল আবকাৰী নীতিত সংঘটিত অনিয়মৰ কথা৷ এইবাৰ স্বাস্থ্যসেৱাক লৈ কেগৰ নতুন এক প্রতিবেদন বাতিল কৰা হৈছে৷ এই প্রতিবেদন অনুসৰি গুৰুতৰ আর্থিক অনিয়ম সংঘটিত কৰিছে আপ চৰকাৰে৷ দিল্লী চৰকাৰ পৰিচালিত স্বাস্থ্যসেৱা ক্ষেত্রত সৰঞ্জাম আৰু স্বাস্থ্যকর্মীৰ অভাৱ, মহল্লা ক্লিনিকসমূহত দুর্বল আন্তঃগাঁথনি আৰু জৰুৰীকালীন পুঁজিৰ সদ্ব্যৱহাৰৰ ব্যর্থতাৰ প্রসংগ আছে এই প্রতিবেদনত৷ জনোৱা হৈছে যে দিল্লী চৰকাৰ পৰিচালিত ২৭খন হাস্পতালৰ ভিতৰত ১৪খনত কোনো আইচিইউ নাই৷ ১৬খন হাস্পতালত নাই ব্লাড বেংক৷ ৮খন হাস্পতালত কোনো অক্সিজেন সৰবৰাহৰ ব্যৱস্থাও নাই৷ এই ২৭খন হাস্পতালৰ ভিতৰত ১২খনত এম্বুলেঞ্চ সেৱাৰ ব্যৱস্থা নাই বুলি প্রতিবেদনত উল্লেখ কৰা হৈছে৷ আনকি আপ চৰকাৰে ১০ বছৰ ধৰি ১৫খন চৰকাৰী হাস্পতালত কোনো মর্গ নির্মাণ কৰিবলৈ সক্ষম নহ’ল৷ কেগৰ প্রতিবেদন অনুসৰি দিল্লীৰ চৰকাৰী স্বাস্থ্যসেৱাত ৫০ শতাংশতকৈ অধিক চিকিৎসকৰ অভাৱ আছে৷ নার্ছ আৰু স্বাস্থ্যকর্মীসকলৰ ক্ষেত্রত এই হাৰ ক্রমে ২১ আৰু ৩৮ শতাংশ৷ কেগৰ প্রতিবেদন অনুসৰি মহল্লা ক্লিনিকসমূহৰ অধিকসংখ্যকতে নাই শৌচাগাৰৰ ব্যৱস্থা৷