🔹 দেৰগাঁৱত লাচিত বৰফুকন পুলিচ একাডেমী উদ্বোধন অমিত শ্বাহৰ
🔹 ছাত্র অৱস্থাত অসমলৈ অহা সময়ত আৰক্ষীৰ লাঠীৰ কোব–জে’লৰ ৰুটীৰ কথা স্মৰণ গৃহমন্ত্ৰীৰ
বিশেষ বাৰ্তা, ১৬ মার্চ : ‘শেহতীয়াকৈ অসমত অনুষ্ঠিত এডভাণ্টেজ আছাম ২.০ শীর্ষক বিনিয়োগ–আন্তঃগাঁথনি সন্মিলনত ৫.১৮ লাখ কোটি টকাৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ হৈছে৷ এই বুজাবুজিৰ চুক্তিসমূহৰ অধিকাংশই তৃণমূল পর্যায়ত কার্যকৰী কৰা হ’ব৷ তদুপৰি মোদী চৰকাৰে অসমৰ উন্নয়নৰ কাৰণে ৩ লাখ কোটি টকাৰ আন্তঃগাঁথনি প্রকল্প আনি আছে৷ অর্থাৎ ৰাজ্যখনত ৰূপায়ণ হ’ব ৮ লাখ কোটি টকাৰ প্রকল্প৷ যিয়ে অসমৰ যুৱক–যুৱতীসকলৰ বাবে কর্মসংস্থাপনৰ বিশাল সুযোগ সৃষ্টি কৰিব৷’– এই মন্তব্য কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ৷ কালি কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে দেৰগাঁৱত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ উপস্থিতিত লাচিত বৰফুকন পুলিচ একাডেমীৰ শুভ উদ্বোধন কৰাৰ লগতে ইয়াৰ আৱাস প্রকল্পৰো শিলান্যাস কৰে৷ এই উপলক্ষে আয়োজিত ৰাজহুৱা সভাত ভাষণ দি তেওঁ কয় যে আগন্তুক ৫ বছৰত সমগ্র দেশৰ সকলো পুলিচ একাডেমীৰ ভিতৰত লাচিত বৰফুকন পুলিচ একাডেমীয়ে প্রথম স্থান লাভ কৰিব৷ বীৰযোদ্ধা আৰু কিংবদন্তি লাচিত বৰফুকনে মোগলৰ বিৰুদ্ধে অসমক জয়ৰ দিশে আগুৱাই নিছিল৷ এসময়ত লাচিত বৰফুকনৰ বীৰত্বৰ গাথা অসমত সীমাবদ্ধ আছিল যদিও মোদী চৰকাৰৰ প্রচেষ্টাৰ বাবে আজি তেওঁৰ জীৱনী ২৩টা ভাষালৈ অনুবাদ হৈ সমগ্র দেশৰ পুথিভঁৰালসমূহত ছাত্র–ছাত্রীসকলৰ বাবে উপলব্ধ হৈছে৷ সমগ্র ৰাষ্ট্রই অসমৰ এইগৰাকী মহান পুত্রৰ বিষয়ে জ্ঞাত হোৱা আৰু প্রেৰণা লাভ কৰাটো নিশ্চিতকৰণৰ অর্থে গ্রহণ কৰা প্রচেষ্টাৰ বাবে ৰাজ্য চৰকাৰ তথা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক ভূয়সী প্রশংসা কৰে৷ তেওঁ লগতে কয় যে আজি লাচিত বৰফুকন আৰক্ষী একাডেমীৰ ৰূপত সিঁচা বীজ এদিন এজোপা বটবৃক্ষত পৰিণত হ’ব আৰু সমগ্র দেশতে পুলিচিঙৰ কামত সেৱা আগবঢ়াব৷ কেৱল অসমৰ বাবেই নহয়, বৰঞ্চ সমগ্র উত্তৰ–পূর্বাঞ্চলৰ বাবেও এয়া হ’ব এপেক্স পুলিচ একাডেমী, তীর্থস্থানসমূহৰ মাজত কাশীৰ দৰেই ই উজলি উঠিব৷ এই প্রতিষ্ঠান অঞ্চলটোৰ শান্তিৰ বাবে এক নতুন আৰম্ভণি হৈ পৰিব৷ ১৬৭ কোটি টকা ব্যয়সাপেক্ষে লাচিত বৰফুকন একাডেমীৰ প্রথম পর্যায়ৰ কাম সম্পূর্ণ হৈ উঠিছে আৰু তিনিওটা পর্যায়ত মুঠ ১,০৫০ কোটি টকা ব্যয় কৰা হ’ব৷ এই একাডেমী একাধিক অত্যাধুনিক সা–সুবিধাৰে সজ্জিত আৰু সমগ্র দেশৰ ভিতৰত শ্রেষ্ঠ আৰক্ষী একাডেমী হিচাপে পৰিগণিত হ’ব৷ পূর্বে অসম আৰক্ষীৰ বিষয়া–জোৱানে প্রশিক্ষণৰ বাবে আন ৰাজ্যলৈ যাবলগীয়া হৈছিল৷ কিন্তু যোৱা ৮ বছৰত ৰাজ্য প্রশাসনৰ অধীনত এনে এক ৰূপান্তৰ ঘটিছে যে এতিয়া গোৱা আৰু মণিপুৰৰ ২,০০০ আৰক্ষী জোৱানে এই আৰক্ষী একাডেমীত প্রশিক্ষণ গ্রহণ কৰিছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত অসম এতিয়া উন্নয়নৰ পথত আগবাঢ়িছে৷ বিগত ১০ বছৰত প্রধানমন্ত্রী মোদীৰ নেতৃত্বত কেইবাখনো শান্তি চুক্তি স্বাক্ষৰিত হৈছে৷ ২০২০ত বড়ো চুক্তি, ২০২১ত কার্বি চুক্তি, ২০২২ত জনজাতীয় শান্তি চুক্তি আৰু ২০২৩ত আলফা, অসম–মেঘালয় আৰু অসম–অৰুণাচল চুক্তি স্বাক্ষৰিত হৈছিল৷ মোদী চৰকাৰে কৰা এই শান্তি চুক্তিসমূহৰ ফলশ্রুতিত ১০,০০০ৰো অধিক যুৱকে অস্ত্র–শস্ত্র সম্বৰণেৰে মূলসুঁতিলৈ আহিছে৷ এসময়ত আন্দোলন, বিদ্রোহ, বন্দুকৰ যুঁজৰ বাবে পৰিচিত অসমত এতিয়া ২৭,০০০ কোটি টকা মূল্যৰ অর্ধপৰিবাহী উদ্যোগ স্থাপনৰ প্রচেষ্টা অব্যাহত আছে বুলিও তেওঁ মন্তব্য কৰে৷ কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে কয় যে পূর্বৰ চৰকাৰৰ ১০ বছৰীয়া আমোলত অসমে ১.২৭ লাখ কোটি টকাৰ ‘ডিভলুচন গ্রাণ্ট’ আৰু অনুদান লাভ কৰিছিল, যি পৰিমাণ প্রধানমন্ত্রী মোদীৰ আমোলত ১০ বছৰত চাৰিগুণ বৃদ্ধিৰে ৪.৯৫ লাখ কোটি টকা হৈছে৷ পূর্বৰ চৰকাৰসমূহে বহু বছৰ ধৰি অসমক অস্থিৰতাৰ মাজলৈ ঠেলি দিছিল, অনুদান আগবঢ়োৱা নাছিল, উপযুক্ত শিক্ষা ব্যৱস্থা স্থাপনত ব্যর্থ হৈছিল, আন্তঃগাঁথনি নির্মাণ কৰা নাছিল আৰু শান্তি বিৰাজ কৰিবলৈ দিয়া নাছিল৷ কিন্তু প্রধানমন্ত্রী মোদীৰ ১০ বছৰীয়া কার্যকালত আন্তঃগাঁথনিৰ বিকাশ সাধন হৈছে, শান্তিয়ে বিৰাজ কৰিছে আৰু ভিন্ন উদ্যোগ স্থাপন হৈছে৷ তেওঁ মোদী চৰকাৰে ৰাজ্যখনত ৰূপায়ণ কৰা কেইবাটাও প্রকল্পৰ কথা উল্লেখ কৰে৷ ইয়াৰ মাজত আছে ২০০ কিলোমিটাৰৰো অধিক দৈর্ঘ্য আৰু ১০,০০০ কোটি টকা মূল্যৰ ভাৰতমালা প্রকল্প, ৩,০০০ কোটি টকা মূল্যৰ ধুবুৰী–ফুলবাৰী দলং, ৩,৪০০ কোটি টকা ব্যয়সাপেক্ষে ৩,৭০০ কিলোমিটাৰ দৈর্ঘ্যৰ গ্রামীণ পথ আৰু ফ’ৰ–লেনিঙৰ শিলচৰ–চৰাইবাৰী কৰিড’ৰ৷ ইয়াৰ উপৰি তেওঁ মাজুলীত ১,০০০ কোটি টকাৰ নতুন মথাউৰি আৰু পথ নির্মাণৰ কাম অব্যাহত থকাৰ কথা উল্লেখ কৰে৷ তেওঁ আৰু কয় যে ব্রহ্মপুত্রৰ ওপৰত এখন ছয়লেনযুক্ত দলং নির্মাণৰ কাম অব্যাহত আছে আৰু ৩৮২ কোটি টকা ব্যয়সাপেক্ষে ৰাষ্ট্রীয় ঘাইপথ ৭১৫–কেয়ে মাজুলী আৰু যোৰহাটক সংযোগ কৰিব৷ লগতে তেওঁ প্রধানমন্ত্রী মোদীৰ নেতৃত্বত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্রীয় বিমানবন্দৰৰ ১,১০০ কোটি টকা ব্যয়সাপেক্ষে সম্প্রসাৰণ, ৯,০০০ কোটি টকা মূল্যৰ ৰে’ল প্রকল্পৰাজিৰ উদ্বোধন, ১,০০০ কোটি টকাৰ এইমছ প্রকল্প, তামুলপুৰ, কোকৰাঝাৰ, নলবাৰী আৰু ধুবুৰীত চিকিৎসা মহাবিদ্যালয় স্থাপনৰ লগতে আন একাধিক আন্তঃগাঁথনি প্রকল্প স্থাপনৰ কথাও উল্লেখ কৰে৷ কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে কয় যে মোদী চৰকাৰ আৰু অসম চৰকাৰে ইয়াৰ দৰিদ্র লোকসকলৰ বাবে একাধিক কল্যাণমূলক কার্যসূচী ৰূপায়ণ কৰিছে৷ প্রথমবাৰৰ বাবে ৫৮ লাখ গৃহস্থীলৈ টেপৰ পানীৰ সংযোগ আগবঢ়োৱা হৈছে, ১.৮ কোটি লোকলৈ ৫ লাখ টকা পর্যন্ত বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়োৱা হৈছে৷ ৪৩ লাখ ঘৰত শৌচাগাৰ স্থাপন কৰা হৈছে৷ ২.৩২ কোটি দৰিদ্র লোকক প্রতিমাহে ৫ কিলোগ্রামকৈ বিনামূলীয়া চাউল যোগান ধৰা হৈছে, লগতে মোদী চৰকাৰ আৰু অসম চৰকাৰে ৫১ লাখ গেছৰ চিলিণ্ডাৰ আৰু ২১ লাখ ঘৰো প্রদান কৰিছে৷ মোদী চৰকাৰে অসমত কেৱল শান্তি আনিবলৈ প্রচেষ্টা গ্রহণেই নহয়, বৰঞ্চ সফলতাৰে ইয়াক প্রতিষ্ঠাও কৰিছে৷ অসমত আন্তঃগাঁথনি নির্মাণ কৰিছে আৰু এতিয়া মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত ৰাজ্যখনলৈ ৫ লাখ কোটি টকাৰ বিনিয়োগৰ আগমন ঘটিছে৷ যিয়ে অসমৰ যুৱক–যুৱতীসকলৰ এটি সোণালী ভৱিষ্যতৰ ভেটি স্থাপন কৰিব৷ অসমত অপৰাধী দোষী সাব্যস্তকৰণৰ হাৰ ৫ শতাংশৰ পৰা ২৫ শতাংশলৈ বৃদ্ধি পাইছে৷ পূর্বে জনতাই এফআইআৰ দাখিল কৰিব নুখুজিছিল, কিয়নো আৰক্ষীক কেৱল সন্ত্রাসবাদীৰ বিৰুদ্ধে যুঁজ প্রদানত ব্যস্ত থকা দেখিছিল৷ কিন্তু আজি আৰক্ষীয়ে নাগৰিকৰ অধিকাৰ সুৰক্ষিতকৰণ আৰু প্রধানমন্ত্রী মোদীয়ে প্রৱর্তন কৰা তিনি নতুন ফৌজদাৰী আইনৰ ফলপ্রসূ ৰূপায়ণত মনোনিৱেশ কৰা বুলি তেওঁ মন্তব্য কৰে৷ উল্লেখ্য যে এই অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, জাহাজ, বন্দৰ আৰু জলপথ দপ্তৰৰ কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, বৈদেশিক পৰিক্রমা দপ্তৰৰ কেন্দ্রীয় ৰাজ্যিক মন্ত্রী পৱিত্র মার্ঘেৰিটা, কৃষিমন্ত্রী অতুল বৰা, ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্রী কেশৱ মহন্ত, বিত্তমন্ত্রী অজন্তা নেওগ, জলসম্পদ মন্ত্রী পীয়ূষ হাজৰিকা, শ্রমিক কল্যাণ বিভাগৰ মন্ত্রী ৰূপেশ গোৱালা, সাংসদ কামাখ্যা প্রসাদ তাছা, বিধায়ক মৃণাল শইকীয়া, ভবেন্দ্র নাথ ভৰালী, বিশ্বজিৎ ফুকনৰ উপৰি কেন্দ্রীয় গৃহ সচিব গোবিন্দ মোহন, ইণ্টেলিজেঞ্চ ব্যুৰ’ৰ সঞ্চালক তপন কুমাৰ ডেকা, অতিৰিক্ত মুখ্য সচিব এ কে তিৱাৰী, আৰক্ষী সঞ্চালকপ্রধান হৰমিট সিং, অসম প্রদেশ বিজেপিৰ প্রভাৰী হৰিশ দ্বিবেদী প্রমুখ্যে গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে৷
ছাত্রাৱস্থাত অসমলৈ অহা সময়ত আৰক্ষীৰ লাঠীৰ কোব, জে’লত ৰুটী খোৱাৰ কথা স্মৰণ গৃহমন্ত্রী অমিত শ্বাহৰ
দেৰগাঁও পুলিচ একাডেমীৰ শুভ উদ্বোধনী অনুষ্ঠানত অংশগ্রহণ কৰি ভাষণ প্রসংগত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ছাত্র অৱস্থাত অসমলৈ অহা সময়ত সন্মুখীন হোৱা তিক্ততাপূর্ণ অভিজ্ঞতা স্মৰণ কৰাৰ লগতে ৰাজ্যখনৰ সৈতে থকা দীঘলীয়া সম্পর্কৰ কথা উল্লেখ কৰে৷ গৃহমন্ত্রী শ্বাহে কয়- মই ছাত্র অৱস্থাত থকা সময়তে অসমলৈ আহিছিলোঁ, মই যেতিয়া আহিছিলোঁ সেই সময়ত অসমত কংগ্রেছৰ শাসন চলিছিল আৰু মুখ্যমন্ত্রী আছিল প্রয়াত হিতেশ্বৰ শইকীয়া৷ শইকীয়া চৰকাৰৰ কার্যকালত মই অসমত প্রতিবাদ কৰিছিলোঁ আৰু প্রতিবাদ সাব্যস্ত কৰোঁতে আৰক্ষীৰ লাঠীৰ কোব পর্যন্ত খাইছিলোঁ৷ অকল সেয়াই নহয়, সাত দিন কাৰাৰুদ্ধ হৈ জে’লত ৰুটী খাবলৈ বাধ্য হোৱা বুলিও তেওঁ মন্তব্য কৰে৷