৪৮ ঘণ্টাত পাকিস্তানত নিহত শতাধিক জোৱান
নিউজ ডেস্ক, ১৮ মাৰ্চঃ এফালে বেলুচ লিবাৰেচন আর্মী (বিএলএ), আনফালে তেহৰিক–ই–তালিবান পাকিস্তান (টিটিপি)৷ এই দুই সন্ত্রাসবাদী সংগঠনে নিদ্রাহৰণ কৰিছে পাকিস্তানৰ শ্বেহৱাজ শ্বৰীফ প্রশাসনৰ৷ বেলুচিস্তানত ৰে’ল অপহৰণৰ পাছত যোৱা ৪৮ ঘণ্টাত নতুনকৈ ৫৭টা আক্রমণৰ ঘটনা সংঘটিত কৰিছে দুয়োটা সন্ত্রাসবাদী সংগঠনে৷ ৰক্তাক্ত হৈ পৰিছে পাকিস্তানৰ বিভিন্ন অঞ্চল৷ এই আক্রমণত শতাধিক সেনা জোৱানৰ মৃত্যু হোৱা বুলি দাবী কৰিছে বিএলএ আৰু টিটিপিয়ে৷ পাকিস্তান চৰকাৰে দাবী কৰা অনুসৰি বেলুচিস্তানত জাফাৰ এক্সপ্রেছ অপহৰণৰ পাছত যোৱা দুদিনত সন্ত্রাসবাদীৰ আক্রমণত ১৬জনৰ মৃত্যু হৈছে৷ আহত হৈছে অন্য ৪৬গৰাকী লোক৷ কিন্তু বেলুচ বিদ্রোহী আৰু টিটিপিয়ে দাবী কৰা অনুসৰি নিহতৰ সংখ্যা শতাধিক৷ এই দুদিনত দেশৰ বিভিন্ন স্থানত স্নাইপাৰ আক্রমণ, গ্রেনেড আক্রমণ আৰু আইইডিৰ বিস্ফোৰণ ঘটোৱা হৈছে৷ যোৱা দেওবাৰে কুৱেট্টাৰ পৰা তাফানলৈ যোৱাৰ সময়ত সেনাৰ কনভয়ত আক্রমণ কৰে বিএলএয়ে৷ এই আক্রমণত সেনা কঢ়িয়াই নিয়া বাছ এখন সম্পূর্ণৰূপে বিধ্বস্ত হয়৷ পাক সেনাই দাবী কৰা অনুসৰি এই আক্রমণত ৭জন জোৱান শ্বহীদ হোৱাৰ উপৰি ২১জন আহত হয়৷ কিন্তু বেলুচ বিদ্রোহীসকলে দাবী কৰা অনুসৰি এই আক্রমণৰ ঘটনাত ৯০জন পাক সৈনিক নিহত হৈছে৷ লক্ষণীয়ভাৱে বেলুচ বিদ্রোহীয়ে এই ঘটনাৰ ভিডি’ মুকলি কৰি দিছে৷ আক্রমণৰ পাছৰে পৰা অঞ্চলটোত হেলিকপ্ঢাৰ আৰু ড্রোনৰ জৰিয়তে নজৰদাৰী চলাই আছে পাক সেনাই৷ সেনা কনভয়ত আক্রমণৰ পাছত আফগানিস্তান–পাকিস্তা সীমান্তৰ গৰিগল তালাচী চকীতো আক্রমণ চলায় সন্ত্রাসবাদীয়ে৷ এই আক্রমণত ৯জন জোৱান নিহত হয়৷ আক্রমণৰ দায়িত্ব স্বীকাৰ কৰিছে পাক তালিবানে৷ ইয়াৰ উপৰি বিগত ৪৮ ঘণ্টাত পাকিস্তানৰ বিভিন্ন প্রান্তত দুয়োটা সন্ত্রাসবাদী সংগঠনে কূটাঘাত সংঘটিত কৰিছে৷ স্মর্তব্য যে যোৱা ১১ মার্চত বেলুচিস্তানৰ বোলানত জাফাৰ এক্সপ্রেছ অপহৰণ কৰিছিল বেলুচ বিদ্রোহীয়ে৷ দীর্ঘ অভিযানৰ পাছত পাক সেনাৰ তৰফৰ পৰা বিদ্রোহীক হত্যা কৰি অপহূত লোকসকলক উদ্ধাৰ কৰা বুলি এক বিবৃতিত উল্লেখ কৰা হয়৷ কিন্তু বেলুচ বিদ্রোহীৰ তৰফৰ পৰা উল্লেখ কৰা হয় যে পাক সেনাই ৪৮ ঘণ্টা সময়সীমাৰ ভিতৰত দাবী মানি নোলোৱা বাবে ২১৪জন পণবন্দীক হত্যা কৰা হৈছে৷ এই পণবন্দীসকল পাক সেনাৰ সৈতে জড়িত আছিল বুলি বিএলএৰ তৰফৰ পৰা বিবৃতিত উল্লেখ কৰা হৈছে৷