নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গ্ৰাহকৰ সঞ্চিত ধন লৈ পলায়ন কৰা ইউকো বেংকৰ কেচিয়াৰক বিহাৰৰ পৰা কৰায়ত্ত ধুবুৰী আৰক্ষীৰ

নিয়মীয়া বাৰ্তা, ৭ এপ্ৰিলঃ ধুবুৰী চহৰৰ পৰা কাৰ্যৰত তথা ইউকো বেংকৰ দক্ষিণ শালমাৰা শাখাৰ পৰা লাখ লাখ টকা আত্মসাৎ কৰি পলায়ন কৰা বেংকটোৰ কেচিয়াৰগৰাকী অৱশেষত জালত পৰিল আৰক্ষীৰ। জানিব পৰা মতে, ধুবুৰী সদৰ থানাৰ উপ-পৰিদৰ্শক মেহবুব আলীৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটি দলে যোৱাকালি বিহাৰৰ বৈশাখী জিলাৰ সাইদপুৰ ৰাজৌলী নামৰ গাওঁ এখনৰ পৰা কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে শিৱশংকৰ প্ৰসাদ বীণ নামৰ সেই বেংকটোৰ কেচিয়াৰজনক। আজি পুৱা বীণ আৰু তেওঁৰ পৰা উদ্ধাৰ হোৱা নগদ ১০ লাখ টকা ধনসহ ধুবুৰীত আহি উপস্থিত হৈছে আৰক্ষীৰ দলটোৱে। দৰাচলতে জমা দিয়া ধন  নিজৰ বেংক একাউন্টত জমা নোহোৱা পাই কেইবাগৰাকী গ্ৰাহকেও দাখিল কৰাৰ অভিযোগৰ পিছত পোহৰলৈ আহিছিল ঘটনাটো। জানিব পৰা মতে, গ্ৰাহকৰ অভিযোগ পোৱাৰ পিছত বেংক কৰ্তৃপক্ষই নিজাববীয়াকৈ চলোৱা তদন্তৰ পিছত বেংকত প্ৰায় ৩৪ লাখ টকা খেলি-মেলি হোৱা পাইছিল। ইপিনে বিগত ফেব্ৰুৱাৰী মাহৰ পৰা অকষ্মাতে কেচিয়াৰ শিৱশংকৰ প্ৰসাদ বীণে বেংকলৈ অহা বন্ধ কৰিছিল। সমান্তৰালকৈ তেখেতৰ মোবাইল ফোনটোও চুইচ অফ অৱস্থাত থকা পাইছিল বেংকটোৰ শাখা প্ৰৱন্ধক চিৰদীপ পালে। ধুবুৰীৰ স্থানীয় বাসিন্দা তথা তেখেতৰ গৃহত উপস্থিত হৈ বীণ অথবা পৰিয়ালৰ কাৰোৰে শুংসূত্ৰ উলিয়াব পাৰা নাছিল পালে আৰু অৱশেষত ধুবুৰী সদৰ থানাত কেচিয়াৰ শিৱ শংকৰপ্ৰসাদ বীণৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল বেংক কৰ্তৃপক্ষই। সেই এজাহাৰৰ ভিত্তিত তদন্ত চলাই বিশাল অংকৰ ধন লৈ পলায়ন কৰা বীণক বিহাৰৰ এখন ভিতৰুৱা গাওঁৰ পৰা কৰায়ত্ত কৰে আৰক্ষীয়ে। ইপিনে ধৃত বীণৰ পৰা ১০ লাখ টকা উদ্ধাৰ কৰিবলে সক্ষম হ’লেও বাকী প্ৰায় ২৪ লাখ টকাৰ সম্ভেদ এতিয়ালৈ ওলোৱা নাই যদিও আৰক্ষীৰ তদন্তত সেয়া উন্মোচিত হ’ব বুলি আশা কৰা হৈছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like