হোৱাইট হাউছত মার্কিন ৰাষ্ট্রপতি ট্রাম্পক হত্যাৰ চেষ্টা !
🔹 মাজনিশা ট্রাম্পৰ বাসভৱনৰ সন্মুখত সশস্ত্র যুৱকলৈ গুলী
নিউজ ডেস্ক, ১০ মার্চ : হোৱাইট হাউছত মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পক হত্যাৰ চেষ্টা ! ট্রাম্পৰ বাসভৱনৰ সন্মুখত সন্দেহজনক এজন সশস্ত্র যুৱকক গুলী কৰে নিৰাপত্তা বাহিনীয়ে৷ পৰহি মাজনিশা সংঘটিত হৈছে এই ঘটনা৷ কালি হোৱাইট হাউছৰ তৰফৰ পৰা এই ঘটনা সন্দর্ভত বিবৃতিযোগে সবিশেষ প্রকাশ কৰা হৈছে৷ উল্লেখনীয় যে এই ঘটনাৰ সময়ত হোৱাইট হাউছত উপস্থিত নাছিল আমেৰিকাৰ ৰাষ্ট্রপতিগৰাকী৷ মার্কিন ছিক্রেট ছার্ভিচৰ এজেণ্টে উল্লেখ কৰা অনুসৰি অভিযুক্তই হোৱাইট হাউছৰ একেবাৰে সমীপলৈ আগবাঢ়ি আহিছিল৷ নিৰাপত্তাৰক্ষীলৈ অভিযুক্তই বন্দুক টোঁওৱাৰ লগে লগে ৰক্ষীয়ে গুলীয়াই আহত কৰে যুৱকজনক৷ অভিযুক্ত যুৱকজন আমেৰিকাৰ ইণ্ডিয়ানাৰ বাসিন্দা৷ ইণ্ডিয়ানাৰ পৰা ৱাশ্বিংটন ডিচিলৈ আহিছিল যুৱকজন৷ গুৰুতৰভাৱে আহত অৱস্থাত হাস্পতালত ভর্তি কৰা হয় যুৱকজনক৷ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ ওপৰত আক্রমণৰ পৰিকল্পনা চলাইছিল অভিযুক্তই৷ অৱশ্যে এই সন্দর্ভত সবিশেষ তথ্য এতিয়াও প্রকাশ কৰা নাই ছিক্রেট ছার্ভিচে৷ স্মর্তব্য যে ঘটনাৰ সময়ত ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প ফ্লৰিডাত এক অনুষ্ঠানৰ শ্বুটিঙত ব্যস্ত আছিল৷