নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চতুর্দশ সন্তানৰ পিতৃ হ’ল ধনকুবেৰ এলন মাস্ক

🔹 ছ’চিয়েল মিডিয়াত চতুর্থ শিশুৰ জন্মৰ কথা সদৰী পত্নী জিলছৰ

🔹 কেইদিনমান পূর্বে মাস্কৰ ত্রয়োদশ সন্তানটি জন্ম দিছিল মার্কিন লেখিকা ক্লেয়াৰে

নিউজ ডেস্ক, ২ মার্চ : পুনৰ পিতৃ হ’ল ধনকুবেৰ এলন মাস্ক৷ মার্কিন ধনকুবেৰগৰাকীৰ পত্নী শিভন জিলছে নিজৰ চতুর্থটো সন্তান জন্ম দিছে৷ শিশু পুত্রটিৰ নাম ৰখা হৈছে ছেলডন লাইছাৰগাছ৷ জিলছে এক্স হেণ্ডেলত এটা প’ষ্ট কৰি এই খবৰ দিছে সকলোকে৷ এতিয়ালৈকে ১৪টা সন্তানৰ পিতৃ হৈছে মাস্ক৷ এই সন্তানসকলৰ মাতৃ হৈছে চাৰিগৰাকী মহিলা৷ মাস্কৰ এনে বহু নাৰীৰে সম্পর্কক লৈ বিভিন্ন সময়ত আন্তর্জাতিক সংবাদ মাধ্যমত চর্চা চলি আহিছে৷ বহু নাৰীৰে সম্পর্কৰ বিষয়টো সন্দর্ভত মাস্কক লৈ আলোচনাৰো অন্ত নাই৷ মাস্কৰ এনে সম্পর্কৰ বাবে বিশ্বৰ বিভিন্ন মহলে ধনকুবেৰগৰাকীৰ ব্যক্তিগত জীৱনৰ বিষয়ে জানিবলৈ আগ্রহী হৈ থাকে৷ স্মর্তব্য যে জিলছে প্রথমবাৰ মাস্কৰ সন্তান জন্ম দিছিল ২০২১ চনৰ নৱেম্বৰত৷ যমজ সন্তান ষ্ট্রাইডাৰ আৰু আজুৰৰ জন্মৰ কথা সকলোকে জনাই দিছিল মাস্ক আৰু জিলছে৷ জিলছ আছিল মাস্কৰ সংস্থা নিউৰ’লিংকৰ এগৰাকী বিষয়া৷ নিউৰ’লিংকত থকা সময়তে জিলছৰ সৈতে সম্পর্ক হয় মাস্কৰ৷ ২০২৪ চনৰ ২৮ ফেব্রুৱাৰীত জিলছে মাস্কৰ তৃতীয় সন্তান আর্কাডিয়াক জন্ম দিয়ে৷ এইবাৰ জন্ম দিছে চতুর্থটি সন্তান৷ মাত্র কেইদিনমান পূর্বে মাস্কৰ ত্রয়োদশ সন্তান জন্ম দিছিল এগৰাকী মার্কিন লেখিকা আছলে ছেইণ্ট ক্লেয়াৰে৷ ৩১ বছৰীয়া ক্লেয়াৰে ছ’চিয়েল মিডিয়াৰ এক প’ষ্টত উল্লেখ কৰিছিল যে তেওঁ ৫ মাহৰ পূর্বে মাস্কৰ সন্তান জন্ম দিছে৷

You might also like