ট্রাম্পৰ যুদ্ধবিৰতিৰ উদ্যোগ
ড’নাল্ড ট্রাম্প আমেৰিকাৰ ক্ষমতালৈ অহাৰ পিছৰে পৰা বিশ্ব ৰাজনীতিৰ বিভিন্ন ঘটনাই নতুন মোৰ ল’বলৈ ধৰিছে৷ কিছুমান ইতিবাচক, কিছুমান নেতিবাচক৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হৈছে- তিনি বছৰতকৈ অধিক কাল ধৰি ৰাছিয়া আৰু ইউক্রেইনৰ মাজত চলি থকা যুদ্ধৰ অৱসান ঘটাবলৈ চেষ্টা চলাইছে ট্রাম্পে৷ যদিও হোৱাইট হাউছত ইউক্রেইনৰ ৰাষ্ট্রপতি জেলেনস্কিৰ সৈতে ট্রাম্পৰ দুর্বাদল কাজিয়াৰ সৃষ্টি হৈছিল, তথাপি পৰিস্থিতি শেহতীয়াকৈ স্বাভাৱিক হৈছে৷ প্রথমতেই ইউক্রেইনক বাদ দি ৰুছ প্রতিনিধিৰ সৈতে যুদ্ধৰ অৱসান ঘটাবলৈ আলোচনা চলাইছিল আমেৰিকাই৷ এইবাৰ ছৌদি আৰবৰ ইউক্রেইনৰে আলোচনাত মিলিত হ’ল আমেৰিকাৰ বিদেশ সচিব মার্কো ৰুবিঅ’৷ এই আলোচনাত আমেৰিকাই আগবঢ়োৱা এমহীয়া যুদ্ধবিৰতিৰ প্রস্তাৱৰ প্রতি সন্মতি জনাইছে জেলেনস্কিয়ে৷ এই প্রস্তাৱ লৈ এইবাৰ ৰাছিয়া অভিমুখে যাত্রা কৰিছে আমেৰিকাৰ প্রতিনিধি৷ ৰাছিয়াই যদি আমেৰিকাৰ উদ্যোগত এমহীয়া যুদ্ধবিৰতিৰ যি প্রস্তাৱ গ্রহণ কৰা হৈছে তাক মানি লয়, তেন্তে শীঘ্রে স্বাভাৱিক অৱস্থা ঘূৰি আহিব পাৰে৷ অৱশ্যে আমেৰিকাৰ সকলো প্রস্তাৱ ৰাছিয়াই তাৎক্ষণিকভাৱে মানি ল’ব নে নাই, এতিয়াই ক’ব নোৱাৰি৷ কিন্তু ড’নাল্ড ট্রাম্পে হুংকাৰ দিছে যে যদি পুটিন প্রশাসনে যুদ্ধবিৰতিৰ এই প্রস্তাৱ মানি নলয়, তেন্তে দেশখনৰ বিৰুদ্ধে আৰম্ভ কৰা হ’ব অর্থনৈতিক অৱৰোধ৷ ইতিমধ্যে ৰাছিয়া অভিমুখে ট্রাম্পৰ বিশেষ দূত ষ্টিভ উইটকফে যাত্রা কৰিছে৷ ট্রাম্পৰ এই বিশেষ দূতগৰাকীয়ে মস্কোত ৰাছিয়াৰ শীর্ষ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হ’ব৷ আনকি ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনৰ সৈতে ষ্টিভে আলোচনা চলোৱাৰ সম্ভাৱনা আছে৷ যদি আলোচনাই গতি লাভ কৰে, তেন্তে ড’নাল্ড ট্রাম্পৰ বাবে এয়া বিশেষ সফলতা হিচাপে চিহ্ণিত হ’ব৷ কাৰণ মাত্র কিছুদিন পূর্বে ইউৰোপীয় দেশসমূহে ইউক্রেইনৰ বাবে অধিক পুঁজি আবণ্টন দিয়াৰ কথা ঘোষণা কৰিছে৷ যুদ্ধত ইউক্রেইনক অধিক শক্তিশালী অস্ত্র প্রদান কৰিব বুলিও ঘোষণা কৰিছে ইউৰোপৰ কেইবাখনো দেশে৷ আমেৰিকাই ইউক্রেইনক পুনৰ সামৰিক সাহায্য প্রদান নকৰে বুলি ঘোষণা কৰিছিল যদিও জেলেনস্কিয়ে যুদ্ধবিৰতিৰ প্রস্তাৱ মানি লোৱাৰ লগে লগে ড’নাল্ড ট্রাম্পে সেই সিদ্ধান্ত পৰিহাৰ কৰিছে৷ অর্থাৎ ভৱিষ্যতলৈও ইউক্রেইনে আমেৰিকাৰ পৰা সামৰিক সাহায্য লাভ কৰিব৷
ট্রাম্পৰ স্থিতিক লৈ ইউৰোপীয় দেশসমূহ দোদুল্যমান অৱস্থাত আছে৷ কাৰণ ড’নাল্ড ট্রাম্পে ৰাছিয়া আৰু ইউক্রেইনৰ মাজৰ যুদ্ধৰ অৱসান ঘটাবলৈ বিভিন্ন চর্ত আৰোপ কৰিছে৷ মূল কথাটো হৈছে ট্রাম্পে বিশ্বৰ খনিজ সম্পদৰ অন্যতম ভঁৰাল হিচাপে চিহ্ণিত ইউক্রেইনৰ ৫০ শতাংশ খনিজ সম্পদ বিচাৰিছে৷ এই সম্পদৰ বিনিময়ত যুদ্ধৰ অৱসান ঘটোৱাৰ প্রতিশ্রুতি দিছে ট্রাম্পে৷ ইফালে ৰাছিয়াৰ বিৰুদ্ধে ইউৰোপ তথা আমেৰিকাই বিগত তিনি বছৰত আৰোপ কৰা সকলো অর্থনৈতিক নিষেধাজ্ঞা যুদ্ধ বিৰতিৰ বিনিময়ত প্রত্যাহাৰ কৰাৰ ইংগিত দিছে৷ এই বিষয়টোত সন্মতি নাই ইউৰোপীয় ইউনিয়নৰ৷ ইয়াৰ উপৰি নাটো সদস্য দেশসমূহৰ সৈতে প্রত্যক্ষ সংঘাত আৰম্ভ হৈছে ড’নাল্ড ট্রাম্পৰ৷ ভৱিষ্যতে হয়তো নাটো বাহিনীত আমেৰিকাৰ প্রাধান্য হ্রাস পাব পাৰে৷ নাইবা ট্রাম্পে নাটোৰ পৰা আমেৰিকাৰ সমর্থন প্রত্যাহাৰো কৰিব পাৰে৷ এনে পৰিস্থিতিত বিশ্ব ৰাজনীতিত ট্রাম্পে বিভিন্ন নতুন সংকট কঢ়িয়াই অনাৰ ইংগিত দিছে৷ লক্ষণীয়ভাৱে যুদ্ধৰ অৱসান ঘটাবলৈ অতি সুচতুৰ ৰাষ্ট্রনেতা হিচাপে ভ্লাডিমীৰ পুটিনে আমেৰিকাৰ সৈতে মতবিৰোধ হ্রাস কৰিছে৷ ড’নাল্ড ট্রাম্পক প্রশংসা কৰি পুটিনে ট্রাম্প আমেৰিকাৰ ৰাষ্ট্রপতিৰ দায়িত্বত পূর্বে থকা হ’লে ৰাছিয়া–ইউক্রেইনৰ মাজত যুদ্ধই নহ’লহেঁতেন বুলি উল্লেখ কৰিছে৷ ইফালে তিনি বছৰীয়া যুদ্ধৰ জৰিয়তে ইউক্রেইনৰ ২২ শতাংশ অঞ্চল দখল কৰিছে ৰুছ বাহিনীয়ে৷ এতিয়া এই অঞ্চলবোৰ ৰাছিয়াই এৰি দিব নে নাই, সেয়া এক বৃহৎ প্রশ্ণ হিচাপে চিহ্ণিত হৈছে৷