প্রধানমন্ত্রী মোদীক মৰিছাছৰ সর্বোচ্চ অসামৰিক সন্মান প্ৰদান
নিউজ ডেস্ক, ১৩ মাৰ্চঃ দুদিনীয়া ভ্রমণসূচীৰে মৰিছাছত উপস্থিত হয় প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ ভাৰতৰ প্রধানমন্ত্রী মোদীক দেশখনৰ সর্বোচ্চ অসামৰিক সন্মান আগবঢ়ায় ৰাষ্ট্রপতি ধৰম গোখুলে৷ ইয়াৰ পূর্বে দেশখনৰ প্রাক্তন প্রধানমন্ত্রী প্রবীন্দ কুমাৰ যুগনাথৰ সৈতে আলোচনাত মিলিত হয় মোদী৷ ভাৰত–মৰিছাছৰ সহযোগিতা সম্পর্কত বিভিন্ন বিষয় আলোচনা কৰে দুয়োগৰাকী নেতাই৷ অর্থনীতিৰ পৰা সামাজিক, শৈক্ষিক তথা আন্তঃগাঁথনি আদি ক্ষেত্রলৈকে দেশখনৰ নেতাসকলৰ সৈতে আলোচনা কৰে মোদীয়ে৷ ছ’চিয়েল মিডিয়াৰ এটা পোষ্টত মোদীয়ে উল্লেখ কৰিছে যে প্রাক্তন প্রধানমন্ত্রী যুগনাথৰ সৈতে বিভিন্ন বিষয় লৈ সুন্দৰ আলোচনা হৈছিল৷ ইয়াৰ পিছত মৰিছাছৰ বিৰোধী দলৰ নেতাৰ সৈতেও আলোচনাত মিলিত হয় মোদী৷ ইয়াৰ পূর্বে দেশখনৰ ৰাষ্ট্রীয় দিৱসত অতিথি হিচাপে অংশগ্রহণ কৰি মৰিছাছবাসীক শুভেচ্ছা তথা অভিনন্দন জ্ঞাপন কৰে প্রধানমন্ত্রীগৰাকীয়্৷ মৰিছাছৰ প্রধানমন্ত্রী নবীন চন্দ্র ৰামগুলামে প্রধানমন্ত্রী মোদীক আদৰণি জনোৱা বিভিন্ন ভিডি’ তথা আলোকচিত্র ইতিমধ্যে সংবাদ মাধ্যমত বিয়পি পৰিছে৷ লক্ষণীয়ভাৱে মৰিছাছৰ প্রধানমন্ত্রীৰ সৈতে হোৱা আলোচনাত মৰিছাছ ভাৰতৰ আস্থাৰ বন্ধু বুলিও উল্লেখ কৰে মোদীয়ে৷ দুয়োখন দেশে গ্ল’বেল ছাউথৰ উন্নয়নৰ বাবে একেলগে কাম কৰি যাব বুলি মোদীয়ে ঘোষণা কৰিছে৷