নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্ভাব্য মাতৃৰ কৰণীয়

  • ডাঃ নিখিল ৰঞ্জন ৰাজখোৱা

                                                        কি কি নাখাব

চাহ–কফী আদি কমাই খাব, চাহ দিনে চাৰি কাপতকৈ বা কফী দিনে দুকাপতকৈ বেছি নাখাব৷ চাহতকৈ কফীত যথেষ্ট কেফেইন থাকে (৯৫–১৩৫ মিলিগ্রাম/প্রতিকাপ)৷ অত্যধিক কেফেইনে গর্ভপাত কৰিব পাৰে বাIUGR কৰিব পাৰে৷ চকলেটত কেফেইন কমকৈ থাকে৷ এডাল এভাৰেজ চকলেটবাৰত ৫–৩৫ মিলিগ্রাম কেফেইন থাকে৷ গতিকে কম পৰিমাণে খাব পাৰে৷ চাইনিজ খাদ্য আৰু ঠাণ্ডা পানীয় নাখালেই ভাল৷ অত্যধিক মিঠা নাখাব, আপুনি যদি বেছি শকত বা আপোনাৰ মা–দেউতাৰ ডায়েবেটিছ আছে, তেন্তে আৰু কমাই খাব৷ জলা–মচলা বা তিতা–টেঙা অত্যধিক পৰিমাণে নাখাব৷ ভালদৰে নিসিজা মাছ–মাংস, গৰম নকৰা গাখীৰ, নষ্ট হ’ব ধৰা খাদ্যবস্তু খাই নিজৰ তথা সন্তানৰ বিপদ চপাই নল’ব৷ অপৰিষ্কাৰ চালাড, মাদক দ্রব্য আদি খাব নালাগে৷ মাদক দ্রব্য খোৱাৰ অভ্যাস আছে যদি বন্ধ কৰক৷ এলকহল মাকৰ পৰা গর্ভস্থ শিশুলৈ সহজে পাৰ হৈ যায়, আৰু শিশুটোক শাৰীৰিক বা মানসিকভাৱে পংগু কৰি পেলাব পাৰে ৷

অন্য ড্রাগ্ছ যেনে– হেৰোইন, ক’কেইন, ভাং আদিয়েও কৰিব পাৰে একে ধৰণৰ সমস্যা৷ যদিহে চাধা, চিগাৰেট, বিডি, গুটখা, জর্দা আদি খোৱাৰ অভ্যাস আছে তেন্তে এই বদ অভ্যাস পৰিহাৰ কৰক৷ এইবিলাকত থকা নিকোটিন, কার্বন–মনো–ক্সাইড আদিয়ে গর্ভস্থ সন্তানৰ প্রচুৰ হানি কৰিব পাৰে, যেনে– গর্ভপাত, গর্ভতে সন্তানৰ মৃত্যু হোৱা,IUGR, অকাল প্রসৱ ইত্যাদি৷ সাৱধান হ’ব– পতিয়ে যদি ধূমপান কৰে, তেন্তে পত্নীয়ে কৰা পেছিভ স্ম’কিঙেও গর্ভস্থ সন্তানৰ অপকাৰ কৰিব পাৰে ৷

ঔষধ–পাতি : চিকিৎসকে আপোনাক টিটেনাছ টক্সাইডৰ দুটা বেজী ল’বলৈ দিব তথা গর্ভাৱস্থাৰ কিছু সৰু সুৰা অসুবিধাৰ বাবে ঔষধ দিব পাৰে৷ নিজে বিচাৰ কৰি কেতিয়াও ঔষধ নাখাব৷ কিছুমান দৰবে গর্ভস্থ সন্তানৰ অপকাৰ কৰিব পাৰে, যেনে– বিকলাংগতা, গর্ভপাত,IUGR, গর্ভস্থ সন্তানৰ মৃত্যু হোৱা ইত্যাদি৷ কিছুমান বেমাৰেও, যেনে– ৰুবেলা, মিজিল্ছ, মাম্পছ, মেলেৰিয়া আদিয়ে উল্লিখিত ধৰণে সমস্যাৰ সৃষ্টি কৰিব পাৰে৷ গতিকে ডাক্তৰৰ পৰামর্শ লওক৷ কেতিয়াবা ডাক্তৰে আনকি গর্ভপাতৰ পৰামর্শও দিব পাৰে৷ যেনে– ৰুবেলা হ’লে ৷
আগৰে পৰা যদি কিবা ৰোগৰ বাবে ঔষধ খাই আছে তেন্তে আপোনাৰ চিকিৎসকক জনাওক৷ তেওঁ ঔষধটো বা ড’জটো সলাই দিব পাৰে৷ গর্ভনিৰোধক পিল, গর্ভৱতী হ’ব বিচৰাৰ তিনি মাহমান আগৰ পৰা বন্ধ কৰি দিয়া ভাল৷

বিশ্রাম : অতিকমেও ৰাতি ৮ ঘণ্টা আৰু দুপৰীয়া ২ ঘণ্টাকৈ শোৱক৷ বিশেষকৈ বাঁওফালে কাতি হৈ শুব (মাজে মাজে অন্য পজিচনত)৷ কাতি হৈ শুলে গর্ভস্থ সন্তানলৈ ৰক্তপ্রবাহ ভালদৰে হোৱাৰ উপৰি আপোনাৰ হার্টতো ষ্ট্রেছ কমকৈ পৰে৷ চাকৰিয়াল মহিলাসকলে কামৰ প্রতিষ্ঠানতেই দুপৰীয়া ২ ঘণ্টামান কাতি হ’বলৈ সুবিধা কৰি ল’ব পাৰিলে ভাল৷ নহ’লে প্রায়ে দেখা যায় তেওঁলোকৰ খোৱা–বোৱা ইত্যাদি সকলোবোৰ ঠিকে থকাৰ পিছতো সন্তানবোৰIUGRত ভোগে৷
শোৱা টুলীখন বৰ বেছি কোমল বা টান নহৈ আঢ়ৈ বা তিনি ইঞ্চিমান ডাঠ মধ্যমীয়া কোমল হ’লে ভাল৷ বাঢ়ি অহা জৰায়ু তথা পেটৰ আকাৰৰ বাবে শোৱাত অসুবিধা হ’লে ভৰি দুখন কোঁচাই কাতি হৈ শুই দুই ভৰিৰ মাজত বা পেটৰ তলত গাৰু লৈ ল’ব পাৰে৷ শোৱাৰ পৰা উঠোঁতে কাতি হৈ উঠিব৷ বহা–শোৱা আৰু প্রস্রাৱ–পায়খানা কৰাৰ পৰা উঠোঁতে সদায় অলপ লাহে লাহে উঠিব৷ নহ’লে হঠাতে ধোঁৱা–কোৱা লাগি আপুনি পৰি যাব পাৰে৷ ঘপহকৈ উঠি দিলে মগজুলৈ যোৱা তেজৰ পৰিমাণ হঠাৎ কমি যোৱাৰ বাবে এনে হয় ৷

দৈনন্দিন কাম–কাজ আৰু ব্যায়াম

আপোনাৰ দৈনন্দিন কাম–কাজবোৰ কৰি থাকিব পাৰে৷ পিছে গধুৰ কাম–কাজ কৰা, গধুৰ বস্তু উঠোৱা, একেলেথাৰিয়ে কাম কৰি থকা ইত্যাদিবোৰ নকৰিব৷ এটা সাধাৰণ নিয়ম মানি চলিব পাৰে– আপুনি ভাগৰ লগাকৈ বা কষ্ট পোৱাকৈ কাম নকৰিব৷ পেটত আঘাত পোৱাৰ সম্ভাৱনা থকা কাম, খেল বা ব্যায়াম আদি নকৰিব ৷
আপোনাৰ যদি বিশেষ ঘৰুৱা কাম–বন নাই, তেন্তে নিয়মিতভাৱে কিছু পৰিমাণে পাতলীয়া ব্যায়াম (দিনে আধা ঘণ্টাৰ পৰা এঘণ্টা) কৰাটো অতি দৰকাৰী– যিয়ে আপোনাক বিভিন্ন ধৰণে সহায় কৰিব, যেনে– অতিৰিক্ত ওজন বৃদ্ধি প্রতিৰোধ, ভাল টোপনি অহা, গাত শক্তি পোৱা, মনটো ভাল লগা, গর্ভাৱস্থাত হোৱা কঁকাল বা পিঠিৰ বিষ, ভৰি ফুলা, কোষ্ঠকাঠিন্য ইত্যাদিৰ পৰা ৰেহাই পোৱা, প্রসৱ প্রক্রিয়া সহজ কৰি তোলা ইত্যাদি৷ পুৱা–গধূলি মুকলি বতাহত খোজকঢ়াটো এটা ভাল ব্যায়াম৷ অন্য কিছুমান ব্যায়াম বা যোগাসনৰ বাবে অভিজ্ঞ চিকিৎসক বা ফিজি’থেৰাপিষ্টৰ পৰামর্শ লোৱা ভাল ৷

খোজকাঁঢ়োতে পোন হৈ খোজকাঢ়িব ৷ অলপ লাহে লাহে খোজকাঢ়িব৷ কাৰণ বাঢ়ি অহা পেটটোৰ বাবে আপোনাৰ দৈহিক ভাৰসাম্য অলপ শিথিল হ’ব আৰু সেয়ে গা ধোৱা ঘৰ বা পিছল ঠাইত সাৱধানে খোজ দিব৷ ভাল গ্রিপ থকা চেণ্ডেল বা জোতাহে পিন্ধিব৷ হাইহিলজাতীয় নিপিন্ধিব– ই আপোনাৰ কঁকালৰ বিষ কৰাৰ লগতে আপুনি কেতিয়াবা সহজতে পিছলি পৰিব পাৰে ৷
চকীত বহোতে পোন হৈ বহিব নহ’লে কঁকালৰ বিষ হ’ব ৷ প্রয়োজনবোধে কঁকালৰ পিছফালে গাৰু এটা লৈ ল’ব পাৰে৷ পীৰা বা ঢ়ৰাত নবহি মূঢ়া বা চকীতহে বহিব ৷
আপুনি যদি গাড়ী চলায় তেন্তে শেষৰ তিনি মাহত ড্রাইভাৰ লওক৷ বৈদ্যুতিক শ্বক লাগিব পৰা বস্তু নুচুব ৷

ভ্রমণঃ প্রথম তিনি মাহ আৰু শেষৰ ছয় সপ্তাহত দূৰ ভ্রমণ এৰাই চলক৷ বিশেষকৈJerky Journey (যেনে– বেয়া ৰাস্তাত ৰিক্সা বা অটোত উঠা) নকৰিব– প্রথম ড্রাইমেষ্টাৰত গর্ভপাত আৰু শেষৰফালে আগতীয়া প্রসৱ বেদনা হ’ব পাৰে৷ দূৰ ভ্রমণৰ বাবে মাজৰ তিনি মাহেই ভাল সময়৷ বাছতকৈ ৰে’লযাত্রা বেছি নিৰাপদ৷ শেষৰ ৬ সপ্তাহত বাPlacenta Praevia, Sickle cell Anaemia আদিত উৰাজাহাজ যাত্রা মানা কৰা হয়৷

যৌনাচাৰঃ প্রথম তিনি মাহ আৰু শেষৰ ৬ সপ্তাহৰ বাহিৰে মাজৰ কালছোৱাত যৌন সম্ভোগত বিশেষ বাধা নাই ৷ পেনিড্রেইটিং ছেক্স প্রথম তিনি মাহত কৰিলে গর্ভপাত আৰু শেষৰ ৬ সপ্তাহত কৰিলে আগতীয়া প্রসৱ বেদনা হ’ব পাৰে ৷ অৱশ্যে নিবিড় সম্পর্কৰ বাবে নন্–পেনিড্রেইটিং ছেক্স কৰাত বাধা নাই ৷ গোটেই কথাটো নির্ভৰ কৰে পতি–পত্নী দুয়োজনৰ ভাল বুজাবুজিৰ ওপৰত (অৱশ্যে যদিহে মেডিকেলী কোনো বাধা নাথাকে) ৷

সাজ–পোছাকঃ সদায় চাফা আৰু ভাল সাজপাৰ পিন্ধি থাকিব৷ ইয়ে আপোনাৰ মনটো আনন্দিত কৰি ৰাখিব৷ গাত লিপিত খাই ধৰা কাপোৰ নিপিন্ধিব, ঢ়িলা আৰু আৰামদায়ক কাপোৰ পিন্ধিব৷ গর্ভাৱস্থা আগবঢ়াৰ লগে লগে স্তন আৰু কঁকালৰ পৰিসৰ বৃদ্ধি পায়৷ গতিকে আৰম্ভণিৰ পৰা শেষলৈ অন্ততঃ দুই–তিনিবাৰমান অন্তর্বাস সলাব লাগিব পাৰে৷ ঠেক ব্রা পিন্ধি থকাৰ বাবে স্তনবৃন্তৰ সমস্যা হ’ব পাৰে ৷

You might also like