নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্ৰীমন্ত শংকৰ মিছনৰ সমস্যা সমাধানৰ আশ্বাস মুখ্যমন্ত্ৰীৰ

বিশেষ বাৰ্তা, ১৭ মাৰ্চ : নগাঁৱত উত্তৰ পূব ভাৰতৰ অন্যতম মানৱ সেৱাৰ অনুষ্ঠান শ্ৰীমন্ত শংকৰ মিশ্যনৰ সভাপতি আৰু সাধাৰণ সম্পাদকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি মহাৰজত জয়ন্তী বৰ্ষৰ সামৰণী অনুষ্ঠানলৈ নিমন্ত্ৰণ জনায়। শ্ৰীমন্ত শংকৰ মিশ্যনৰ হৈ সভাপতি প্ৰেমেশ্বৰ দাস আৰু সাধাৰণ সম্পাদক (ভাৰপ্ৰাপ্ত) মুনীন্দ্ৰ শইকীয়াই প্ৰথমে মুখ্যমন্ত্ৰীগৰাকীক মিশ্যনৰ তৰফৰ পৰা আদৰণি জনোৱাৰ পাছত শ্ৰীমন্ত শংকৰ মিশ্যনৰ সমস্যা সন্দৰ্ভত অৱগত কৰে। এইক্ষেত্ৰত বিশেষকৈ মিশ্যনৰ দীৰ্ঘদিনীয়া ভূমি সংক্ৰান্তীয় বিষয়টোৱে অগ্ৰাধিকাৰ পায়। তদুপৰি শ্ৰীমন্ত শংকৰ মিশ্যনৰ দ্বাৰা পৰিচালিত চকু চিকিৎসালয়খনৰ অস্ত্ৰোপচাৰ কক্ষৰ অত্যাধুনিক যন্ত্ৰ পাতি অসম চৰকাৰৰ বিচাৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক আৰ্জি জনোৱাৰ লগতে মিশ্যনৰ তৰফৰ পৰা দীৰ্ঘদিনীয়া সমস্যা সম্পৰ্কে সমাধানৰ কল্পে এখন স্মাৰক পত্ৰ প্ৰদান কৰে। স্মাৰক পত্ৰখন গ্ৰহন কৰি মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই মিশ্যনৰ সমস্যাসমূ্হৰ সমাধানৰ আশ্বাস প্ৰদান কৰাৰ লগতে মিশ্যনৰ সমস্যাসমূ্হৰ পৰ্যায়ক্ৰমে আশু-সমাধানৰ ক্ষেত্ৰত নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাক দায়িত্ব প্ৰদান কৰে। আগন্তুক দিনত অসম চৰকাৰৰ নগাঁও চহৰত অনুষ্ঠিত হ’বলগীয়া কেবিনেট বৈঠকৰ অন্তত শ্ৰীমন্ত শংকৰ মিশ্যনৰ সমস্যাসমূ্হ সমাধানৰ এক ইতিবাচক সঁহাৰি লাভ কৰিব বুলি আশা কৰা হৈছে।
প্ৰেৰক কনক হাজৰিকা
You might also like