নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাক্সাত সমন্বয় মঞ্চ-সাংবাদিক সন্থাৰ বিনামূলীয়া চকু চিকিৎসা শিবিৰ, দিব্যাংগক পৰীক্ষণ শিবিৰ

নিয়মীয়া বাৰ্তা, ২৮ মাৰ্চ : বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত আনন্দ বজাৰ শংকৰদেৱ শিশু নিকেতনত সমন্বয় মঞ্চ, আনন্দ বজাৰৰ উদ্যোগত শালবাৰী মহকুমা সাংবাদিক সন্থাৰ সহযোগত শংকৰদেৱ নেত্ৰালয়ৰ দ্বাৰা বিনামূলীয়া চকু চিকিৎসা শিবিৰ আৰু মবিলিটি ইণ্ডিয়াৰ দ্বাৰা বিশেষভাৱে সক্ষম লোকৰ বাবে বিনামূলীয়া সহায়ক সজুলিৰ পৰীক্ষণ শিবিৰ বুধবাৰে অনুষ্ঠিত কৰা হয়। পুৱা ৰঙা ফিতা কাটি শিবিৰ মুকলি কৰে বিশিষ্ট সমাজসেৱক কাজল চৌধুৰীয়ে। শিবিৰ মুকলিৰ পিছতে লক্ষ্মীনাথ বেজবৰুৱাৰ মৃত্যু তিথি উপলক্ষে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে সমন্বয় মঞ্চ, আনন্দ বজাৰ সভাপতি কনক নাথ আৰু শালবাৰী মহকুমা সাংবাদিক সন্থাৰ সভাপতি লৱ কুমাৰ দাসে। ইয়াৰ পিছতে শিবিৰত চিকিৎসা প্ৰদান কৰা চিকিৎসকসকলৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তিক সম্বৰ্দ্ধনা জনোৱা হয়। ১৮গৰাকী অভিজ্ঞ চিকিৎসকে চিকিৎসা প্ৰদান কৰা শিবিৰত দুই শতাধিক চকুৰ ৰোগী আৰু অৰ্ধশতাধিক দিব্যাংগক পৰীক্ষণৰ লগতে চিকিৎসা প্ৰদান কৰি ঔষধ প্ৰদান কৰা হয়। ইয়াৰ ভিতৰত ৪৭গৰাকী চকু ৰোগীক বিনামূলীয়া অস্ত্ৰোপচাৰৰ ব্যৱস্থা কৰা হব বুলি জানিবলৈ দি এনেবোৰ শিবিৰৰ জৰিয়তে সাধাৰণ ৰাইজক কিছু সকাহ দিয়াৰ প্ৰয়াস কৰি আহিছে বুলি জানিবলৈ দিয়ে সমন্বয় মঞ্চ,আনন্দ বজাৰৰ সভাপতি কনক নাথে। উল্লেখ্য যে সমম্বয় মঞ্চ,আনন্দ বজাৰে বিভিন্ন সময়ত অঞ্চলটোৰ উত্তোৰণৰ স্বাৰ্থত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ লগতে শিক্ষা স্বাস্থ্য ক্ৰীড়া সংস্কৃতিক ক্ষেত্ৰত কাম কৰি লগতে বিহু উদযাপন কৰি বিহু হোলী উদযাপন কৰি পৰম্পৰাক ধৰি ৰখাৰ প্ৰয়াস কৰি আহিছে।
প্ৰেৰক লৱ কুমাৰ দাস
You might also like