নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাহৰলগুন-চাৰ্লাপল্লী, হোলী বিশেষ ৰেল উত্তৰ-পূব সীমান্ত ৰেলৱেৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৫ মাৰ্চঃ উৎসৱৰ বতৰত যাত্ৰীৰ চাহিদা বৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ অৰ্থে উত্তৰ-পূব সীমান্ত ৰেলৱেই নাহৰলগুন আৰু চাৰ্লাপল্লীৰ মাজত অতিৰিক্ত হোলী বিশেষ ৰেল চলাবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। এই ৰে’লসমূহ তিনিটাকৈ ট্ৰিপৰ বাবে চলাচল কৰিব, যিয়ে অঞ্চলটোত বৰ্ধিত ৰেল সংযোগ আৰু যাতায়ত ব্যৱস্থা উন্নত কৰাৰ লগতে ৰেল যাত্ৰীসকলৰ বাবে ৰেল যাত্ৰা আৰু অধিক সুবিধাজনক কৰি তুলিব। এই ৰেলখন ১৫ মাৰ্চৰ পৰা ১ এপ্ৰিল, ২০২৫ৰ ভিতৰত চলাচল কৰিব।

বিশেষ ৰেল নং. ০৭০৪৬ (চাৰ্লাপল্লী– নাহৰলগুন) ৰেলখন প্ৰতি শনিবাৰে ১৫, ২২ আৰু ২৯ মাৰ্চ, ২০২৫ তাৰিখে ০৮:৪০ বজাত চাৰ্লাপল্লীৰ পৰা যাত্ৰা কৰি সোমবাৰে ১৬:০০ বজাত নাহৰলগুনত গৈ উপস্থিত হ’ব। একেদৰে বিশেষ ৰে’ল নং. ০৭০৪৭ (নাহৰলগুন – চাৰ্লাপল্লী) ৰেলখন ১৮, ২৫ মাৰ্চ আৰু ১ এপ্ৰিল, ২০২৫ তাৰিখ, প্ৰতি মঙলবাৰে ১৩:০০ বজাত নাহৰলগুনৰ পৰা যাত্ৰা কৰি বৃহস্পতিবাৰে ২১:৩০ বজাত চাৰ্লাপল্লীত গৈ উপস্থিত হ’ব। এই ৰেলসমূহ হাৰমতী জংচন, ৰঙিয়া জংচন, নিউ বঙাইগাঁও, নিউ কোচবিহাৰ, নিউ জলপাইগুড়ী, মালদা টাউন, খড়গপুৰ জংচন, কটক, বিজিয়ানগৰম জংচন, বিজয়াৱাড়া জংচন, নলগোণ্ডা আদি ৰেল ষ্টেচন হৈ চলাচল কৰিব।

যাত্ৰীৰ আৰাম আৰু সুবিধা নিশ্চিত কৰাৰ বাবে এচি ২-টায়াৰ, এচি ৩-টায়াৰ আৰু শ্লীপাৰ শ্ৰেণী সহ এই হোলী বিশেষ ৰে’লখনত ১৮টা ডবা থাকিব। এই বিশেষ ৰে’লসমূহৰ ষ্টপেজ আৰু সময়ৰ বিস্তৃত বিৱৰণ আইআৰচিটিচি ৱেবছাইটত উপলব্ধ থকাৰ লগতে বিভিন্ন বাতৰি কাকত আৰু উত্তৰ পূব সীমান্ত ৰেলৱেৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মতো প্ৰকাশ কৰা হৈছে। যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে উক্ত বিস্তৃত তথ্য অৱলোকন কৰিবলৈ অনুৰোধ জনোৱা হৈছে।

You might also like