নিয়মীয়া বাৰ্তা ডিজিটেল, ২৮ মাৰ্চঃ কংগ্রেছ সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কলবার্নৰ পাকিস্তানৰ সৈতে সম্পর্কৰ তদন্তই ক্ষিপ্রতা লাভ কৰিছে৷ আজি এই কথা প্রকাশ কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ এছআইটিয়ে চলাই থকা এই তদন্ত সম্পর্কত মুখ্যমন্ত্রীৰ মন্তব্য– সন্দেহ কৰাতকৈ ভয়ংকৰ তথ্য লাভ কৰিছে এছআইটিয়ে৷ এই তদন্তকালতে ব্যক্তিবিশেষে ভাৰতত চাকৰি কৰিও পাকিস্তানৰ পৰা দৰমহা লোৱাৰ দৰে ঘনিষ্ঠ সম্পর্কৰ তথ্য লাভ কৰাৰ লগতে আন বহু পাকিস্তানৰ সৈতে থকা সম্পর্ক এছআইটিয়ে জব্দ কৰিছে৷ যোৱা এটা মাহ ধৰি এছআইটিয়ে দিল্লী, পঞ্জাব, আহমেদাবাদকে ধৰি বিভিন্ন চহৰত অভিযান চলাই বহু লোকক জেৰা কৰি বিষয়টোৰ গভীৰতালৈ যাবলৈ সক্ষম হৈছে৷ মুখ্যমন্ত্রীয়ে আজি ইয়াকো উল্লেখ কৰে যে ছেপ্টেম্বৰ মাহৰ ভিতৰত এই তদন্তৰ সামৰণি মাৰিবলৈ এছআইটিক নির্দেশ দিয়া হৈছে৷ ছেপ্টেম্বৰ মাহৰ পিছত ঘটনা সন্দর্ভত অনুমান কৰিব পৰা যাব যে এই গোটেই বিষয়টো এনআইএলৈ দিব লাগে নে দিব নালাগে, কাৰোবাৰ ভিছা ৰোধ কৰিবৰ বাবে কেন্দ্রীয় চৰকাৰক জনাব লাগে নে নালাগে, ইণ্টাৰপ’লৰ জৰিয়তে আলী তৌকিৰ শ্বেখৰ নামত গ্রেপ্তাৰী পৰোৱানা জাৰি কৰিব লাগে নে নালাগে৷ কিন্তু এতিয়ালৈ যিমানখিনি তথ্য লাভ কৰা হৈছে সেয়া সন্দেহ কৰাতকৈ অধিক ভয়ংকৰ সম্পর্ক থকা তথ্য এছআইটিয়ে লাভ কৰিছে৷ কিন্তু এই সমগ্র তদন্ত ৩০ ছেপ্টেম্বৰৰ ভিতৰত সামৰণি কৰা হ’ব৷