বঢ়মপুৰৰ কন্দলীত বিগত দহ বছৰে মুকলি নহল চিকিৎসালয়
নিয়মীয়া বাৰ্তা ১৬ মাৰ্চঃ যিটো সময়ত প্ৰতিবেশী ৰাষ্ট্ৰ চীনে দহ দিনত এখন চিকিৎসালয় নিৰ্মাণ কৰি বিশ্ব অভিলেখ কৰিলে তাৰ বিপৰীতে অসমত এখন চিকিৎসালয় নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছতো দহ বছৰে চিকিৎসালয় খন উদ্ধোধন নহল। উল্লেখ যে বঢ়মপুৰ কন্দলীত অৱস্থিত নিবুকালি চিকিৎসালয় খন কোটি কোটি টকা খৰচ কৰি নিৰ্মাণ কৰিলে যদিও আজিকোপতি ৰাইজৰ বাবে মুকলি কৰি নিদিলে ।দহ বছৰ পূৰ্বে নিৰ্মান সম্পূৰ্ণ হোৱা চিকিৎসালয় খন বৰ্তমান হাবি জংঘল ৰ মাজত । আনহাতে চিকিৎসা সেৱাৰ বাবে প্ৰয়োজনীয় সা-সঁজুলি ,পৰীক্ষা গাৰ , ৰোগী বাবে বিছনা ,ডাক্তৰ আৰু কৰ্মচাৰী সকল থকাৰ বাবে গৃহৰ ব্যৱস্থা থকাৰ পাছতো চিকিৎসালয় খন ৰাইজৰ বাবে মুকলি কৰি নিদিয়াত ক্ষোভ উজাৰিছে স্থানীয়ে ৰাইজে ।ৰাইজৰ অভিযোগ যে নিবুকালি অঞ্চলৰ একমাত্ৰ চিকিৎসালয় খন মুকলি কৰি নিদিয়াত যিকোনো বেমাৰ হলে উন্নত চিকিৎসা বাবে প্ৰায় ২০ কিলোমিটাৰ পৰ্যন্ত যাব লাগে ।অথচ নিজ অঞ্চলতে ইমান উন্নত মানৰ চিকিৎসালয় থকাৰ পিছটো বঞ্চিত হৈছে চিকিৎসা সেৱাৰ পৰা । যিটো সময়ত ক’ৰোনা ভাইৰাছ দৰে মাৰাত্মক বেমাৰ সমগ্ৰ বিশ্বতে আতংক হোৱাৰ বাবে চৰকাৰে বিভিন্ন ধৰণৰ বিজ্ঞাপন দি ৰাইজক সজাগ কৰিছে কিন্তু চিকিৎসা প্ৰদান কৰিবলগা চিকিৎসালয় মুকলি কৰিবলৈ আহৰি নাই চৰকাৰৰ ।