নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা আতংকঃ ইটালীৰ মিলানত গুৱাহাটীৰ ছাত্রৰ হাহাকাৰ

নিয়মীয়া বাৰ্তা, ১৮ মার্চঃ ক’ৰোনা ভাইৰাছে এতিয়া সমগ্র বিশ্বতে আতংকৰ সৃষ্টি কৰিছে ৷ চীনত মহামাৰীৰ ৰূপ ধাৰণ কৰা ক’ৰোনা ভাইৰাছে ইটালীতো সন্ত্রাসৰ সৃষ্টি কৰিছে ৷ কিয়নো চীনৰ পিছতেই ইটালীত ক’ৰোনা ভাইৰাছত আক্রান্ত হৈ সর্বাধিক লোকৰ মৃত্যু হৈছে ৷ ইটালীৰ মিলানত অধ্যয়নৰত অসমৰ এজন ছাত্রই সহায় বিচাৰি ছ’চিয়েল মিডিয়া ফেচবুকত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে ৷ মিলানত অধ্যয়নৰত ছাত্রজন গুৱাহাটীৰ শ্বাকিব আহমেদ ৷ শ্বাকিব আহমেদে মুম্বাইৰ হৃষীকেশ নামৰ বন্ধু এজনৰ সৈতে ভিডিঅ’টো প্রস্তুত কৰিছে আৰু ইটালীৰ পৰা উদ্ধাৰ কৰি ভাৰতলৈ অনাৰ ক্ষেত্রত সহায় বিচাৰি কাতৰে আহ্বান জনাইছে ৷ ভিডিঅ’টোত শ্বাকিবে কয়– আমি মিলানত পঢ়ি থকা দুজন ভাৰতৰ ছাত্র ৷ অনুগ্রহ কৰি আমাক ভাৰতলৈ ঘূৰি যোৱাত সহায় কৰক ৷ ইয়াত ঘৰৰ পৰা বাহিৰলৈ ওলোৱাটো নিষিদ্ধ কৰিছে ৷ ঘৰৰ পৰা বাহিৰ ওলালেই ২০০ৰ পৰা ৩০০ ইউৰো অর্থাৎ ভাৰতীয় টকাৰ হিচাপত প্রায় ১৭ হাজাৰ টকা জৰিমনা ভৰিব লাগে ৷ ফলত আমি ঘৰতে আবদ্ধ হৈ থাকিব লগা হৈছে ৷’ শ্বাকিবে পুনৰ কয়– ‘আটাইতকৈ ডাঙৰ কথাটো হ’ল ক’ৰোনা ভাইৰাছত সংক্রমণ হ’লেও হাস্পতালত আমাৰ পৰীক্ষা কৰা নহয় ৷ কাৰণ আমি ভাৰতীয় নাগৰিক ৷ আমি ৰোমত থকা ভাৰতীয় দূতাৱাসত যোগাযোগ কৰিছোঁ ৷ দূতাৱাসৰ তৰফৰ পৰা প্র–পত্র পূৰণ কৰিবলৈ দিছে ৷ এইপর্যন্ত ৫/৬খন প্র–পত্র পূৰণ কৰি সহায় বিচাৰিছোঁ যদিও কোনো সঁহাৰি পোৱা নাই ৷ আমি বিভিন্নজনলৈ ‘ই–মেইল’ কৰিছোঁ যদিও কোনেও আমাক সহায় কৰা নাই ৷ তদুপৰি ইটালীৰ পৰা ভাৰতলৈ যোৱা বিমানৰো একো তথ্য আমাৰ হাতত নাই ৷’ উল্লেখ্য যে ভিডিঅ’টো শ্বেয়াৰ কৰি ছাত্র দুজনে টেগ কৰিছে ইটালীত থকা ভাৰত চৰকাৰৰ বৈদেশিক মন্ত্রালয় আৰু এয়াৰ ইণ্ডিয়াক ৷

You might also like