নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাৰ এখন বিদ্যালয়ে সলনি কৰিছে চৰকাৰী বিদ্যালয়ৰ প্ৰতি থকা মানুহৰ ধাৰণা

🔹 আমগুৰি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাগুৰুৱে বিলাইছে কলা-সংস্কৃতিৰ পোহৰ

নিয়মীয়া বাৰ্তা, ৬ মাৰ্চ : চৰকাৰী বিদ্যালয় বুলি ক’লেই এতিয়া সকলোৰে মনলৈ আহে নেতিবাচক কথাহে। কিন্তু এনে নেতিবাচক ভাবৰ মাজতো এতিয়াও এনে একাংশ চৰকাৰী বিদ্যালয় আছে, যিসমূহ বিদ্যালয়ে কঢ়িয়াইছে আশাৰ বতৰা। সততে চৰকাৰী বিদ্যালয় সন্দৰ্ভত প্ৰচাৰিত নেতিবাচক খবৰৰ বিপৰীতে ঢকুৱাখনা শিক্ষাখণ্ডৰ অধীনস্থ এখন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষণ পদ্ধতি আৰু পৰিৱেশে সলনি কৰি পেলাইছে চৰকাৰী বিদ্যালয়ৰ প্ৰতি থকা মানুহৰ ধাৰণা।পাঠদানৰ সমান্তৰালকৈ এইখন বিদ্যালয়ত বিলোৱা হয় কলা-সংস্কৃতিৰ পোহৰ। কামে-কাজে সকলোতে ব্যতিক্ৰম বিদ্যালয়খন। শিক্ষা আৰু সংস্কৃতিৰ সৃষ্টিশীল মিলনৰ অনন্য পৰিৱেশে ব্যাপক চৰ্চা লাভ কৰিছে বিদ্যালয়খনে। ঢকুৱাখনা শিক্ষাখণ্ডৰ অধীনস্থ আৰু ১৯৫৮ চনতে স্থাপিত আমগুৰি প্ৰাথমিক বিদ্যালয়ত প্ৰতি মঙলবাৰ আৰু শুকুৰবাৰে চলা সংগীতৰ চৰ্চাই এক কথাত সলনি কৰি পেলাইছে চৰকাৰী বিদ্যালয়খনৰ পৰিৱেশ। বিদ্যালয়খনত পাঠদানৰ সমান্তৰালকৈ নিয়মিত শিক্ষাগুৰুসকলে বিলাইছে কলা-সংস্কৃতিৰ পোহৰ। শিক্ষাৰ লগতে গীতে-মাতে-নৃত্যই উজলিছে বিদ্যালয়খনৰ কণ কণ শিক্ষাৰ্থী। অসমীয়া কালজয়ী গীতসমূহক নতুন প্ৰজন্মৰ মাজত জীয়াই ৰখাৰ বাবে বিদ্যালয়খনত সপ্তাহৰ দুটা দিনত পাঠদানৰ পিছতেই চৰ্চা হয় সংগীতৰ। উল্লেখ্য যে শিক্ষাৰ্থীৰ অভাৱত ২০২২ চনত শিক্ষা বিভাগে এসময়ত বন্ধ কৰি দিব বিচাৰিছিল বৃহত্তৰ হাৰ্হি অঞ্চলৰে পুৰণি শিক্ষানুষ্ঠান। কিন্তু স্থানীয় ৰাইজ, অভিভাৱকসকলৰ সহযোগিতা আৰু বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী কিৰণ চুতীয়াৰ নেতৃত্বত শিক্ষকসকলৰ আপ্ৰাণ প্ৰচেষ্টা আৰু ত্যাগৰ বিনিময়ত এই পৰিৱৰ্তন বিদ্যালয়খনত। পুৰণি বিদ্যালয়খন জীয়াই ৰখাৰ স্বাৰ্থতে বিদ্যালয়খনৰ সহকাৰী শিক্ষক বিশ্বজিৎ বৰুৱাই নিজৰ একমাত্ৰ কণমানি সন্তানকো নামভৰ্তি কৰি দিলে বিদ্যালয়খনত। এতিয়া ৮জন শিক্ষাৰ্থীৰ পৰা বিদ্যালয়খনত মাত্ৰ দুবছৰত হ’লগৈ ৬০গৰাকী শিক্ষাৰ্থী। শিক্ষক-শিক্ষয়িত্রী, পৰিচালনা সমিতি তথা অভিভাৱকবর্গৰ একত্রিত প্রয়াসে বিদ্যালয়খনক দিলে নতুন ৰূপ। ইচ্ছা থাকিলে, আন্তৰিকতা থাকিলে যে সকলো সম্ভৱ, সেয়া প্ৰমাণ কৰি দিয়া বিদ্যালয়খনৰ শিক্ষকসকলৰ ব্যতিক্ৰমী কাৰ্যৰ প্ৰশংসা কৰিছে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে। সামাজিক মাধ্যমত এটা পোষ্টৰ জৰিয়তে প্ৰশংসা কৰিলে শিক্ষামন্ত্ৰীয়ে।পাঠদানৰ সমান্তৰালকৈ সংগীতৰ মূৰ্ছনাৰে মুখৰিত হৈ থাকে বিদ্যালয়খনৰ শ্ৰেণীকোঠা। সহকাৰী শিক্ষক বিশ্বজিৎ বৰুৱা, মনোজ বৰুৱা আৰু পৰিস্মিতা খাউণ্ডৰ নেতৃত্বত চলা সংগীতৰ চর্চাই সম্প্ৰতি সলনি কৰি পেলাইছে এসময়ত শিক্ষা বিভাগে বন্ধ কৰি দিব বিচৰা চৰকাৰী বিদ্যালয়খনৰ পৰিৱেশ। অকণমানি হাতেৰে শিক্ষাৰ্থীসকলে গীটাৰত তুলিব পাৰে সুৰৰ মূৰ্ছনা। হাতত গীটাৰ লৈ শিক্ষাগুৰুসকলে শিকোৱা প্ৰতিটো কালজয়ী গীত প্ৰাণ ঢালি গাব পাৰে, গাইছে প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে। সততে চৰকাৰী বিদ্যালয় সন্দৰ্ভত প্ৰচাৰিত নেতিবাচক খবৰৰ বিপৰীতে এতিয়া মন চুই যোৱা এক ইতিবাচক পৰিৱেশ বিৰাজ কৰিছে এইখন চৰকাৰী বিদ্যালয়ত। ঢকুৱাখনা শিক্ষাখণ্ডৰ অধীনৰ আমগুৰি প্ৰাথমিক বিদ্যালয়ৰ এই পৰিৱেশ সকলো চৰকাৰী বিদ্যালয়ৰ বাবে হওক আদর্শস্বৰূপ।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like