নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আলমগঞ্জৰ দলবদ্ধ ধ*ৰ্ষণ কাণ্ডৰ মূল অভিযুক্তক আটক আৰক্ষীৰ

🔹 মোবাইল ফোনযোগে মাতি নি আন ৭ সহযোগীৰে অপকৰ্ম কৰাৰ অভিযোগ

নিয়মীয়া বাৰ্তা, ৬ মাৰ্চ : ধুবুৰী জিলাৰ গৌৰীপুৰৰ সমীপৰ আলমগঞ্জত মহিলা এগৰাকীক দলবদ্ধ ধ*ৰ্ষণ কাণ্ডৰ মূল অভিযুক্তক আৰক্ষীয়ে যোৱানিশা আটক কৰা বুলি জানিব পৰা গৈছে। স্মৰ্তব্য যে বিগত ২৮ ফেব্ৰুৱাৰীৰ দিনা গৌৰীপুৰৰ সমীপৰ এখন গাঁৱত বায়েকৰ ঘৰলৈ অহা মহিলাগৰাকীক মোবাইল ফোনযোগে মাতি নিছিল ৰেজাউল হক নামৰ এজন যুৱকে আৰু আলমগঞ্জ প্ৰথম খণ্ড অঞ্চলত আন ৭ সহযোগীৰে ধ*ৰ্ষণ কৰিছিল। তাৰ পিছত পিতৃয়ে জিলাখনৰ গৌৰীপুৰ থানাত দাখিল কৰিছিল এখন এজাহাৰ। সেই এজাহাৰৰ ভিত্তিত গৌৰীপুৰ আৰক্ষীয়ে ৮১/২৫ নম্বৰত ৰুজু কৰিছিল এক গোচৰ। সেই গোচৰৰ ভিত্তিত যোৱানিশা গৌৰীপুৰ আৰক্ষীয়ে মহিলাগৰাকীৰ পিতৃয়ে এজাহাৰত উল্লেখ কৰা মূল অভিযুক্ত ৰেজাউল হকক আটক কৰা বুলি জানিব পৰা গৈছে। ইপিনে, ৰেজাউল হকে মহিলাগৰাকীৰ প্ৰাক্তন স্বামী বুলি দাবী কৰি গৌৰীপুৰ থানাত এজাহাৰ দাখিল কৰা বুলি প্ৰকাশ।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like