নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতৰ পশ্চিম উপকূলত সৃষ্টিৰ দিশে হিমালয়সদৃশ পৰ্বতশ্ৰেণী

শুভ্ৰাশ্ময় কাশ্যপৰ প্ৰতিবেদন, ১ মাৰ্চঃ বৰ্তমান সময়ত সামাজিক মাধ্যমৰ লগতে বিজ্ঞানী মহলৰ মাজত খুব চৰ্চিত বিষয় হৈ পৰিছে ছোমালিয়ান প্লেট। ভূ-বিজ্ঞানীসকলে ভৱিষ্যদ্বাণী কৰিছে যে ভাৰতবৰ্ষৰ পশ্চিম উপকূল অঞ্চলত হিমালয়সদৃশ আন এক পৰ্বতশ্ৰেণীৰ সৃষ্টি হ’ব গৈ আছে, যাৰ মূল কাৰণ হ’ল এই ছোমালিয়ান প্লেট। ছোমালিয়ান প্লেট পূব গোলাৰ্ধত অৱস্থিত এখন সৰু টেকটনিক প্লেট, ই পূব আফ্ৰিকাৰ বহু অংশ সামৰি লৈছে, য’ত ছোমালিয়া, কেনিয়া, তাঞ্জানিয়া, ইথিঅপিয়া আৰু মোজাম্বিকৰ কিছু অংশও অন্তৰ্ভুক্ত। বৰ্তমান ই আফ্ৰিকান প্লেটৰ পৰা বিভক্ত হৈ ধীৰে ধীৰে ভাৰতৰ দিশে গতি কৰিব ধৰিছে। বিজ্ঞানীসকলে ঠাৱৰ কৰিছে এটা সময়ত এই প্লেটখন আহি ভাৰতৰ পশ্চিম উপকূলত খুন্দা মাৰিব পাৰে, আৰু এক নতুন পৰ্বতমালাৰ সৃষ্টি কৰিব পাৰে। ঠিক এনেদৰেই হিমালয়ৰ সৃষ্টি হৈছিল, যেতিয়া ভাৰতীয় প্লেটে ইউৰেছিয়ান প্লেটত খুন্দা মাৰিছিল।

আফ্ৰিকান প্লেটৰ পৰা ছোমালিয়ান প্লেট পৃথক হোৱাৰ আঁৰৰ প্ৰধান কাৰণ হৈছে পৃথিৱীৰ শিলামণ্ডলৰ ভিতৰত টেকটনিক কাৰ্য্যকলাপ। পৃথিৱীৰ খোলাটো কেইবাখনো টেকটনিক প্লেটত বিভক্ত যিবোৰ অৰ্ধতৰল এষ্টেনোস্ফিয়াৰৰ ওপৰত ওপঙি থাকে। এই প্লেটবোৰ গতিশীল অৱস্থাত থাকে। ছোমালিয়ান প্লেটৰ ক্ষেত্ৰত ইষ্ট আফ্ৰিকান ৰিফ্ট চিষ্টেম— উত্তৰ-পূবৰ আফাৰ ট্ৰিপল জংচনৰ পৰা দক্ষিণে মোজাম্বিকৰ মাজেৰে তললৈ বিস্তৃত ভূতাত্ত্বিক গতি। এই গতিৰ ফলত ছোমালিয়ান প্লেট নুবিয়ান বা আফ্ৰিকান প্লেটৰ পৰা আঁতৰি গৈ আছে।
প্ৰায় ৩.৫ কোটি বছৰৰ আগতে আৰম্ভ হোৱা এই গতি প্ৰক্ৰিয়াটো ক্ৰমান্বয়ে আগবাঢ়িছে। প্লেটসমূহ পৃথক হোৱাৰ কাৰণ পূব আফ্ৰিকা অঞ্চলৰ তলত হোৱা তাপীয় বিজুতি, যাৰ ফলত শিলামণ্ডল পাতল হৈ পৰে। ইয়াৰ ফলত পৃথিৱীৰ খোলাটোৱে বিভিন্ন দিশত গতি কৰিবলৈ।

ছোমালিয়ান প্লেট বছৰি গড় হাৰত প্ৰায় ৬ মিলিমিটাৰ গতিৰে আফ্ৰিকান প্লেটৰ পৰা আঁতৰি গৈ আছে। মানুহৰ ক্ষেত্ৰত এই হাৰ তুলনামূলকভাৱে লেহেমীয়া যদিও ভূতাত্ত্বিক সময়সীমাৰ ক্ষেত্ৰত ই উল্লেখযোগ্য। যদি এই বিভাজন চলি থাকে তেন্তে অনুমান কৰা হৈছে যে অহা এক কোটি বছৰৰ ভিতৰত ছোমালিয়ান প্লেট আফ্ৰিকা মহাদেশৰ পৰা সম্পূৰ্ণৰূপে পৃথক হ’ব পাৰে, যাৰ ফলত নতুন সাগৰীয় অৱবাহিকা গঠন হ’ব। ইয়াৰ ফলত ছোমালিয়া, কেনিয়া, তাঞ্জানিয়া, মোজাম্বিক আদি দেশকে ধৰি আফ্ৰিকাৰ পূব অংশক মহাদেশখনৰ বাকী অংশৰ পৰা বিভক্ত কৰি পৃথক ভূখণ্ডৰ সৃষ্টি হ’ব। লগতে অনুমান কৰা হৈছে যে এই অংশটোৱে ভাৰতৰ পশ্চিম উপকূলত খুন্দা মৰাৰো যথেষ্ট সম্ভাৱনা আছে।

এই ঘটনাৰ প্ৰমাণ বিচাৰি চাবলৈ গ’লে পোৱা যায় যে ২০০৫ চনত ইথিঅপিয়াৰ আফাৰ অঞ্চলত প্ৰায় ৩৫ মাইল দৈৰ্ঘ্যৰ এটা বৃহৎ ফাট দেখা যায়। এই পৰিঘটনাটো আছিল টেকটনিক প্লেটৰ গতিৰ এক উদাহৰণ, য’ত টেকটনিক প্লেটৰ গতিৰ বাবে পৃথিৱীৰ খোলাটো ফাটি গৈছিল। এই ঘটনাটো ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যম তথা সামাজিক মাধ্যমত অতি চৰ্চিত বিষয় হৈ পৰিছিল। এনেধৰণৰ আন এক পৰিঘটনা ২০১৮ চনত কেনিয়াৰ নাৰক কাউন্টিত সংঘটিত হোৱা দেখা পোৱা যায়। য’ত এটা ব্যস্ত পথ মাজত বিভাজিত হৈ গৈছিল।

পূব আফ্ৰিকান ৰিফ্ট ব্যৱস্থাৰ বৈশিষ্ট্য হৈছে সঘনাই সৃষ্টি হোৱা ভূমিকম্প আৰু আগ্নেয়গিৰি উদগীৰণকে ধৰি ভূতাত্ত্বিক কাৰ্য্যকলাপ। এই অঞ্চলত বহুতো সক্ৰিয় আৰু সুপ্ত আগ্নেয়গিৰি আছে, যেনে মাউণ্ট কিলিমাঞ্জাৰো আৰু মাউণ্ট কেনিয়া, যিবোৰ ৰিফটিং প্ৰক্ৰিয়াৰ প্ৰত্যক্ষ ফল। এই অঞ্চলত পৃথিৱীৰ খোলা পাতল হোৱাৰ ফলত মেগমা অধিক সহজে পৃষ্ঠলৈ উঠিব পাৰে, যাৰ ফলত আগ্নেয়গিৰি উদগীৰণৰ দৰে কাৰ্যকলাপৰ সৃষ্টি হয়। ইয়াৰ উপৰি এই প্ৰক্ৰিয়াৰ দ্বাৰা গঠিত নতুন ভূ-খণ্ডৰ লগতে বৃহৎ অৱবাহিকাৰ বিকাশ ঘটিব পাৰে, যিবোৰ হ্ৰদলৈ পৰিণত হ’ব পাৰে, যেনে টাংগানিকা হ্ৰদ আৰু মালাউই হ্ৰদ।

ছোমালিয়ান প্লেটৰ পৃথকীকৰণৰ বাবে ৰিফ্ট ভেলী আৰু হাইলেণ্ডৰ গঠনে বৈচিত্ৰময় বাসস্থানৰ সৃষ্টি কৰিব, যিয়ে বহুতো উদ্ভিদ আৰু প্ৰাণীৰ বাবে উপযোগী হৈ পৰিব। এই অঞ্চলবোৰ জৈৱ বৈচিত্ৰ্যৰে সমৃদ্ধ আৰু ইয়াত অসংখ্য স্থানীয় প্ৰজাতিৰ বাসস্থান। মানুহৰ জনসংখ্যাৰ বাবে এই অঞ্চলসমূহৰ উৰ্বৰ মাটি কৃষিৰ বাবে অনুকূল হৈ আহিছে। কিন্তু ভূতাত্ত্বিক কাৰ্য্যকলাপে ভূমিকম্প আৰু আগ্নেয়গিৰিৰ বিস্ফোৰণকে ধৰি বিপদৰো সৃষ্টি কৰে, যিয়ে সম্প্ৰদায়সমূহৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাব পাৰে।

আফ্ৰিকান প্লেটৰ পৰা ছোমালিয়ান প্লেটৰ পৃথকীকৰণ পৃথিৱীৰ পৃষ্ঠৰ তলৰ টেকটনিক বলৰ দ্বাৰা পৰিচালিত এক লেহেমীয়া কিন্তু গতিশীল প্ৰক্ৰিয়া। এই ঘটনাই ক্ৰমান্বয়ে, লাখ লাখ বছৰৰ ভিতৰত, আফ্ৰিকা মহাদেশৰ ভূগোলক পুনৰ গঢ় দিয়াৰ সম্ভাৱনা আছে।

ফোন : ৮৪৮৬৯-৪৪৫৩৮

You might also like