নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেৰালাক হৰুৱাই ৰঞ্জি ট্রফীত চেম্পিয়ন বিদর্ভ

নিউজ ডেস্ক, ৩ মাৰ্চঃ আকৌ এবাৰ ৰঞ্জি ট্রফীত খিতাপ অর্জন কৰিলে বিদর্ভই৷ ফাইনেলত কেৰালাক পৰাজিত কৰি বিগত ৮ বছৰত তৃতীয়বাৰৰ বাবে চেম্পিয়ন হয় দলটো৷ প্রথম ইনিংছত লাভ কৰা অগ্রগতিৰ জৰিয়তে বিদর্ভই ভাৰত শ্রেষ্ঠ হোৱাৰ গৌৰৱ অর্জন কৰে৷ ঘৰুৱা ক্রিকেটত চলিত ছিজনত দর্শনীয় প্রদর্শন দাঙি ধৰিলে বিদর্ভ দলটোৱে৷ দুয়োটা ইনিংছতে দর্শনীয় বেটিং উপহাৰ দিলে বিজয়ী দলটোৰ বেটাৰসকলে৷ বেটাৰৰ আধিপত্যৰ বাবেই তেওঁলোক চেম্পিয়ন হ’ল৷ নাগপুৰত অনুষ্ঠিত মেচখনত প্রথমে বেটিং কৰি ৩৭৯ ৰান কৰে বিদর্ভই৷ ডানিছ মালেয়াৰে কৰে ১৫৩ ৰান৷ অভিজ্ঞ কৰুণ নায়াৰৰ বেটৰ পৰা আহে ৮৬ ৰান৷ চলিত ছিজনত বিদর্ভৰ হৈ দর্শনীয় ফর্মত আছে কৰুণ৷ ফাইনেলতো সেই ফর্ম অব্যাহত ৰাখিলে তেওঁ৷ প্রত্যুত্তৰত প্রথম ইনিংছত ভাল খেলিলে কেৰালাই৷ কোৱার্টাৰ ফাইনেল আৰু ছেমিফাইনেলত অগ্রগতিৰ জৰিয়তেই জয়লাভ কৰিছিল কেৰালা দলে৷ কিন্তু ফাইনেলত সেয়া নহ’ল৷ অধিনায়ক শচীন বেবিয়ে ৯৮ ৰান কৰিও দলক অগ্রগতি প্রদান কৰিব নোৱাৰিলে৷ ৩৪২ ৰানত শেষ হয় কেৰালাৰ ইনিংছ৷ ফলত ৩৭ ৰানত অগ্রগতি লাভ কৰে বিদর্ভই৷ দ্বিতীয় ইনিংছতো ভাল খেলে বিদর্ভ দলে৷ প্রথম ইনিংছত শতৰানকাৰী ডানিছে কৰে ৭৩ ৰান৷ আনহাতে কৰুণ নায়াৰে চলিত ছিজনত নৱমটো শতৰান উপহাৰ দিয়ে৷ তেওঁৰ বেটৰ পৰা আহে ১৩৫ ৰান৷ বিদর্ভই ৯ উইকেটত ৩৭৫ ৰান কৰাৰ সময়তে দুয়োটা দলে খেল শেষ কৰাৰ সিদ্ধান্ত লয়৷

You might also like