দিল্লী কেপিটেলছৰ উপ-অধিনায়কৰ দায়িত্বত ফাফ ডু প্লেছিছ
নিউজ ডেস্ক, ১৭ মাৰ্চঃ ফাফ ডু প্লেছিছক আই পি এল ২০২৫ৰ উপ-অধিনায়ক হিচাপে ঘোষণা কৰিছে দিল্লী কেপিটেলছে। মাত্ৰ কেইদিনমানৰ আগতে ফ্ৰেঞ্চাইজিয়ে অক্ষৰ পেটেলক নতুন অধিনায়ক হিচাপে নিযুক্তি দিছিল। দিল্লী কেপিটেলছে ছ’চিয়েল মিডিয়াত এটা প্ৰচাৰমূলক ভিডিঅ’ শ্বেয়াৰ কৰি ডু প্লেছিছক উপ-অধিনায়ক হিচাপে নিযুক্তি দিয়াৰ বিষয়ে অৱগত কৰিছে। উল্লেখ্য যে যোৱা ছিজনত দক্ষিণ আফ্ৰিকাৰ তাৰকাজনে আৰচিবিৰ হৈ অধিনায়কত্ব কৰিছিল।
দিল্লী কেপিটেলছে শ্বেয়াৰ কৰা ভিডিঅ’টোত ফাফ ডু প্লেছিছক কাৰোবাৰ লগত ফোনত কথা পতা দেখা গৈছে। কথা পাতি থাকোঁতে তেওঁ নিজেই ক’লে, “হয়, মই দিল্লী কেপিটেলছৰ উপ-কেপ্টেইন।” যোৱা বছৰ মেগা নিলামৰ পূৰ্বে আৰচিবিয়ে মুকলি কৰি দিছিল ডু প্লেছিছক। নিলামৰ কথা আহিলে দিল্লী কেপিটেলে দক্ষিণ আফ্ৰিকাৰ এই তাৰকাজনক ২ কোটি টকাৰ বিড দি তেওঁলোকৰ দলত অন্তৰ্ভুক্ত কৰে।
আই পি এল ২০২৫ৰ আটাইতকৈ বয়সিয়াল খেলুৱৈৰ ভিতৰত নাম
আই পি এল ২০২৫ৰ অন্যতম বয়সিয়াল খেলুৱৈ ফাফ ডু প্লেছিছ, তেওঁৰ বয়স বৰ্তমান ৪০ বছৰ। বয়স বাঢ়ি যোৱাৰ পিছতো তেওঁ নিজৰ প্ৰদৰ্শনত প্ৰভাৱ পেলাব দিয়া নাই। ২০২৩ চনৰ আই পি এলত তেওঁ ৫৬ ৰানৰ আকৰ্ষণীয় গড়ত ৭৩০ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ২০২৪ চনত তেওঁ মাত্ৰ ৪৩৮ ৰানহে কৰিবলৈ সক্ষম হৈছিল।
ডু প্লেছিছে ৪২খন মেচত আৰ চি বিৰ হৈ অধিনায়কত্ব কৰিছিল, ইয়াৰে তেওঁ মাত্ৰ ২১ বাৰহে দলটোক জয়ৰ দিশত আগুৱাই নিব পাৰিছিল। দলটোৱে ২১ বাৰ পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল। তেওঁ আই পি এল কেৰিয়াৰত এতিয়ালৈকে ১৪৫খন মেচত ৪৫৭১ ৰান সংগ্ৰহ কৰিছে।