নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত খাদ্য বিষক্ৰিয়া, বনৰীয়া কাঠফুলা খাই ৮ বছৰীয়া শিশুসহ ১২ লোক অসুস্থ

নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিল : জোনাইৰ অসম অৰুণাচল সীমান্ত জামপানী গাঁৱত বনৰীয়া কাঠফুলা খাই গুৰুতৰভাৱে অসুস্থ এগৰাকী ৮ বছৰীয়া শিশুসহ ১২গৰাকীকৈ লোক। পৰিয়াল লোকে জানিবলৈ দিয়া মতে ঘৰৰ কাষতে থকা বনৰীয়া কাঠফুলা বুটলি আনি ভক্ষণ কৰিছিল গাঁৱৰ কেইবাগৰাকীও লোক। কিন্তু এই বনৰীয়া কাঠফুলা ভক্ষণ কৰাৰ কিছু সময়ৰ পিছতে ব্যক্তিসকলৰ পেটৰ বিষ, বমি, মুৰ ঘুৰণি আদি বিভিন্ন সমস্যাই দেখা দি গুৰুতৰভাৱে অসুস্থ হৈ পৰে। লগে লগে গুৰুতৰভাৱে অসুস্থ ৮গৰাকীক জোনাই অসামৰিক চিকিৎসা আৰু বাকী ৪গৰাকীক ৰুকচিনস্থিত দিবজনী নাৰ্চিং হোমত ভৰ্তি কৰোৱা হয়। ইতিমধ্যে ১২গৰাকী অসুস্থ ব্যক্তিসকলৰ ভিতৰত ৭গৰাকীৰ স্বাস্থ্যৰ কিছু উন্নতি হৈছে যদিও এগৰাকী ৮ বছৰীয়া শিশুসহ ৫গৰাকী লোক এতিয়াও সংকটজনক অৱস্থাত দিবজনী নাৰ্চিং হোমত চিকিৎসাধীন হৈ আছে।
প্ৰেৰক কৰবী দলে
You might also like