পশ্চিমবংগৰ শিক্ষক নিযুক্তি কেলেংকাৰি, চাকৰি বাতিল ২৫,০০০ শিক্ষক/বিদ্যালয় কৰ্মচাৰীৰ
নিউজ ডেস্ক, ৩ এপ্ৰিলঃ পশ্চিমবংগৰ শিক্ষক নিযুক্তি কেলেংকাৰিৰ সন্দৰ্ভত আজি উচ্চতম ন্যায়ালয়ে ৰায় প্ৰদান কৰিছে। মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাৰ বিচাৰপীঠে এই নিযুক্তিত বৃহৎ পৰিসৰৰ ৰিগিং সংঘটিত হোৱা বুলি প্ৰকাশ কৰিছে। কলিকতা উচ্চ ন্যায়ালয়ৰ সিদ্ধান্ততো তেওঁ সন্মতি প্ৰকাশ কৰি কয় যে এই নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে নিযুক্তি পোৱা সকলো শিক্ষকৰ চাকৰি বন্ধ কৰিব লাগে। উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে ২৫ হাজাৰৰো অধিক শিক্ষক/বিদ্যালয় কৰ্মচাৰীৰ চাকৰি।
মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই ৰায় দি কয়- যিসকলে এই চাকৰিৰ আগতে যিকোনো চৰকাৰী বিভাগত কাম কৰি আছিল তেওঁলোকে তালৈ উভতি যাবলৈ আবেদন কৰিব পাৰিব। এনে আবেদন ৩ মাহৰ ভিতৰত বিবেচনা কৰিব লাগে। আনহাতে যিসকলে এতিয়ালৈকে কাম কৰি আছিল তেওঁলোকৰ দৰমহা ঘূৰাই দিয়াৰ প্ৰয়োজন নাই, কিন্তু এই আদেশৰ পিছত তেওঁলোকৰ কাম শেষ। উল্লেখ্য যে এই গোচৰৰ চি বি আইৰ তদন্তৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ আবেদনৰ শুনানি ৪ এপ্ৰিলত হব।