নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ৰ চৈয়দ চাদুল্লালৈ গণশিল্পী মঘাই ওজা বঁটা

বিশেষ বাৰ্তা, ১৯ মার্চঃ গণশিল্পী মঘাই ওজা কলাক্ষেত্রই প্ৰতিবছৰে প্ৰদান কৰি অহা গণশিল্পী “মঘাই ওজা বঁটা” এই বছৰ বিশিষ্ট শিল্পী, সুৰকাৰ, গীতিকাৰ তথা আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত বাদ্যযন্ত্ৰী শিল্পী চৈয়দ চাদুল্লালৈ আগবঢ়োৱা হৈছে। যোৰহাটৰ হাতীগড় নাওশলিয়াত থকা মঘাই ওজা কলাক্ষেত্ৰ সমাজে আয়োজন কৰা গণশিল্পীগৰাকীৰ ৪৫সংখ্যক মৃত্যু দিৱসত এই বঁটা ঘোষণা কৰা হয়। উল্লেখযোগ্য যে চৈয়দ চাদুল্লাই আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ দ্বাৰা ১৯৭৭ চনতে গণশিল্পীগৰাকীৰ দীঘলীয়া সাক্ষাৎকাৰ গ্ৰহণ কৰি আৰু তেওঁৰ ঢোলবাদন বাণীবদ্ধ কৰি তেওঁৰ স্থিতি যুগমীয়া কৰি ৰাখিছিল। পৰৱৰ্তী সময়ত তেওঁ মঘাই ওজাক লৈ গীত ৰচনা কৰি আকাশবাণীত বাণীবদ্ধ কৰাৰ লগতে গণশিল্পীগৰাকীৰ জীৱন সম্পৰ্কীয় আলেখ্যও ৰচনা কৰিছিল। অহা ১৯ এপ্রিলত মঘাই ওজা কলাক্ষেত্ৰত হ’বলগীয়া বিহুসন্মিলনত এই বঁটা প্ৰদান কৰা হ’ব বুলি কলাক্ষেত্র উদ্যোক্তা সমাজৰ পৰা জানিব পৰা গৈছে।
প্ৰেৰক বিভাস দুৱৰা
You might also like