নিয়মীয়া বাৰ্তা, ১৭ মার্চঃ শিহৰণকাৰী নির্ভয়া গণধর্ষণৰ গোচৰত দোষী সাব্যস্ত হৈ মৃত্যুদণ্ডৰ ৰায় লাভ কৰা চাৰি অপৰাধীক পৰিয়ালৰ সদস্যই ইচ্ছামৃত্যুৰ অনুমতি বিচাৰি ৰাষ্ট্রপতি ৰামনাথ কোৱিন্দলৈ দেওবাৰে এখন পত্র প্রেৰণ কৰিছে ৷ ইচ্ছামৃত্যুৰ অনুমতি বিচাৰি ৰাষ্ট্রপতিলৈ পত্র লিখা লোকসকলৰ ভিতৰত দোষী সাব্যস্তসকলৰ বৃদ্ধ পিতৃ–মাতৃ, ভাতৃ–ভগ্নী আৰু সন্তান ৷ পত্রখনত উল্লেখ কৰা হৈছে যে ভৱিষ্যতে যাতে কোনো ধৰণৰ অপৰাধ সংঘটিত হ’ব নোৱাৰে তাৰ বাবে তেওঁলোকে ইচ্ছামৃত্যুৰ অনুমতি দিব লাগে ৷ ইয়াৰ উপৰি এটা মৃত্যুৰ বাবে যাতে আদালতে কেইবাজনো লোকক ফাঁচিৰ নির্দেশ দিবলগীয়া নহয় তাৰ বাবেও এই অনুমতি দিব লাগে বুলি উল্লেখ কৰা হৈছে ৷ দেশত মহাপাপীকো ক্ষমা কৰা হয় বুলি উল্লেখ কৰি প্রতিশোধ কেতিয়াও শক্তিৰ সংজ্ঞা নহয় বুলিও পত্রখনত উল্লেখ কৰা হৈছে ৷ স্মর্তব্য যে ২০১২ চনৰ এই শিহৰণকাৰী ধর্ষণৰ গোচৰত দোষী সাব্যস্ত হৈ মৃত্যুদণ্ডৰ ৰায় লাভ কৰিছে বিনয় শর্মা, অক্ষয় সিং ঠাকুৰ, পৱন গুপ্তা আৰু মুকেশ সিং নামৰ চাৰি অপৰাধীয়ে ৷