নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰী ভোলানাথ মহাবিদ্যালয়ত ছাত্ৰ দিৱস উপলক্ষে বিশেষ বক্তৃতা অনুষ্ঠান

নিয়মীয়া বাৰ্তা, ৮ এপ্ৰিলঃ ধুবুৰীৰ ঐতিহ্যমণ্ডিত ভোলানাথ মহাবিদ্যালয় (স্বায়ত্তশাসিত)ৰ আভ্যন্তৰীণ মান নিৰ্ণায়ক কোষৰ উদ্যোগত আৰু অসমীয়া বিভাগৰ সহযোগত আজি মহাবিদ্যালয়খনৰ ডিজিটেল প্ৰেক্ষাগৃহত অসম চৰকাৰৰ ছাত্ৰ দিৱস উপলক্ষে এটি বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হয়। ছাত্ৰনেতা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্জ্বলন আৰু পুষ্পাঞ্জলি প্ৰদানেৰে আজিৰ সেই কাৰ্যসূচী শুভাৰম্ভ কৰে মহাবিদ্যালয়খনৰ উপাধ্যক্ষ ৰীতা বৰাই। অধ্যাপিকা ডঃ পলী বেজবৰুৱাই আঁতধৰা এই অনুষ্ঠানটোত মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ ছাত্ৰ-ছাত্ৰীবৃন্দই সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ “পূজো আহা আই মাতৃ চৰণ তোমাৰ” শীৰ্ষক কালজয়ী গীতটি সমবেত ভাবে পৰিবেশন কৰে। ভোলানাথ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ কিশোৰ কুমাৰ শ্বাহে সভাখনৰ উদ্দেশ্য ব্যাখ্যা তথা আদৰণি ভাষণ প্ৰদান কৰে। ছাত্ৰ নেতা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰে মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডঃ উপেন্দ্ৰজিৎ শৰ্মাই। সভাখনত বিশিষ্ট বক্তা ৰূপে উপস্থিত থকা মহাবিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ ধ্ৰুৱ চক্ৰৱৰ্তীয়ে “ছাত্ৰ নেতা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জীৱন -কৃতি আৰু জাতীয় বৌদ্ধিক সমাজ নিৰ্মাণত ছাত্ৰ সমাজৰ ভূমিকা” শীৰ্ষক বিষয়ৰ ওপৰত প্ৰদান কৰা মনোজ্ঞ ভাষণে উপস্থিত সকলোৰে মন মুহিবলৈ সক্ষম হয়। অনুষ্ঠানটোত স্নাতকোত্তৰ শ্ৰেণীৰ শ্বৰীফ আহমেদ শ্বাহ, বনশ্ৰী দে আৰু অন্যান্য ছাত্ৰ-ছাত্ৰীবৃন্দই দেশপ্ৰেমমূলক কবিতা আবৃত্তি কৰে। বক্তৃতানুষ্ঠানত মহাবিদ্যালয়খনৰ অধ্যাপক-অধ্যাপিকা ডঃ সুস্মিতা সেনগুপ্ত, ডঃ চন্দ্ৰশেখৰ উপাধ্যায়, ডঃ কৰুণাকান্ত দাস, ডঃ অলকা শৰ্মা,শছাইফুল হাচান, ডঃ জগদ্বীপেন্দু ৰায়, ভৃগুমণি নাথ সমন্বিতে বহু ছাত্ৰ -ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। সহকাৰী অধ্যাপিকা দেৱশ্ৰী ৰায়ে আগবঢ়োৱা শলাগৰ শৰাই পিছত জাতীয় সংগীত পৰিবেশনেৰে আজিৰ সেই বিশেষ কাৰ্যসূচী সামৰণি পৰে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like