নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দীপাংকৰ ৰায়মেধিক অসম সাহিত্য সভাৰ আভ্যন্তৰীণ হিচাপ পৰীক্ষক নিযুক্তি 

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৬ মাৰ্চঃ কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সদ্য বিদায়ী সম্পাদক দীপাংকৰ ৰায়মেধি (অংকুৰ)ক অসম সাহিত্য সভাৰ গুৰুত্বপূৰ্ণ সাংবিধানিক পদ ‘আভ্যন্তৰীণ হিচাপ পৰীক্ষক’ দায়িত্ব অৰ্পণ কৰা হৈছে। এগৰাকী বিশিষ্ট সংগঠক ৰূপে পৰিচিত দীপাংকৰ ৰায়মেধিক অসম সাহিত্য সভাৰ গুৱাহাটীস্থ কাৰ্যালয়ত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই এই দায়িত্ব সম্পৰ্কীয় নিযুক্তি পত্ৰ প্ৰদান কৰে। এই অনুষ্ঠানত অসম সাহিত্য সভাৰ অনুবাদ প্ৰকল্পৰ সঞ্চালক হৃদয়ানন্দ গগৈ আৰু অসম সাহিত্য সভাৰ মঙ্গলদৈ আঞ্চলিক কাৰ্যালয়ৰ সাংগঠনিক সম্পাদক দুলাল নাথো উপস্থিত থাকে। সাহিত্য সংগঠক দীপাংকৰ ৰায়মেধিয়ে কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ ২০২৩-২০২৫ বৰ্ষৰ কাৰ্যকালৰ সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। মহানগৰীৰ হাতীগাঁৱৰ শতদল নৱাৰুণ শাখা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক দীপাংকৰ ৰায়মেধিয়ে অসম সাহিত্য সভাৰ ৰাজ্যভাষা-মাতৃভাষা প্ৰয়োগ উপ-সমিতিৰ সহকাৰী আহ্বায়ক ৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল। কনকলতা ৰায়মেধি আৰু প্ৰয়াত শশীন্দ্ৰ ৰায়মেধিৰ জ্যেষ্ঠ পুত্ৰ দীপাংকৰ ৰায়মেধি বিভিন্ন সামাজিক অনুষ্ঠানৰ সৈতেও ঘনিষ্ঠ ভাৱে জড়িত।  দীপাংকৰ ৰায়মেধিৰ এই কৃতিত্বত কামৰূপ মহানগৰ জিলা সাহিত্য সভা, শতদল নৱাৰুণ শাখা সাহিত্য সভা আদি বিভিন্ন অনুষ্ঠানে অভিনন্দন জনাইছে।

You might also like