কালান্তক ক’ৰোনাৰ বিভীষিকাঃ ইটালীত একেদিনাই প্রাণ কাঢ়িলে ৩৬৮জনৰ
নিয়মীয়া বাৰ্তা, ১৭ মার্চঃ প্রাদুর্ভাৱ ঘটা চীনত ক’ৰোনা ভাইৰাছৰ সংক্রমণ স্তিমিত হ’লেও বিশ্বৰ আন দেশত ই মহামাৰী ৰূপ লৈছে ৷ বিশ্বৰ ১৬২খন দেশত এই ক’ৰোনা ভাইৰাছ সংক্রমণত ১,৭৫,৭৫৪ লোক আক্রান্ত হোৱাৰ বিপৰীতে ৬,৭১৬জন লোকৰ প্রাণহানি হৈছে ৷ চীনত সর্বাধিক ৩,২১৩জন লোকে প্রাণ হেৰুওৱাৰ লগতে ৮০,৮৮০জন লোক এই ঘাতক ভাইৰাছত আক্রান্ত হৈছে ৷ ইপিনে, চীনৰ বাহিৰে ইউৰোপীয় সংঘৰ ইটালী এই ভাইৰাছত দ্বিতীয় সর্বাধিক আক্রান্ত হৈছে ৷ বিগত ২৪ ঘণ্টাত ৩৬৮জন লোকৰ মৃত্যু হোৱাত ইটালীত মৃতকৰ সংখ্যা ১,৮০৯জনলৈ বৃদ্ধি পাইছে ৷ উল্লেখ্য যে প্রাদুর্ভাৱ ঘটা চীনৰ য়ুহান প্রদেশতে একেদিনাই ইটালীৰ দৰে বৃহৎসংখ্যক লোকে ভাইৰাছত আক্রান্ত হৈ প্রাণ হেৰুওৱা নাছিল ৷ বিশ্বৰ দ্বিতীয় সর্বাধিক আক্রান্ত দেশ হিচাপে ইটালীত এতিয়ালৈকে ২৪,৭৪৭জন লোক ক’ৰোনা ভাইৰাছত আক্রান্ত হৈছে ৷
তেনেদৰে ইউৰোপীয় সংঘৰ আন এখন দেশ স্পেইনতো এদিনতে ১০০তকৈ অধিক লোকে প্রাণ হেৰুওৱাত দেশখনত মৃতকৰ সংখ্যা ২৮৮লৈ বৃদ্ধি পাইছে৷ স্পেইনত ২,০০০ নতুনকৈ আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাত মুঠ আক্রান্ত লোকৰ সংখ্যা হৈছে ৭,৭৫৩জন৷ মৃতকৰ সংখ্যাৰে তৃতীয় স্থানত আছে ইৰান ৷ এই দেশখনত ৮৫৩জন লোকে প্রাণ হেৰুওৱাৰ লগতে নতুনকৈ ১,০৫৩জন ভাইৰাছটোত আক্রান্ত হোৱাত মুঠ আক্রান্তৰ সংখ্যা ১৪,৯৯১জন৷ দক্ষিণ কোৰিয়াত আক্রান্তৰ সংখ্যা ৮,২৩৬ আৰু মৃতকৰ সংখ্যা ৭৫জন ৷ জার্মানীত আক্রান্তৰ সংখ্যা ৬,২৪৮ আৰু মৃতকৰ সংখ্যা ১৩, ফ্রান্সত আক্রান্তৰ সংখ্যা ৫,৪২৩ আৰু মৃতকৰ সংখ্যা ১২৭, আমেৰিকা যুক্তৰাষ্ট্রত আক্রান্তৰ সংখ্যা ৩,৮০২ আৰু মৃতকৰ সংখ্যা ৬৯৷ ছুইজাৰলেণ্ডত আক্রান্তৰ সংখ্যা ২,২১৮ আৰু মৃতকৰ সংখ্যা ৩৫, নৰৱেত আক্রান্তৰ সংখ্যা ১,২৮৫ আৰু মৃতকৰ সংখ্যা ৩, নেদাৰলেণ্ডত ১,১৩৫ আৰু মৃতকৰ সংখ্যা ২০৷ জাপানত আক্রান্তৰ সংখ্যা ৮৪৫ আৰু মৃতকৰ সংখ্যা ২৭৷ সর্বাধিক আক্রান্ত এই উল্লিখিত দেশকেইখনৰ বাহিৰেও ১০০তকৈও অধিক দেশ ক’ৰোনা ভাইৰাছত আক্রান্ত হৈছে যদিও প্রাণহানিৰ সংখ্যা সামান্য৷ আক্রান্ত দেশসমূহে বিমানসেৱা বাতিল কৰাৰ লগতে শৈক্ষিক প্রতিষ্ঠান, মল আদি বন্ধ ঘোষণা কৰিছে৷ ছৌদি আৰবত ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ শংকাত এমিৰেটাছ ক্রিকেট ব’র্ডে অহা ৩১ মার্চলৈ সকলো বয়সৰ ক্রিকেট প্রতিযোগিতা বাতিল কৰিছে ৷