🔹 বিহপুৰীয়া শিক্ষাখণ্ডৰ শিক্ষা বিষয়া আব্দুৰ ৰাজ্জাকৰ প্ৰশংসনীয় পদক্ষেপ
নিয়মীয়া বাৰ্তা, ২৮ মাৰ্চ : এটা সময় আছিল অৱসৰ গ্ৰহণৰ পিছত পেঞ্চনৰ বাবে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে অফিচ-কাছাৰীলৈ তাঁতবাটি কাঢ়িব লগা হয় ৷ অফিচ-কাছাৰীলৈ তাঁতবাটি কাঢ়ি বছৰৰ পিছত বছৰ যোৱাৰ পিছতো পেঞ্চনৰ ধনকেইটাৰ বাবে চকুপানী টুকিব লগা হয় অৱসৰী শিক্ষক-কৰ্মচাৰীয়ে ৷ কিন্তু সময় পৰিৱৰ্তন হ’ল ৷ আজি সেই পৰিৱেশ নাই ৷ আজি অৱসৰ গ্ৰহণৰ পূৰ্বে চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিলে পেঞ্চন সম্বন্ধীয় নথি-পত্ৰ আৰু আৰ্জিত ছুটীৰ ধনৰ চৰকাৰী নিৰ্দেশনা পত্ৰ ৷ এই কাম কৰি দেখুৱাইছে বিহপুৰীয়া প্ৰাথমিক শিক্ষাখণ্ডৰ প্ৰাথমিক শিক্ষা বিষয়া আব্দুৰ ৰাজ্জাকে। শিক্ষাখণ্ডটোৰ অন্তৰ্গত ৮গৰাকী শিক্ষক-কৰ্মচাৰীয়ে চলিত বৰ্ষৰ ৩১ মাৰ্চত অৱসৰ গ্ৰহণ কৰিব ৷ চৰকাৰীভাৱে অৱসৰ গ্ৰহণলৈ দুটা দিন থকা অৱস্থাতে শিক্ষককেইজনৰ পেঞ্চনৰ যাৱতীয় নথি-পত্ৰসহ আৰ্জিত ছুটীৰ পাব লগা চৰকাৰী ধনৰ নিৰ্দেশনাও তেওঁলোকক প্ৰদান কৰে শিক্ষা বিষয়াগৰাকীয়ে । মৰনৈ আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষক ছায়াদুৰ ৰহমান, ৮০নং শ’লমাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষক প্ৰদীপ দত্ত, ৭৬৬নং তৰাজুলি বনুৱা প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক ভূপেন মৰাং, বাদুলীপাৰা প্ৰাথমিক বিদ্যালয়, জয়পুৰ প্ৰাথমিক বিদ্যালয়, আৰশ চেঙেলী গাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ক্ৰমে প্ৰেমকান্ত বৰা, লক্ষী চন্দ্ৰ বৰুৱা আৰু হৰকান্ত বৰা, টুনিজান বাঁহবাৰী মধ্য ইংৰাজী বিদ্যালয় আৰু এল কে ডি জি মধ্য ইংৰাজী বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী ক্ৰমে যিছী মিঞ্জু আৰু প্ৰদীপ দত্তই অৱসৰ গ্ৰহণ কৰিবলৈ দুটা দিন থকা অৱস্থাতে পেঞ্চন সম্বন্ধীয় নথি-পত্ৰ শিক্ষা বিষয়াৰ পৰা সংগ্ৰহ কৰি উৎফুল্লিত হৈ পৰাৰ লগতে এইক্ষেত্ৰত অৱসৰী শিক্ষকসকলে দীৰ্ঘদিন ধৰি ভোগ কৰি অহা সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষকতাৰ জীৱন সামৰি যাতে এগৰাকী শিক্ষকে পেঞ্চনৰ টকাকেইটাৰ বাবে মানসিক আৰু শাৰীৰিক কষ্টৰ সন্মুখীন নহয়, সেই বিষয়লৈ লক্ষ্য ৰাখি বিহপুৰীয়া শিক্ষাখণ্ডৰ শিক্ষা বিষয়াগৰাকীয়ে লোৱা পদক্ষেপক শলাগ লয় ৷ ইপিনে, বিহপুৰীয়া শিক্ষাখণ্ডত আজি বিহপুৰীয়া মধ্য ইংৰাজী শিক্ষক সংস্থাৰ সম্পাদক পুনেশ্বৰ দাস উপস্থিত হৈ বিহপুৰীয়া শিক্ষাখণ্ডই লোৱা এই পদক্ষেপক শলাগ লোৱাৰ লগতে ভৱিষ্যতেও শিক্ষক সমাজৰ বাবে এই পদক্ষেপ অব্যাহত ৰাখিবলৈ শিক্ষা বিষয়াগৰাকীক আহ্বান জনায় ৷ আনহাতে, অসম চৰকাৰে অৱসৰ গ্ৰহণ কৰাৰ লগে লগে পেঞ্চনৰ সকলো কাম-কাজ তথা নথি-পত্ৰ প্ৰদানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি অহাৰ অংশ স্বৰূপে বিহপুৰীয়া শিক্ষাখণ্ডৰ শিক্ষা বিষয়া আব্দুৰ ৰাজ্জাকে লোৱা এই পদক্ষেপক বিহপুৰীয়াৰ সচেতন ব্যক্তিসকলেও শলাগ লৈছে। ইপিনে, শিক্ষা বিষয়া ৰাজ্জাকেও বিহপুৰীয়াৰ অধীনৰ বিদ্যালয়সমূহৰ শিক্ষকসকলে পেঞ্চনৰ বাবে তিলমানো সমস্যাৰ যাতে সন্মুখীন নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি যাৱতীয় কাম-কাজ ক্ষিপ্ৰতাৰে কৰি যোৱাৰ বিষয়ে সংবাদ মাধ্যমৰ আগত অৱগত কৰে । উল্লেখযোগ্য যে শিক্ষা বিষয়া আব্দুৰ ৰাজ্জাকে বিহপুৰীয়া শিক্ষাখণ্ডৰ লগতে নাৰায়ণপুৰ শিক্ষাখণ্ডতো শিক্ষা বিষয়াৰ দায়িত্ব পালন কৰি আছে।
প্ৰেৰক সঞ্জীৱ দত্ত