🔹 বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধিৰ অন্তিম শ্ৰদ্ধা নিবেদন
নিয়মীয়া বাৰ্তা, ৫ মাৰ্চ : ঐতিহাসিক অসম আন্দোলনৰ সক্ৰিয় কৰ্মী, অসম চৰকাৰৰ ৰেচম বিভাগৰ জ্যেষ্ঠ কৰ্মচাৰী, দিখৌমুখ ন-কটানী কালুগাঁও নিৱাসী সুৰেশ নেওগৰ (৫৯) আজি হৃদজনিত ৰোগত আক্ৰান্ত হৈ পুৱা প্ৰায় ৪ বজাত আকস্মিকভাৱে দেহাৱসান ঘটে। প্ৰয়াত নেওগ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এগৰাকী একনিষ্ঠ সেৱক আছিল৷ আজি পুৱা মৃতকৰ বাসগৃহত অনুষ্ঠিত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শিৱসাগৰ জিলা, দিখৌমুখ আঞ্চলিকৰ অন্তৰ্গত বহুকেইখন প্ৰাথমিক শাখা, দিখৌমুখ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ সমিতি, দিখৌমুখ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়, শ্ৰী শংকৰদেৱ কলাকৃষ্টি কেন্দ্ৰ, ন-কটানী কালুগাঁও নামঘৰ পৰিচালনা সমিতি, কমলা শইকীয়া স্মৃতি ৰক্ষা সমিতি, আয়ুস, দিখৌমুখ শাখা সাহিত্য সভা, আঞ্চলিক বৈষ্ণৱ সমাজকে ধৰি বহুসংখ্যক অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধিয়ে মৃতদেহত পুষ্পাঞ্জলি অৰ্পণ কৰি অন্তিম শ্ৰদ্ধা নিবেদন কৰে। ধৰ্মপ্ৰাণ তথা এগৰাকী সক্ৰিয় সমাজকৰ্মী হিচাপেও পৰিচিত নেওগৰ দেহাৱসানত সমগ্ৰ দিখৌমুখ অঞ্চলতে গভীৰ শোকৰ ছাঁ পৰিছে৷
প্ৰেৰক প্ৰণৱ খাটনিয়াৰ